--°C
Loading...
Listen to Article
2 min read
80%

গাজীপুৰ : কিছুদিনৰ পূৰ্বে গংগাৰে শৱদেহ উটি অহাক লৈ সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি হৈছিল। ক’ভিড আক্ৰান্তৰ মৃতদেহ বুলি সন্দেহ কৰা এই শৱদেহবোৰক লৈ চাপৰ সন্মুখীন হৈছিল উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ। এইবাৰ উত্তৰপ্ৰদেশত ঘটিছে আন এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ গংগাৰ বুকুৰে উটি আহিছে এটি নৱজাতক কন্যা। গাজীপুৰৰ বদ্ৰী ঘাটৰ সমীপত এটা কাঠৰ বাকচত ভৰাই উটুৱাই দিয়া কন্যা শিশুটিক উদ্ধাৰ কৰে এজন নাৱৰীয়াই।

আৰু পঢ়িব পাৰিব : দেশত প্ৰস্তুত হৈ আছে ‘গেম চেঞ্জাৰ’ প্ৰতিষেধক, অক্টোবৰত হ’ব সুলভ!

গুল্লু চৌধুৰী নামৰ নাৱৰীয়াগৰাকীয়ে গংগাত উটি অহা শিশুটিক দেখা পায় আৰু উদ্ধাৰ কৰে। গুল্লু চৌধুৰীয়ে শিশুটিত গংগাৰ উপহাৰ বুলি গন্য কৰাৰ কথা প্ৰকাশ কৰিছে আৰু শিশুটিক নিজৰ লগত ৰখাৰ আগ্ৰহ প্ৰকাশ কৰিছে। নৱজাতিকাক যিটো কাঠৰ বাকচত ভৰাই উটুৱাই দিয়া হৈছিল তাত বিভিন্ন দেৱ-দেৱীৰ আলোকচিত্ৰ লগাই থোৱাৰ লগতে শিশুটিৰ জন্মপত্ৰিকাও থৈ দিয়া আছিল। আৰক্ষীয়ে শিশুটি উদ্ধাৰ হোৱাৰ কথা অৱগত হোৱাৰ পাছত শিশুটিত জিলা চিকিৎসালয়ত ভৰ্তি কৰায়। শিশুটি কাৰ জিম্মাত ৰখা হ’ব সেই বিষয়ে আৰক্ষীয়ে একো প্ৰকাশ কৰা নাই।

আৰু পঢ়িব পাৰিব : আতংক : গংগাৰে উটি আহিছে ক’ভিড আক্ৰান্তৰ মৃতদেহ

শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে শিশুটিৰ অভিভাৱককক বিচাৰি উলিওৱাৰ বাবেও আৰক্ষীয়ে চেষ্টা কৰিব বুলি প্ৰকাশ কৰিছে। আনহাতে, শিশুটিক উদ্ধাৰ কৰা নাৱৰীয়াজনক প্ৰশংসা কৰিছে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে। শিশুটিৰ আপদালৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী আদিত্যনাথে নাৱৰীয়াজনক কৃতজ্ঞতাৰ চিনস্বৰূপে উপযুক্ত চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ