--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বলীউডৰ হৃদস্পন্দন কেটৰিনাৰ বিয়াৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। একাংশৰ মতে, ছলমান খানৰ প্ৰাক্তন প্ৰেমিকা বিবাহিত। আকৌ, বলীউড এৰিণাত কেটৰিনাই শীঘ্ৰেই আনুষ্ঠানিকভাৱে হোমৰ জুইকুৰাত বহিবলৈ প্ৰস্তুতি চলোৱা বুলি গুজৱ উঠিছে। জানিবলৈ পোৱা মতে, কেটৰিনাৰ পাণী গ্ৰহণ কৰিব বলীউড অভিনেতা বিকি কৌশলে। মিম-নিৰ্মাতাসকলে ইতিমধ্যে ছলমান খানে তেওঁলোকৰ বিয়াত কেনেদৰে 'চান্না মেৰেয়া' গাব তাৰ ওপৰত মিম সৃষ্টি কৰিছে। ডাবাং খানৰ সৈতে দীঘলীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত কেটৰিনাই ৰণবীৰ কাপুৰৰ প্ৰেমত পৰিছিল। এই সম্পৰ্কৰ শিহৰণো স্থায়ী নহ'ল। ৰণবীৰে কেটৰিনাক এৰি আলিয়া ভট্টৰ পাণী গ্ৰহণ কৰা বুলিও গুজৱ শুনিবলৈ পোৱা গৈছিল।


শেহতীয়াকৈ কেটৰিনাৰ-বিকিৰ বিবাহৰ প্ৰসংগৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন মহলৰ মত অনুসৰি, কৰ’নাসৃষ্ট পৰিৱেশৰ সাম কাটিলেই বিকি আৰু কেটৰিনা 'মিষ্টাৰ এণ্ড মিছেছ' হ'ব। উল্লেখ্য যে, কেটৰিনা আৰু বিকি প্ৰথমবাৰৰ বাবে এটা টক শ্ব'ত লগ পাইছিল। তাৰ পাছত তেওঁলোকৰ কেইবাবাৰো সাক্ষাত হয়। লাহে লাহে সম্পৰ্কত সাঙোৰ খাই পৰে দুয়ো। তেওঁলোকক অলপতে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ 'শ্বেৰশ্বাহ'ৰ প্ৰিমিয়াৰত একেলগে দেখিবলৈ পোৱা গৈছিল। কেটৰিনা আৰু বিকিয়ে এতিয়াও বলীউডত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে আনুষ্ঠানিক মন্তব্য প্ৰদানৰ পৰা বিৰত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ