--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমত জল পৰিবহনত অধিক সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কোচি মেট্ৰ’ ৰেল লিমিটেড (কে এম আৰ এল)ৰ সহযোগত প্ৰস্তুত কৰা এখন সম্ভাৱনীয়তা অধ্যয়ন প্ৰতিবেদন আভ্যন্তৰীণ জল পৰিবহণ কৰ্তৃপক্ষৰ (আই ডব্লিউ টি এ) অনুমোদনৰ বাবে দাখিল কৰা হৈছে।

ডিজিটেল ডেস্ক: কেৰেলাৰ কোচি ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ দৰে অসমৰ ব্ৰহ্মপুত্ৰৰ বুকুত শীঘ্ৰেই আৰম্ভ হোৱাৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে ৱাটাৰ মেট্ৰ’ প্ৰকল্প। অসমত জল পৰিবহনত অধিক সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কোচি মেট্ৰ’ ৰেল লিমিটেড (কে এম আৰ এল)ৰ সহযোগত প্ৰস্তুত কৰা এখন সম্ভাৱনীয়তা অধ্যয়ন প্ৰতিবেদন আভ্যন্তৰীণ জল পৰিবহণ কৰ্তৃপক্ষৰ (আই ডব্লিউ টি এ) অনুমোদনৰ বাবে দাখিল কৰা হৈছে। 


প্ৰতিবেদনত গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ক অন্তৰ্ভুক্ত কৰা হৈছে। এই কথা প্ৰকাশ কৰে কোচি ৱাটাৰ মেট্ৰ’ৰ মুখ্য পৰিচালন বিষয়া (চি অ’ অ’) চাজন জনে৷ কেৰেলাৰ কোচিস্থিত দেশৰ প্ৰথমটো ৱাটাৰ মেট্ৰ’ৰ প্ৰকল্পৰ মুখ্য কাৰ্যালয়ত হোৱা এক আলোচনাৰ সময়ত চি জি এম শ্বাজি জনাৰ্ধন,ব্যৱস্থাপনাৰ পৰিচালক সঞ্জয় কুমাৰ ,মুখ্য জনসংযোগ বিষয়া- সামাজিক মাধ্যমৰ কে কে জয় কুমাৰৰ উপস্থিতিত চাজন জনে কয়- ‘‘অসমৰ গুৱাহাটী,তেজপুৰ আৰু ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া প্ৰায় ১২০০ কোটি টকাৰ প্ৰকল্পটোত ব্ৰহ্মপুত্ৰ নদীত বৈদ্যুতিক-হাইব্ৰিড নাও চলাচল কৰাৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটীৰ যাতায়তৰ ভিৰ মুক্ত কৰাৰ কল্পনা কৰা হৈছে।’’


তেওঁ কয় যে ইয়াৰ সফলতা নিৰ্ভৰ কৰিব কাৰিকৰী সম্ভাৱনীয়তা, পৰ্যাপ্ত ধন, আন্তঃগাঁথনি উন্নয়ন, আৰু ব্ৰহ্মপুত্ৰৰ ঋতুভিত্তিক তাৰতম্য চম্ভালিব পৰা ক্ষমতাৰ ওপৰত। যদি পৰিকল্পনা অনুসৰি অগ্ৰগতি হয়, তেন্তে এই প্ৰকল্পই গুৱাহাটীৰ লগতে তেজপুৰ আৰু ডিব্ৰুগড়ৰ বাবে আধুনিক যাতায়তৰ এক নতুন যুগৰ সূচনা কৰিব পাৰে। তেওঁ উল্লেখ কৰে যে গুৱাহাটী জল মেট্ৰ’ৰ দৈৰ্ঘ্য ৬৪ কিলোমিটাৰ হ’ব আৰু ইয়াত ১২টা টাৰ্মিনেল আৰু চাৰিটা জলপথ থাকিব। গুৱাহাটী গেটৱে টাৰ্মিনেলৰ পৰা আৰম্ভ কৰি এই জলপথটোৱে কামৰূপ মহানগৰ এলেকা আৰু কামৰূপ জিলাৰ কেইবাটাও অঞ্চল সংযোগ কৰিব। তেজপুৰ আৰু ডিব্ৰুগড়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই দুটা স্থানৰ প্ৰকল্প সন্দৰ্ভত এই সময়ত কোনো সুনিৰ্দিষ্ট তথ্য দিব পৰা নাযায়।


প্ৰতিবেদনত পৰ্যবেক্ষণৰ দলটোৱে তেজপুৰ আৰু ডিব্ৰুগড়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে যদিও এই দুই স্থানত ৱাটাৰ মেট্ৰ’ প্রকল্প সম্ভৱ বুলি তেওঁ প্ৰকাশ কৰিছে। তেওঁ কোচি ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ বিষয়ে উল্লেখ কৰি কয়- ‘‘কোচি ৱাটাৰ মেট্ৰ’ প্ৰকল্পত ১৫টা চিনাক্তকৃত পথৰ উন্নয়নৰ কথা কল্পনা কৰা হৈছে।যিয়ে ১০টা দ্বীপক ৭৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰিব। এই নেটৱৰ্কত ৭৮খন দ্ৰুতবেগী, বৈদ্যুতিক চালিত হাইব্ৰিড নাওৰ ব্যৱস্থা থাকিব যিয়ে ৩৮খন মেট্ৰ’ জাহাজত সেৱা আগবঢ়াব। ৱাটাৰ মেট্ৰ’ই ৩৩ হাজাৰৰো অধিক দ্বীপবাসীক উপকৃত কৰিব বুলি আশা কৰা হৈছে।’’ 


আনহাতে জাহাজ ,বন্দৰ আদি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্ব ভাৰ গ্ৰহণ কৰাৰে পাছত বিভাগটোয়ে এক নতুন গতি লাভ কৰা বুলি উল্লেখ কৰি বিভাগীয় কৰ্তৃপক্ষই কয়- ‘‘তেওঁ এজন দক্ষ মন্ত্ৰী।তেওঁ সকলো সময়তে এক্টিভ হৈ থাকে। তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰা পাছৰে পৰা বন্দৰ জাহাজ আদি বিভাগে এক নতুন গতি লাভ কৰিছে।’’


ইফালে কোচিস্থিত জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান শ্বিপ ৱাৰ্ডত কৰ্মৰত কৰ্মচাৰী সকলৰ মত বিনিময় কৰাত তেওঁলোকেও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উচ্চ প্ৰশংসা কৰে। উল্লেখ্য যে গুৱাহাটীৰ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ নেতৃত্বত অসমৰ এক উচ্চ পৰ্যায়ৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি দলে কোচি জল মেট্ৰ’ৰ কাৰ্যকৰী উৎকৰ্ষতাৰ সাক্ষী হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ