--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শুকুৰবাৰে জম্মুত ৰাহুল গান্ধীয়ে এখনি সভাত উপস্থিত কংগ্ৰেছ কৰ্মীসকলক জয় মাতা দি ধ্বনি দিবলৈ আহ্বান জনালে। হয় ঠিকেই পঢ়িছে, সততে বিজেপি দলক ধৰ্মীয় আৱেগক সম্বল হিচাপে লৈ ৰাজনীতি কৰাৰ অভিযোগেৰে থকা সৰকা কৰা কংগ্ৰেছৰ যুৱৰাজৰ মুখত এতিয়া শুনা গৈছে “জয় মাতা দি” ধ্বনি।আৰু ইয়াৰ পিছতে তেওঁ উপস্থিত কৰ্মকৰ্তাক কয় , “ বোলিয়ে, বোলিয়ে” অৰ্থাৎ “কওঁক, কওঁক”!

যি নহওঁক, এই খবৰ দেখাত তেনেই সাধাৰণ যেন লাগিলেও ইয়াৰ কিন্তু আছে বিশেষ ইংগিত। নক’লেও চলে যে বিজেপিৰ গোড়া হিন্দুত্ববাদী ৰাজনীতিৰ আগ্ৰাসনত ইতিমধ্যেই দেশজুৰি বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ। ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে বিজেপিয়ে বিৰোধী দলৰ কঁকাল ভাঙি পেলাইছে। এনে সময়ত আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহে বিজেপিক অঞ্চলবিশেষে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’লেও ধৰাশায়ী হৈ পৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছ। নক’লেও চলে ধৰ্মীয় সংখ্যালঘুৰ প্ৰতি দৰদেৰে কংগ্ৰেছে স্বাধীনতাৰ দিন ধৰি চলাই থকা ৰাজনীতিৰ শিপা একপ্ৰকাৰ উভালি পেলাইছে বিজেপিৰ আগ্ৰাসী হিন্দুত্ববাদী ৰাজনীতিয়ে। এনে প্ৰেক্ষাপটতে সলনি হ’বলৈ লৈছে নেকি কংগ্ৰেছৰো ৰণনীতি? ধৰ্মনিৰপেক্ষতাৰ আওতাৰ বাহিৰলৈ আহি কংগ্ৰেছেও এতিয়া আৰম্ভ কৰিব নেকি উগ্ৰ নহ’লেও নৰম হিন্দুত্বৰ ৰাজনীতি? জম্মুত ৰাহুলৰ বিশেষ আহ্বানে এনে কিছু ইংগিতো নিদিয়া নহয়।

গান্ধীয়ে সভাত কয়, “ মই এগৰাকী কাশ্মীৰি পণ্ডিত। মোৰ পৰিয়াল হ’ল কাশ্মীৰি পণ্ডিতৰ। কাশ্মীৰি পণ্ডিতৰ এটি সঁজাতি দলে মোক সাক্ষাৎ কৰি কৈছে যে কংগ্ৰেছৰ শাসনত কাশ্মীৰি পণ্ডিতৰ বাবে বিজেপি শাসনতকৈ বহু বেছি সংখ্যক আঁচনি কাৰ্যকৰী কৰা হৈছিল”।
নিসন্দেহে যুৱৰাজ ৰাহুলৰ এই কথাবোৰো ওপৰত উল্লেখিত সন্দেহৰ সৈতে সাঙুৰি লৈ বিচাৰ কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক