--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ২২ মার্চত আৰম্ভ হ'ব আই পি এল। ঐশ্বর্যশালী প্রতিযোগিতাখনত প্রথম দিনাই খেলপথাৰত নামিব বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)। সিদিনাৰ পৰাই আই পি এলত প্রথম খিতাপ তুলি ধৰাৰ অভিযানত নামিব আৰ চি বি। 

তাৰ মাজতে এইবাৰৰ আই পি এলত ব্যক্তিগতভাৱে একাধিক অভিলেখ প্রতিষ্ঠাৰ সুযোগ লাভ কৰিব কোহলীয়ে। পিছে পৰিসংখ্যাৰ দিশেৰে কোহলীক আই পি এলৰ সবাতোকৈ সফল ক্রিকেটাৰ হিচাপে অনেকেই চিহ্নিত কৰিব খোজে। 

এইবাৰ কোহলীয়ে ইনিংছ খেলাৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ব। সেই তালিকাত ৬৬টা অর্ধ-শতৰানেৰে শীৰ্ষত আছে ডেভিদ ৱার্নাৰ। কোহলীয়ে আৰু তিনিটা অর্ধ-শতৰান গোটাব পাৰিলেই ৱাৰ্নাৰৰ অভিলেখ ভংগ কৰিব পাৰিব। আনহাতে, ফিল্ডাৰ হিচাপে সর্বাধিক কেচ ধৰাৰ ৰেকৰ্ড প্রতিষ্ঠা কৰিব পাৰিব তাৰকা বেটাৰগৰাকীয়ে। এই পর্যন্ত সেই ৰেকৰ্ডৰ গৰাকী হৈ আছে এ বি ডে ভিলিয়াছ (১১৮টা কেচ)। কোহলীক সেই (১১৪) ৰেকৰ্ড ভাঙিবলৈ আন ৫টা কেচৰ প্ৰয়োজন আছে। যোৱা ছিজনত কোহলীয়ে ৮টা কেচ আয়ত্ত কৰিছিল। ইফালে, আই পি এলত ১০০০ বাউণ্ডেৰী কোবোৱা প্ৰথমগৰাকী ক্রিকেটাৰ হোৱাৰ গৌৰৱ অৰ্জনৰ পথত আগুৱাই আছে কোহলী। 

সম্প্রতি তেওঁৰ নামত আছে ৯৭৭টা বাউণ্ডেৰী। ইয়াৰ মাজত আছে ৭০৫টা চাৰি আৰু ২৭২টা ছিক্সাৰ। কোহলীক প্রয়োজন আন ২৩ চাৰিৰ। ইয়াৰ উপৰি টি-২০ সংস্কৰণত ১৩,০০০ ৰান কৰা প্ৰথমগৰাকী ভাৰতীয় ক্রিকেটাৰ হোৱাৰ সুযোগ লাভ কৰিছে কোহলীয়ে। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত সেই ৰেকৰ্ড স্থাপনৰ বাবে আই পি এলেই ভৰসা কোহলীৰ বাবে। এইবাৰৰ আই পি এলত ২৯৩ ৰান কৰিলেই ৰেকৰ্ডৰ গৰাকী হ'ব কোহলী।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ