--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰথম এদিনীয়াত সহজ জয়ৰ পাছত আজি লৰ্ডছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত মুখথেকেচা খালে ভাৰতে। ২৪৭ ৰানৰ সহজ লক্ষ্য আগত লৈও চূড়ান্ত বেটিং ব্যৰ্থতাৰ বাবে ১০০ ৰানত পৰাস্ত সহ্য কৰিবলগীয়া হ'ল ভাৰতে। লগে লগে নিৰ্বাপিত হৈছে ধাৰাবাহিক জয়েৰে শৃংখলা হস্তগত কৰাৰ সুযোগ। এই জয়েৰে তিনিখনীয়া এদিনীয়া শৃংখলাটোত ১-১ ব্যৱধানত সমতা স্থাপন কৰিলে ইংলেণ্ডে।

ভাৰতৰ এই পৰাজয়ৰ প্ৰধান কাৰণ হৈ পৰে ইংলেণ্ডৰ বেগী বলাৰ ৰিচ টপলী। মাত্ৰ ২৪ ৰানতে ৬ টা উইকেট দখল কৰি ভাৰতীয় বেটিং লাইনআপত খহনীয়াৰ সৃষ্টি কৰে টপলীয়ে।

অৱশ্যে ভাৰত মেচখনত পৰাস্ত হ’লেও ভাৰতীয় স্পিনাৰ যুজবেন্দ্ৰ চাহালে লাভ কৰে এক ঈৰ্ষণীয় সাফল্য। ইংলেণ্ডক মাত্ৰ ২৪৬ ৰানতে বান্ধি ৰখাৰ ক্ষেত্ৰত চাহালে আজি ভাৰতীয় বলাৰৰ ভিতৰত আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হয়। এই ব্যক্তিগত প্ৰদৰ্শনৰ সুবাদত চাহালে আজি ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত এক নতুন ভাৰতীয় অভিলেখ স্থাপন কৰে।

লৰ্ডছত অনুষ্ঠিত হোৱা এই দ্বিতীয় এদিনীয়াখনত চাহালে ৪৭ ৰানত দখল কৰে ৪ টা উইকেট। এইদৰে ক্ৰিকেটৰ মক্কাত এদিনীয়াত চৰিটা উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰত পৰিণত হয়। লৰ্ডছত আটাইতকৈ সফল ভাৰতীয় বলাৰৰ এই নতুন ৰেকৰ্ড খোদিত কৰাৰ পথত চাহালে ভংগ কৰে এটা ৩৮ বৰ্ষ পুৰণি অভিলেখ।

এই ৩৯ বৰ্ষীয় অভিলেখৰ গৰাকী আছিল কিংবদন্তী ভাৰতীয় অলৰাউণ্ডাৰ মহিন্দৰ অমৰনাথ। অমৰনাথে এই অভিলেখটো গঢ়িছিল এখন বিশেষ মেচত। মেচখন আছিল ১৯৮২ চনৰ বিশ্বকাপৰ ফাইনেল। 

প্ৰথমবাৰ বিশ্বকাপ জয় কৰি ইতিহাস ৰচা ভাৰতৰ এই জয়ত অমৰনাথে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
ফাইনেল মেচখনত মাত্ৰ ১২ ৰান ৩ টা উইকেট দখল কৰিছিল অমৰনাথে। অমৰনাথৰ এই অভিলেখ যোৱা ৩৯ বছৰ ধৰি অক্ষুণ্ণ আছিল।

এই বিশেষ তালিকাখনত ওপৰৰ ফালে থকা ভাৰতীয়সকলৰ ভিতৰত আছে আশীষ নেহৰা (৩/২৬), হৰভজন সিং (৩/২৮) আৰু জাহিৰ খান (৩/৬২)। সাম্প্ৰতিক বিশ্বৰ অন্যতম সফল স্পিন যুটি ‘কুলচা’ৰ অন্যতম অংশ কুলদীপ যাদৱৰ নামতো আছে লৰ্ডছত তিনিটা উইকেট লাভৰ সফলতা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু