--°C
Loading...
Listen to Article
2 min read
80%

গাজীপুৰ : কিছুদিনৰ পূৰ্বে গংগাৰে শৱদেহ উটি অহাক লৈ সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি হৈছিল। ক’ভিড আক্ৰান্তৰ মৃতদেহ বুলি সন্দেহ কৰা এই শৱদেহবোৰক লৈ চাপৰ সন্মুখীন হৈছিল উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ। এইবাৰ উত্তৰপ্ৰদেশত ঘটিছে আন এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ গংগাৰ বুকুৰে উটি আহিছে এটি নৱজাতক কন্যা। গাজীপুৰৰ বদ্ৰী ঘাটৰ সমীপত এটা কাঠৰ বাকচত ভৰাই উটুৱাই দিয়া কন্যা শিশুটিক উদ্ধাৰ কৰে এজন নাৱৰীয়াই।

আৰু পঢ়িব পাৰিব : দেশত প্ৰস্তুত হৈ আছে ‘গেম চেঞ্জাৰ’ প্ৰতিষেধক, অক্টোবৰত হ’ব সুলভ!

গুল্লু চৌধুৰী নামৰ নাৱৰীয়াগৰাকীয়ে গংগাত উটি অহা শিশুটিক দেখা পায় আৰু উদ্ধাৰ কৰে। গুল্লু চৌধুৰীয়ে শিশুটিত গংগাৰ উপহাৰ বুলি গন্য কৰাৰ কথা প্ৰকাশ কৰিছে আৰু শিশুটিক নিজৰ লগত ৰখাৰ আগ্ৰহ প্ৰকাশ কৰিছে। নৱজাতিকাক যিটো কাঠৰ বাকচত ভৰাই উটুৱাই দিয়া হৈছিল তাত বিভিন্ন দেৱ-দেৱীৰ আলোকচিত্ৰ লগাই থোৱাৰ লগতে শিশুটিৰ জন্মপত্ৰিকাও থৈ দিয়া আছিল। আৰক্ষীয়ে শিশুটি উদ্ধাৰ হোৱাৰ কথা অৱগত হোৱাৰ পাছত শিশুটিত জিলা চিকিৎসালয়ত ভৰ্তি কৰায়। শিশুটি কাৰ জিম্মাত ৰখা হ’ব সেই বিষয়ে আৰক্ষীয়ে একো প্ৰকাশ কৰা নাই।

আৰু পঢ়িব পাৰিব : আতংক : গংগাৰে উটি আহিছে ক’ভিড আক্ৰান্তৰ মৃতদেহ

শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে শিশুটিৰ অভিভাৱককক বিচাৰি উলিওৱাৰ বাবেও আৰক্ষীয়ে চেষ্টা কৰিব বুলি প্ৰকাশ কৰিছে। আনহাতে, শিশুটিক উদ্ধাৰ কৰা নাৱৰীয়াজনক প্ৰশংসা কৰিছে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে। শিশুটিৰ আপদালৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী আদিত্যনাথে নাৱৰীয়াজনক কৃতজ্ঞতাৰ চিনস্বৰূপে উপযুক্ত চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু