--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৫ চনত পৰৱৰ্তী ৰাষ্ট্ৰীয় লোকপিয়ল আৰম্ভ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। ২০২৫ চনৰ পৰা ২০২৬ চনলৈ লোকপিয়ল চলিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ তাৰ পাছত চৰকাৰে সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণৰ বাবে সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আগবঢ়াই নিব বুলি সদৰি কৰিছে। আৰু লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পাছত চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

চৰকাৰৰ লোকপিয়ল সন্দৰ্ভত কৰা ঘোষণাৰ পাছতে জাতি লোকপিয়ল সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে। প্ৰবীণ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই বিষয়ত মত প্ৰকাশ কৰি ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্টত কয় যে, জাতি লোকপিয়ল কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যকাল বৃদ্ধিৰ বিষয়ে শেহতীয়াকৈ অৱগত কৰা হৈছে। অৱশেষত ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া লোকপিয়ল এতিয়া অতি সোনকালে সম্পন্ন হ’ব।

প্ৰবীণ নেতাগৰাকীয়ে লোকপিয়ল সন্দৰ্ভত এতিয়াও দুটা গুৰুত্বপূৰ্ণ বিষয়ত  কোনো স্পষ্টতা নাই বুলি লোকপিয়ল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে যে, ১৯৫১ চনৰ পৰা প্ৰতিটো লোকপিয়লত যি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি গণনা কৰা হৈছে, ইয়াৰোপৰি নতুন লোকপিয়লত দেশৰ সকলো জাতিৰ বিশদ গণনা অন্তৰ্ভুক্ত হ’বনে?

দ্বিতীয়তে ভাৰতীয় সংবিধান অনুসৰি এনে জাতি জনগণনা কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। সংবিধানৰ ৮২ নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি এই লোকপিয়লৰ জৰিয়তে লোকসভাত প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’বনে? এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ শীঘ্ৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে প্ৰবীণ কংগ্ৰেছ নেতা গৰাকীয়ে?

কংগ্ৰেছ নেতা মণিকম ঠাকুৰে,কেন্দ্ৰীয় চৰকাৰে জাতি লোকপিয়ল কৰিবলৈ অস্বীকাৰ কৰাটো অন্যান্য পিছপৰা জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ দৰে বুলি বক্তব্য প্ৰদান কৰিছে৷  লগতে কয় ৰাহুল গান্ধীয়ে জাতি লোকপিয়লৰ পোষকতা কৰি আহিছে আৰু কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহে তেন্তে জাতি লোকপিয়ল কৰা হ’ব বুলি মত প্ৰকাশ কৰিছে। কেন্দ্ৰ চৰকাৰ এই ঘোষণাৰ পাছতে এইদৰে সৰৱ হৈ পৰা দেখা গ’ল বৰোধী শিবিৰ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম