--°C
Loading...
Listen to Article
2 min read
80%
মেষ : কৰ্মক্ষেত্ৰত ইতিবাচক পৰিস্থিতি থাকিব। আপোনাৰ কামৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এয়া উচিত সময়। সময়ৰ অপব্যয় নকৰিব। শুভ সংখ্যা-২, শুভ ৰং- বগা।

বৃষ : অৰ্থ বিনিয়োগৰ কথা ভাবিছে যদি সেয়া বৰ্তমানে স্থগিত ৰাখক। ধন বিনিয়োগৰ বাবে এয়া উচিত সময় নহয়। আজিৰ দিনটোত যাত্ৰা এৰাই চলক। শুভ সংখ্যা- ৪, শুভ ৰং- হালধীয়া।

মিথুন : মানসিকভাৱে নিজকে সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত ৰাখক। কৰ্মক্ষেত্ৰত আপোনাৰ সৰলতাৰ অপপ্ৰয়োগ হ’ব পাৰে সাৱধান হওক। শুভ সংখ্যা-৬, শুভ ৰং- হালধীয়া।

কৰ্কট : দীৰ্ঘদিনৰ পৰিশ্ৰমৰ আজি উচিত ফল লাভ কৰাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব। পৰিয়ালৰো সমৰ্থন লাভ কৰিব। শুভ সংখ্যা-৮, শুভ ৰং-আকাশী নীলা।

সিংহ : সকলো মনে ভবা ধৰণে নহ’বও পাৰে, বিচলিত নহব, এয়া সাময়িক। আপোনাৰ ব্যক্তিত্বই অন্য লোকক প্ৰভাৱিত কৰিব। ভাবি গুণি কামত আগবাঢ়ক। শুভ সংখ্যা- ১, শুভ ৰং- মেৰুণ।

কন্যা : নতুন নতুন যোগাযোগ হ’ব পাৰে, যিয়ে আপোনাক আজি নহলেও ভৱিষ্যতে সহায় কৰিব। স্বাস্থ্য সম্পৰ্কে সচেতন থাকক। শিক্ষাৰ ক্ষেত্ৰত ভাল। শুভ সংখ্যা-৭, শুভ ৰং- সেউজীয়া।

তুলা : প্ৰেম তথা পাৰিবাৰিক দিশত আজি ভাল। বিবাহপ্ৰাৰ্থীৰ বিবাহৰ কথা বতৰা আগবাঢ়িব। ব্যৱসায়ত বা চাকৰিত কামৰ চাপ কম থাকিব। শুভ সংখ্যা-২, শুভ ৰং- নীলা।

বৃশ্চিক : আৰ্থিক দিশত আজি এইসকল ৰাশিৰ লোকৰ ভাল। মনৰ কথা শুনি চলাৰ চেষ্টা কৰক। ক্ৰোধ সম্বৰণৰ বাবে চেষ্টা কৰিব। শুভ সংখ্যা- ১,শুভ ৰং- বেঙুনীয়া।

ধনু : আজি নৱেম্বৰৰ পহিলা দিনটোৰ ভ্ৰমণৰ যোগ আছে। যিয়ে লাভাম্বিত কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন, লাভ হ’ব। শুভ সংখ্যা- ৬, শুভ ৰং- ৰঙা।

মকৰ : কৰ্মক্ষেত্ৰত শুভ যোগ। অৰ্থনৈতিক সমৃদ্ধিৰ সম্ভাৱনা। অকাৰণত কাৰোৰে ওপৰত ক্ৰোধ নকৰিব। সকলো সমস্যাৰ সমাধান পাব। শুভ সংখ্যা-৯, শুভ ৰং- হালধীয়া।

কুম্ভ : শিক্ষাৰ দিশত আজি কিছু দুৰ্বল দেখা যায়। মন শান্ত কৰি ৰাখক। ভৰিত আঘাত পোৱাৰ সম্ভৱনা। নতুন কাপোৰ বা উপহাৰ লাভ কৰিব পাৰে। শুভ সংখ্যা- ৩, শুভ ৰং- বগা।

মীন : বহুি অমীমাংসিত সমস্যাৰ সমাধান হ’ব। জীৱনলৈ শান্তি আহিব। পৰিৱৰ্তনৰ বাবে এয়াই শ্ৰেষ্ঠ সময়। প্ৰিয়জনৰ সৈতে ভাল সময় অতিবাহিত হ’ব। শুভ সংখ্যা-১, শুভ ৰং- মুগা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ