--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ প্ৰতিষেধক অভিযানত এক চমৎকাৰ সংযোজন ঘটিবলৈ গৈ আছে। প্ৰতিষেধকৰ নাটনি তথা প্ৰতিষেধকৰ দুটা পালিৰ মাজৰ ব্যৱধান আদিৰ দৰে বিতৰ্ক দেশত চলি থকাৰ মাজতে এক সুখবৰ আহিছে দেশীয়ভাৱে নিৰ্মিত প্ৰতিষেধকক লৈ। ভাৰত বায়’লজিকেল-ইৰ ক’ভিড প্ৰতিষেধক ৯০শতাংশ কাৰ্যকৰী হ’ব বুলি প্ৰকাশ আশা কৰা হৈছে। দেশৰ ক’ভিড পৰিস্থিতিত ই এক গেম চেঞ্জাৰৰ ভূমিকাত অৱতীৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

আৰু পঢ়িব পাৰিব : আতংক : গংগাৰে উটি আহিছে ক’ভিড আক্ৰান্তৰ মৃতদেহ

চৰকাৰী পৰামৰ্শদাতা কমিটীৰ এগৰাকী শীৰ্ষ চিকিৎসা বিশেষজ্ঞই এইকথা প্ৰকাশ কৰিছে। কেন্দ্ৰৰ ক’ভিড ৱৰ্কিং গ্ৰুপৰ মুৰব্বী ডাঃ এন কে অৰোৰাই এই সুখবৰৰ কথা প্ৰকাশ কৰি কয়, এই প্ৰতিষেধক তৃতীয় ক্লিনিকেল ট্ৰায়েল পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু অক্টোবৰৰ পৰা ই সুলভ হোৱাৰ সম্ভাৱনা আছে। ডাঃ অৰোৰাই প্ৰকাশ কৰে যে, বায়’লজিকেল-ইৰ প্ৰতিষেধকবিধ কোৰবেভাক্স নামেৰে জনা যাব।

আৰু পঢ়িব পাৰিব : ইমানদিন অকলে থাকিও ৰক্ষা নাপালোঁ… এগৰাকী লেখিকাৰ আক্ষেপ

ই নোভাভাক্স নামৰ প্ৰতিষেধকবিধৰ অনুৰূপ এক প্ৰতিষেধক আৰু নোভাভাক্সৰ দৰেই ইয়াৰ কাৰ্যকৰিতা ৯০শতাংশ হ’ব বুলি আশা কৰা হৈছে।নোভাভাক্স প্ৰতিষেধক ভাৰতত উৎপাদন কৰিব ছেৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই। হায়দৰাবাদৰ প্ৰতিষেধক নিৰ্মাণকাৰী প্ৰতিষ্ঠান বায়’লজিকেল-ইএ প্ৰস্তুত কৰা এই প্ৰতিষেধক অতি কম দামত লাভ কৰাৰ সম্ভাৱনাৰ কথাও তেওঁ ব্যক্ত কৰে। এই প্ৰতিষেধকৰ দুটা পালি ২৫০টকাত লাভ কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ