--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দিয়া প্ৰস্তাৱক খণ্ডন কৰি তেওঁ কয়, ‘মই যিহেতু এটা আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতি, গতিকে এতিয়াই মই আন এটা ৰাষ্ট্ৰীয় দলৰ অসম শাখাৰ সভাপতি হোৱাৰ কথাটো ভবা নাই।’

বিধায়কগৰাকীয়ে ভাৰতৰ ভিতৰত আটাইতকৈ ভাল পোৱা ৰাজনৈতিক ব্যক্তিত্ব মমতা বেনাৰ্জী বুলি উল্লেখ কৰি কয় যে, ‘মই সভাপতি নহ’লেও টিএমচিয়ে সাংগঠনিক ভেটি মজবুত কৰিবই।’ ইয়াৰ উপৰি দুই-এদিনতে চতুৰ্থলানি আলোচনা হ’ব বুলিও কয় গগৈয়ে।

কিন্তু বিজেপিৰ বিৰুদ্ধে ২০২৪ত টিএমচিক সকলো প্ৰকাৰে ৰাইজৰ দলে সহায় কৰিব বুলিও কয়৷ লগতে ২০২৪ত যদি সকলো আঞ্চলিক দলে মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে, তেতিয়া ৰাইজৰ দলে সমৰ্থন কৰিব বুলি কয়৷ উল্লেখ্য যে, অসমৰ বৰ্তমানৰ দুজন সাংসদে TMCৰ অসম শাখাৰ সভাপতিৰ দৌৰত আছে। মমতা বেনাৰ্জীৰ সৈতে কেইবালানি আলোচনা কৰিছে সাংসদ দুজনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ