--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৌ সেৱন কৰাটো মানুহৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী। মৌত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন বি ৬, কাৰ্বহাইড্ৰেট, এমিনো এচিড আদি থাকে। ইয়াত বহু পুষ্টিকৰ উপাদান পোৱা যায়। কিন্তু খালী পেটত মৌ সেৱন কৰিলে আপোনাৰ বাবে অধিক উপকাৰী হ'ব পাৰে। 

ৰাতিপুৱা খালী পেটত মৌ সেৱন কৰিলে আপোনাৰ ওজন কমিব, চৰ্দিৰ পৰা মুক্তি পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব। আনহাতে মৌ গৰম পানীৰ লগত মিহলাই খালী পেটত খাব পাৰে। ইয়াৰ ফলত দিনটোৰ মানসিক চাপো কমি যায়। আজি আমি ইয়াত ক’ম মৌ খোৱাৰ উপকাৰিতা কি কি?  

খালী পেটত মৌ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

১) ওজন কমোৱাত উপকাৰীঃ আজিৰ সময়ত সকলোৱে ফিট হৈ থাকিব বিচাৰে। এনে অৱস্থাত জিমবোৰে ওজন কমাবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰে। কিন্তু খালী পেটত কুহুমীয়া পানীৰ লগত মৌ সেৱন কৰি ওজন কমাব পাৰে। ইয়াৰ ফলত শৰীৰত জমা হৈ থকা অতিৰিক্ত চৰ্বি কমোৱাত সহায় হয়। ইচ্ছা কৰিলে তাত নেমু বা জিৰা গুড়ি দিব পাৰে।

২) কাহৰ সমস্যাত ফলপ্ৰসূ- ডিঙিৰ বিষ দূৰ কৰিবলৈও মৌ সেৱন কৰিব পাৰে, ইয়াৰ এন্টিবেক্টেৰিয়েল গুণে কফ নিৰ্মূল কৰাত সহায় কৰে। আৰু আপোনাৰ কাহো কমাব পাৰে। ইয়াৰ বাবে ৰাতিপুৱা গৰম পানীৰে মৌ খাব পাৰে।

৩) ডিঙি বিষ-সাধাৰণতে বহুতে প্ৰায়ে ডিঙিৰ বিষৰ সমস্যাত ভুগি থাকে। এনে অৱস্থাত ডিঙিৰ বিষৰ পৰা মুক্তি পাবলৈ খালী পেটত অজৱাইন বা আদাৰ সৈতে এচামুচ মৌ সেৱন কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ ডিঙিৰ বিষত বহু পৰিমাণে উপশম পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ