--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ প্ৰতিষেধক অভিযানত এক চমৎকাৰ সংযোজন ঘটিবলৈ গৈ আছে। প্ৰতিষেধকৰ নাটনি তথা প্ৰতিষেধকৰ দুটা পালিৰ মাজৰ ব্যৱধান আদিৰ দৰে বিতৰ্ক দেশত চলি থকাৰ মাজতে এক সুখবৰ আহিছে দেশীয়ভাৱে নিৰ্মিত প্ৰতিষেধকক লৈ। ভাৰত বায়’লজিকেল-ইৰ ক’ভিড প্ৰতিষেধক ৯০শতাংশ কাৰ্যকৰী হ’ব বুলি প্ৰকাশ আশা কৰা হৈছে। দেশৰ ক’ভিড পৰিস্থিতিত ই এক গেম চেঞ্জাৰৰ ভূমিকাত অৱতীৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

আৰু পঢ়িব পাৰিব : আতংক : গংগাৰে উটি আহিছে ক’ভিড আক্ৰান্তৰ মৃতদেহ

চৰকাৰী পৰামৰ্শদাতা কমিটীৰ এগৰাকী শীৰ্ষ চিকিৎসা বিশেষজ্ঞই এইকথা প্ৰকাশ কৰিছে। কেন্দ্ৰৰ ক’ভিড ৱৰ্কিং গ্ৰুপৰ মুৰব্বী ডাঃ এন কে অৰোৰাই এই সুখবৰৰ কথা প্ৰকাশ কৰি কয়, এই প্ৰতিষেধক তৃতীয় ক্লিনিকেল ট্ৰায়েল পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু অক্টোবৰৰ পৰা ই সুলভ হোৱাৰ সম্ভাৱনা আছে। ডাঃ অৰোৰাই প্ৰকাশ কৰে যে, বায়’লজিকেল-ইৰ প্ৰতিষেধকবিধ কোৰবেভাক্স নামেৰে জনা যাব।

আৰু পঢ়িব পাৰিব : ইমানদিন অকলে থাকিও ৰক্ষা নাপালোঁ… এগৰাকী লেখিকাৰ আক্ষেপ

ই নোভাভাক্স নামৰ প্ৰতিষেধকবিধৰ অনুৰূপ এক প্ৰতিষেধক আৰু নোভাভাক্সৰ দৰেই ইয়াৰ কাৰ্যকৰিতা ৯০শতাংশ হ’ব বুলি আশা কৰা হৈছে।নোভাভাক্স প্ৰতিষেধক ভাৰতত উৎপাদন কৰিব ছেৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই। হায়দৰাবাদৰ প্ৰতিষেধক নিৰ্মাণকাৰী প্ৰতিষ্ঠান বায়’লজিকেল-ইএ প্ৰস্তুত কৰা এই প্ৰতিষেধক অতি কম দামত লাভ কৰাৰ সম্ভাৱনাৰ কথাও তেওঁ ব্যক্ত কৰে। এই প্ৰতিষেধকৰ দুটা পালি ২৫০টকাত লাভ কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু