--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰথম এদিনীয়াত সহজ জয়ৰ পাছত আজি লৰ্ডছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত মুখথেকেচা খালে ভাৰতে। ২৪৭ ৰানৰ সহজ লক্ষ্য আগত লৈও চূড়ান্ত বেটিং ব্যৰ্থতাৰ বাবে ১০০ ৰানত পৰাস্ত সহ্য কৰিবলগীয়া হ'ল ভাৰতে। লগে লগে নিৰ্বাপিত হৈছে ধাৰাবাহিক জয়েৰে শৃংখলা হস্তগত কৰাৰ সুযোগ। এই জয়েৰে তিনিখনীয়া এদিনীয়া শৃংখলাটোত ১-১ ব্যৱধানত সমতা স্থাপন কৰিলে ইংলেণ্ডে।

ভাৰতৰ এই পৰাজয়ৰ প্ৰধান কাৰণ হৈ পৰে ইংলেণ্ডৰ বেগী বলাৰ ৰিচ টপলী। মাত্ৰ ২৪ ৰানতে ৬ টা উইকেট দখল কৰি ভাৰতীয় বেটিং লাইনআপত খহনীয়াৰ সৃষ্টি কৰে টপলীয়ে।

অৱশ্যে ভাৰত মেচখনত পৰাস্ত হ’লেও ভাৰতীয় স্পিনাৰ যুজবেন্দ্ৰ চাহালে লাভ কৰে এক ঈৰ্ষণীয় সাফল্য। ইংলেণ্ডক মাত্ৰ ২৪৬ ৰানতে বান্ধি ৰখাৰ ক্ষেত্ৰত চাহালে আজি ভাৰতীয় বলাৰৰ ভিতৰত আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হয়। এই ব্যক্তিগত প্ৰদৰ্শনৰ সুবাদত চাহালে আজি ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত এক নতুন ভাৰতীয় অভিলেখ স্থাপন কৰে।

লৰ্ডছত অনুষ্ঠিত হোৱা এই দ্বিতীয় এদিনীয়াখনত চাহালে ৪৭ ৰানত দখল কৰে ৪ টা উইকেট। এইদৰে ক্ৰিকেটৰ মক্কাত এদিনীয়াত চৰিটা উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰত পৰিণত হয়। লৰ্ডছত আটাইতকৈ সফল ভাৰতীয় বলাৰৰ এই নতুন ৰেকৰ্ড খোদিত কৰাৰ পথত চাহালে ভংগ কৰে এটা ৩৮ বৰ্ষ পুৰণি অভিলেখ।

এই ৩৯ বৰ্ষীয় অভিলেখৰ গৰাকী আছিল কিংবদন্তী ভাৰতীয় অলৰাউণ্ডাৰ মহিন্দৰ অমৰনাথ। অমৰনাথে এই অভিলেখটো গঢ়িছিল এখন বিশেষ মেচত। মেচখন আছিল ১৯৮২ চনৰ বিশ্বকাপৰ ফাইনেল। 

প্ৰথমবাৰ বিশ্বকাপ জয় কৰি ইতিহাস ৰচা ভাৰতৰ এই জয়ত অমৰনাথে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
ফাইনেল মেচখনত মাত্ৰ ১২ ৰান ৩ টা উইকেট দখল কৰিছিল অমৰনাথে। অমৰনাথৰ এই অভিলেখ যোৱা ৩৯ বছৰ ধৰি অক্ষুণ্ণ আছিল।

এই বিশেষ তালিকাখনত ওপৰৰ ফালে থকা ভাৰতীয়সকলৰ ভিতৰত আছে আশীষ নেহৰা (৩/২৬), হৰভজন সিং (৩/২৮) আৰু জাহিৰ খান (৩/৬২)। সাম্প্ৰতিক বিশ্বৰ অন্যতম সফল স্পিন যুটি ‘কুলচা’ৰ অন্যতম অংশ কুলদীপ যাদৱৰ নামতো আছে লৰ্ডছত তিনিটা উইকেট লাভৰ সফলতা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যুদ্ধৰ পৰিণতি! ভাৰতীয় শ্বেয়াৰ বজাৰত পুনৰ বৃহৎ পতন, ডলাৰৰ বিপৰীতে সৰ্বনিম্ন টকাৰ মূল্য
ভাৰত-জাপান শৈক্ষিক কনচর্টিয়ামত অন্তর্ভুক্ত কটন বিশ্ববিঃ, আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ ক্ষেত্ৰত সফলতা
আজি মুকলি কৰা হ'ব মহাৰাজ পৃথু উৰণ সেতু
হোজাইত শিক্ষাখণ্ডৰ লজ্জাজনক অধ্যায়: প্ৰশ্নকাকত নহাৰ অজুহাতত বাতিল সপ্তম শ্ৰেণীৰ পৰীক্ষা
পশ্চিম বংগৰ ৰাজনীতিত ডাঙৰ সালসলনি: মমতা বেনাৰ্জীয়ে নিজে ল’লে আইন মন্ত্ৰালয়ৰ দায়িত্ব; জানি লওক এই সিদ্ধান্তৰ আঁৰৰ ৫টা মুখ্য কাৰণ
বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ নাটনি: পেট্ৰ’লিয়াম মন্ত্ৰালয়ে গঠন কৰিলে উচ্চস্তৰীয় সমিতি
বিলাসীপাৰাত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা; মানসিক বিকাৰগ্ৰস্ত যুৱকক তালিবানী শাস্তি
সুখবৰ! মানস ৰাষ্ট্ৰীয় উদ্যানত পৰিভ্ৰমী মাণ্ডাৰিন হাঁহৰ বিচৰণ
উত্তৰ প্ৰদেশত আমেৰিকা ইজৰাইল বিৰোধী ধ্বনি, খামেনেইৰ হত্যাৰ প্ৰতিবাদত উত্তাল কাশ্মীৰ
২৭ বছৰীয়া সাংসাৰিক যাত্ৰা অন্ত পৰাৰ দিশে! থালাপথী বিজয়ৰ পত্নীয়ে কিয় কৰিলে বিবাহ বিচ্ছেদৰ আবেদন?
বাঘমাৰাচৰত সোপাধৰাৰ সন্দেহত এজন লোকক কৰায়ত্ত; তীব্ৰ উত্তেজনাৰ সৃষ্টি
১৩ মাৰ্চত অস্ত যাব শনি; ৩ ৰাশিৰ হ’ব উপকাৰ
'২৮-ত আমেৰিকাই, '৩০ চনত চীনে চন্দ্রলৈ পঠাব মহাকাশচাৰী, চন্দ্ৰত আধিপত্য বিস্তাৰৰ যুঁজত চীন-আমেৰিকা
বোকাখাত মহকুমা চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ উদণ্ড যুৱকৰ