--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ২০ নৱেম্বৰ, সোমবাৰ৷ কেনে যাব আপোনাৰ আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল....

মেষ – কামৰ হেঁচা বাঢ়িব। আনৰ পৰা অনুপ্ৰেৰণা পাব। ধনৰ লালসা বাঢ়িব। সম্পত্তিৰ লগত জড়িত লেন দেন সম্পূৰ্ণ হ’ব। শুভ সংখ্যা ৪, ৰং আকাশী।

বৃষ – ঘৰলৈ কিছু ধনাত্মক পৰিৱৰ্তন আহিব। জীৱনলৈ বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। শুভ সংখ্যা ১, শুভ ৰং বগা।

মিথুন – আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্য ভালে নাযাব। প্ৰেমত বাধা আহিব। শুভ সংখ্যা ৮, শুভ ৰং মেৰুণ।

কৰ্কট – কোনো সিদ্ধান্ত লওঁতে স্পষ্ট চিন্তা ধাৰা আৱশ্যক হ’ব। দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি থকা সকলে ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। শুভ সংখ্যা ১, শুভ ৰং বাদামী।

সিংহ – বিদ্যাৰ্থীৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ মাজত এটা বেলেগ উৰ্জা দেখা যাব। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

কন্যা – যি কোনো কামৰ বাবে নিজৰ আত্মবিশ্বাস বঢ়াব। হাতলৈ হঠাতে ধন আহিব পাৰে। দাম্পত্যত মধুৰ। শুভ সংখ্যা ২, শুভ ৰং নীলা।

তুলা – দিনটো ভালে-কুশলে পাৰ হ’ব৷ প্ৰিয়জনৰ সান্নিধ্যই সুখী কৰিব। দৈনিক ব্যস্ততাৰ পৰা কিছু সকাহ পাব। শুভ সংখ্যা ৫, শুভ ৰং বেঙুনীয়া।

বৃশ্চিক – মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ’ব। ঘৰলৈ আলহীৰ আগমন হ’ব। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

ধনু – আজি বিদেশ যোৱাৰ সুযোগো লাভ কৰিব পাৰে। সমাজত এক উচ্চ স্থান অধিকাৰ কৰিব। প্ৰেমাস্পদক সন্দেহ নকৰিব।শুভ সংখ্যা ৪, শুভ ৰং হালধীয়া।

মকৰ – আজি স্বাস্থ্য ঠিকে নাযাব। বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ’ব।ব্যৱসায়ত উন্নতি হ’ব। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ৯, শুভ ৰং গেৰুৱা।

কুম্ভ – কোনোৱে যদি আৰ্থিক সহায় বিচাৰে তেনেহ'লে সহায় নকৰিব। অন্যথা আপোনাৰো আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে। মানসিক শান্তিৰ বাবে কিছুমান কথাৰ পৰা দূৰত থাকক। শুভ সংখ্যা ৫, শুভ ৰং সোণালী।

মীন – আৰ্থিক স্থিতি শক্তিশালী হ’ব। হঠাতে পুৰণি বন্ধুক লগ পাব পাৰে। কাম-কাজত পৰিৱৰ্তন আহিব। শুভ সংখ্যা ১, শুভ ৰং ৰঙা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ