--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ আগমনৰ লগে লগে সংক্ৰমণৰ আশংকা বাঢ়ি যায়। ফলত ভাইৰাছৰ সংক্ৰমণ প্ৰায় প্ৰতিটো ঘৰতে সমস্যা হৈ পৰে। সেইবাবেই ঠাণ্ডা বতৰত সজাগ হোৱাৰ অতি প্ৰয়োজন। গতিকে এনে কিছুমান প্ৰতিকাৰে আপোনাক চৰ্দি, কাহ, জ্বৰ আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰিব পাৰে। সেয়েহে এই টিপছকেইটা জানো আহক।

 ১. অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক-

শীতকালত প্ৰায় সকলোৰে খাদ্যৰ পৰিমাণ বাঢ়ি যায়। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে শীতকালত কাৰ্ব সেৱন অধিক বৃদ্ধি পায়। এনে পৰিস্থিতিত শৰীৰত থকা চেৰ’টনিন হৰম’নৰ পৰিমাণো বৃদ্ধি পায়। সেয়েহে খাদ্য তালিকাত স্বাস্থ্যকৰ ব্ৰেকফাষ্টত কাৰ্ব আৰু প্ৰটিন অন্তৰ্ভুক্ত কৰক আৰু ফাষ্টফুড, চিপছ, চকলেট সেৱনৰ পৰা বিৰত থাকক।

২. শৰীৰটো গৰম আৰু ঢাকি ৰাখিব-

ঠাণ্ডা বতৰত সদায় গৰম কাপোৰ পিন্ধিব লাগে, যাতে আপোনাৰ গোটেই শৰীৰটো ঢাকি থাকে। ইয়াৰ কাৰণ হ’ল শীতকালত ভাইৰেল জ্বৰ বাঢ়ি যায়। এনে পৰিস্থিতিত গৰম কাপোৰে আপোনাক সুৰক্ষিত কৰি ৰাখিব আৰু বতৰৰ ৰোগৰ পৰা ৰক্ষা কৰিব।

৩. অধিক পানী খাব লাগে-

বহুতে শীতকালত পানী কমকৈ খায়। গতিকে মনত ৰাখিব যে শৰীৰত পানীৰ অভাৱ দূৰ কৰি হাইড্ৰেচন বজাই ৰাখিব লাগে, কাৰণ এনে কৰিলে আপুনি নিজকে ফিট কৰি ৰাখিব পাৰিব। অধিক পানী সেৱনে ছাল আৰু চুলিৰ স্বাস্থ্য ভালে ৰাখে।

৪. খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক-

খাদ্য বিশেষজ্ঞৰ মতে শীতকালত ফ্লু, গাঁঠিৰ বিষ আৰু সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পায়। এনে পৰিস্থিতিত সেইবোৰৰ পৰা আঁতৰি থাকিবলৈ আপোনাৰ খাদ্যাভ্যাস সঠিকভাৱে ৰখা উচিত। খাদ্যত ওমেগা-৩, ফেটি এচিড বেছিকৈ সেৱন কৰিব লাগে। আখৰোট, আলমণ্ড, ফ্লেক্সচিড অতি উত্তম বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু