--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত এতিয়াও অব্যাহত ক’ভিড ১৯ মহামাৰীৰ বিভীষিকা। অৱশ্যে দৈনিক আক্ৰান্তৰ সংখ্যা পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে যদিও দেশবাসীয়ে এতিয়াও এই মহামাৰীৰ বাবে শংকিত হৈ আছে। এনে পৰিপ্ৰেক্ষিতত কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

দিল্লীত আজি গণেশ চতুৰ্থীৰ উপলক্ষে সন্ধিয়া যি ৰীতি-নীতি আয়োজন কৰিব সেই সকলোবোৰ অনুষ্ঠান পোনপটীয়াকৈ নিৰ্দিষ্ট কেইটামান চেনেলত সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব, যাতে সকলোৱে নিজৰ ঘৰতে থাকি গণেশ চতুৰ্থীৰ মাংগলিক কাৰ্যসূচীত অংশ ল'ব পাৰে। উল্লেখ্য যে, দিল্লীৰ দুৰ্যোগ-বৱস্থাপনা বিভাগে ক’ভিড মহামাৰীৰ বাবে সকলোধৰণৰ জনসমাগম নিষিদ্ধ কৰি ৰাখিছে তেনেস্থলত কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপৰ প্ৰতি দিল্লীবাসীয়ে সমৰ্থন জনাইছে।


কেজৰিৱালে কয় যে, ‘ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজখন এতিয়াও শেষ হোৱা নাই আৰু ইয়াৰ কাৰণে আমাৰ সকলোৰে সহযোগিতা লাগিব। জনসাধাৰণৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে সামূহিক উৎসৱ পতাৰ অনুমতি দিব পৰা নাই, সেয়েহে আমি ঘৰে ঘৰে সম্প্ৰচাৰ হোৱাকৈ গণেশ আৰতিৰ আয়োজন কৰিছোঁ আৰু সকলো লোককে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।’
সন্ধিয়া ৭ বজাৰ পৰা সম্প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানটোত মুখ্যমন্ত্ৰী কেজৰিৱালসহ চৰকাৰৰ সকলো মন্ত্ৰী-বিষয়াই অংশগ্ৰহণ কৰিব লগতে জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱেন আৰু সুৰেশ ৱাডকাৰে সংগীত পৰিৱেশন কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক