--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: আধুনিক নাৰী মহাকাশলৈ গৈছে। আধুনিক নাৰীয়ে শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰতে অকল্পনীয় উৎকৰ্ষ সাধন কৰিছে। এনে সময়তে তালিবানৰ দ্বিতীয় সংস্কৰণ আহি গ’ল বুলি দাবী কৰা মহলৰ বাবে এটি হতাশাৰ খবৰ- - তালিবানী প্ৰবক্তা জেকৰুল্লাহ হাছিমিয়ে কৈছে,“মহিলা কেতিয়াও মন্ত্ৰী হ’ব নোৱাৰে, তেওঁলোকৰ কাম কেৱল সন্তান জন্ম দিয়া”।


ট’ল’ নিউজ নামৰ এক সংবাদ প্ৰতিষ্ঠানে আফগানিস্তান চৰকাৰত মহিলা মন্ত্ৰী অন্তৰ্ভুক্ত নকৰাৰ প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰ দি প্ৰবক্তা গৰাকীয়ে লগতে কয় যে, “মহিলা এগৰাকীক মন্ত্ৰীত্বৰ বাব দিয়া আৰু তেওঁৰ গলধনত বহন কৰিব নোৱাৰা ধৰণৰ ভৰ আঁৰি দিয়া একেই কথা। কেবিনেটত নাৰীৰ উপস্থিতি জৰুৰী নহয়।”
সাক্ষাৎ গ্ৰহণকাৰীগৰাকীয়ে তেতিয়া তেওঁক ওলোটাই প্ৰশ্ন কৰি কয় যে- - “কিন্তু মহিলাসকলে সমাজৰ অৰ্ধেক অংশক প্ৰতিনিধিত্ব কৰে”!


হাছিমিয়ে উত্তৰত কয়,“আমি তেওঁলোকক সমাজৰ আধা বুলি গণ্য নকৰো। কেনেকুৱা ধৰণৰ অৰ্ধেক? অৰ্ধৰ অৰ্থ কেৱল এয়াই নে যে আপুনি তেওঁলোকক কেবিনেটত স্থান দিয়ক আৰু ইয়াতকৈ অধিক একো নহয়?আৰু যদিহে আপুনি তেওঁৰ অধিকাৰ ভংগ কৰে তেন্তে আপত্তি কৰিবলগীয়া একো নাই নেকি?বিগত ২০ টা বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ তলতীয়া আফগান চৰকাৰখনে কাৰ্যালয়বোৰত মুকলি বেশ্যামিৰ বাহিৰে কি কৰিছিল”?
তেতিয়া ট’ল’ নিউজৰ সাংবাদিকে প্ৰতিবাদ কৰি কয় যে আপুনি প্ৰতিগৰাকী আফগান নাৰীক বেশ্যা বুলি উপলুঙা কৰিব নোৱাৰে।


হাছিমিয়ে কয়,”ৰাজপথত প্ৰতিবাদ কৰা চাৰিগৰাকী মহিলাই সকলো আফগান নাৰীকে প্ৰতিনিধিত্ব নকৰে।আফগানিস্তানৰ নাৰী হ’ল সেইসকল যিসকলে জন্ম দিছে আফগানিস্তানৰ জনগণক, যিসকলে তেওঁলোকক শিক্ষিত কৰিছে ইছ্লামিক আদৰ্শেৰে”!
যি নহওঁক, হাছিমিৰ এই বক্তব্যই তালিবানে দাবী কৰি অহা ইয়াৰ সংশোধিত ৰূপটো যে কেৱল এক আৱৰণ আৰু চৰম মিথ্যাচাৰ সেয়াই উদঙাই দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক