--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: "দুৱাৰে চৰকাৰ" (পদূলিমুখত চৰকাৰ) পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ এক অভিনৱ পদক্ষেপ। বিভিন্ন আঁচনিসমূহক মানুহৰ ঘৰে ঘৰে লৈ যোৱাৰ হকে পশ্চিমবংগ চৰকাৰে আৰম্ভ কৰে গাঁও পঞ্চায়ত আৰু ৱাৰ্ড পৰ্যায়ত পৰ্যায়ত “দুৱাৰে চৰকাৰ”। চৰকাৰক আৰু নিশ্চিতভাৱে দলক জনতাৰ ওচৰলৈ আঁচনিৰ মাধ্যমত লৈ যোৱাৰ এই পৰিকল্পনা মমতা বেনাৰ্জীৰ ৰাজনৈতিক কাৰ্যকুশলতাৰে নিদৰ্শন।এতিয়া এই “দুৱাৰে চৰকাৰে”ই আনিছে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ বাবে এক সুখৰ বাৰ্তা।

শুকুৰবাৰে মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি “দুৱাৰে চৰকাৰ”ৰ কেম্প সমূহলৈ ইতিমধ্যেই আহিছে তিনি কোটিতকৈ অধিক লোক।এই সকলোবোৰ লোকেই চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হোৱা বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে দুৱাৰে চৰকাৰৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হৈছিল আগষ্ট মাহৰ ১৬ তাৰিখে। এই কাৰ্যসূচী ১৫ ছেপ্টেম্বৰলকৈ চলি থাকিব।“লক্ষ্মী ভাণ্ডাৰ” আৰু “স্বাস্থ্য সাথী” নামৰ দুখন আঁচনিৰ প্ৰতি মানুহে সৰ্বাধিক আগ্ৰহ দেখুওৱা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।তেওঁ পশ্চিমবংগৰ সাধাৰণ জনতাক এই অভূতপূৰ্ব সঁহাৰিৰ বাবে বিশেষ কৃতজ্ঞতাও জ্ঞাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক