--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৫ চনত পৰৱৰ্তী ৰাষ্ট্ৰীয় লোকপিয়ল আৰম্ভ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। ২০২৫ চনৰ পৰা ২০২৬ চনলৈ লোকপিয়ল চলিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ তাৰ পাছত চৰকাৰে সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণৰ বাবে সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আগবঢ়াই নিব বুলি সদৰি কৰিছে। আৰু লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পাছত চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

চৰকাৰৰ লোকপিয়ল সন্দৰ্ভত কৰা ঘোষণাৰ পাছতে জাতি লোকপিয়ল সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে। প্ৰবীণ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই বিষয়ত মত প্ৰকাশ কৰি ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্টত কয় যে, জাতি লোকপিয়ল কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যকাল বৃদ্ধিৰ বিষয়ে শেহতীয়াকৈ অৱগত কৰা হৈছে। অৱশেষত ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া লোকপিয়ল এতিয়া অতি সোনকালে সম্পন্ন হ’ব।

প্ৰবীণ নেতাগৰাকীয়ে লোকপিয়ল সন্দৰ্ভত এতিয়াও দুটা গুৰুত্বপূৰ্ণ বিষয়ত  কোনো স্পষ্টতা নাই বুলি লোকপিয়ল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে যে, ১৯৫১ চনৰ পৰা প্ৰতিটো লোকপিয়লত যি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি গণনা কৰা হৈছে, ইয়াৰোপৰি নতুন লোকপিয়লত দেশৰ সকলো জাতিৰ বিশদ গণনা অন্তৰ্ভুক্ত হ’বনে?

দ্বিতীয়তে ভাৰতীয় সংবিধান অনুসৰি এনে জাতি জনগণনা কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। সংবিধানৰ ৮২ নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি এই লোকপিয়লৰ জৰিয়তে লোকসভাত প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’বনে? এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ শীঘ্ৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে প্ৰবীণ কংগ্ৰেছ নেতা গৰাকীয়ে?

কংগ্ৰেছ নেতা মণিকম ঠাকুৰে,কেন্দ্ৰীয় চৰকাৰে জাতি লোকপিয়ল কৰিবলৈ অস্বীকাৰ কৰাটো অন্যান্য পিছপৰা জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ দৰে বুলি বক্তব্য প্ৰদান কৰিছে৷  লগতে কয় ৰাহুল গান্ধীয়ে জাতি লোকপিয়লৰ পোষকতা কৰি আহিছে আৰু কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহে তেন্তে জাতি লোকপিয়ল কৰা হ’ব বুলি মত প্ৰকাশ কৰিছে। কেন্দ্ৰ চৰকাৰ এই ঘোষণাৰ পাছতে এইদৰে সৰৱ হৈ পৰা দেখা গ’ল বৰোধী শিবিৰ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়