--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শুকুৰবাৰে জম্মুত ৰাহুল গান্ধীয়ে এখনি সভাত উপস্থিত কংগ্ৰেছ কৰ্মীসকলক জয় মাতা দি ধ্বনি দিবলৈ আহ্বান জনালে। হয় ঠিকেই পঢ়িছে, সততে বিজেপি দলক ধৰ্মীয় আৱেগক সম্বল হিচাপে লৈ ৰাজনীতি কৰাৰ অভিযোগেৰে থকা সৰকা কৰা কংগ্ৰেছৰ যুৱৰাজৰ মুখত এতিয়া শুনা গৈছে “জয় মাতা দি” ধ্বনি।আৰু ইয়াৰ পিছতে তেওঁ উপস্থিত কৰ্মকৰ্তাক কয় , “ বোলিয়ে, বোলিয়ে” অৰ্থাৎ “কওঁক, কওঁক”!

যি নহওঁক, এই খবৰ দেখাত তেনেই সাধাৰণ যেন লাগিলেও ইয়াৰ কিন্তু আছে বিশেষ ইংগিত। নক’লেও চলে যে বিজেপিৰ গোড়া হিন্দুত্ববাদী ৰাজনীতিৰ আগ্ৰাসনত ইতিমধ্যেই দেশজুৰি বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ। ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে বিজেপিয়ে বিৰোধী দলৰ কঁকাল ভাঙি পেলাইছে। এনে সময়ত আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহে বিজেপিক অঞ্চলবিশেষে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’লেও ধৰাশায়ী হৈ পৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছ। নক’লেও চলে ধৰ্মীয় সংখ্যালঘুৰ প্ৰতি দৰদেৰে কংগ্ৰেছে স্বাধীনতাৰ দিন ধৰি চলাই থকা ৰাজনীতিৰ শিপা একপ্ৰকাৰ উভালি পেলাইছে বিজেপিৰ আগ্ৰাসী হিন্দুত্ববাদী ৰাজনীতিয়ে। এনে প্ৰেক্ষাপটতে সলনি হ’বলৈ লৈছে নেকি কংগ্ৰেছৰো ৰণনীতি? ধৰ্মনিৰপেক্ষতাৰ আওতাৰ বাহিৰলৈ আহি কংগ্ৰেছেও এতিয়া আৰম্ভ কৰিব নেকি উগ্ৰ নহ’লেও নৰম হিন্দুত্বৰ ৰাজনীতি? জম্মুত ৰাহুলৰ বিশেষ আহ্বানে এনে কিছু ইংগিতো নিদিয়া নহয়।

গান্ধীয়ে সভাত কয়, “ মই এগৰাকী কাশ্মীৰি পণ্ডিত। মোৰ পৰিয়াল হ’ল কাশ্মীৰি পণ্ডিতৰ। কাশ্মীৰি পণ্ডিতৰ এটি সঁজাতি দলে মোক সাক্ষাৎ কৰি কৈছে যে কংগ্ৰেছৰ শাসনত কাশ্মীৰি পণ্ডিতৰ বাবে বিজেপি শাসনতকৈ বহু বেছি সংখ্যক আঁচনি কাৰ্যকৰী কৰা হৈছিল”।
নিসন্দেহে যুৱৰাজ ৰাহুলৰ এই কথাবোৰো ওপৰত উল্লেখিত সন্দেহৰ সৈতে সাঙুৰি লৈ বিচাৰ কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান