--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৫ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ আয়োজনৰ স্বত্ব লাভ কৰিছে টকিঅ’ই। ক্ৰীড়াৰ গোলকীয় পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰে এই ঘোষণা কৰে। কেনিয়া, পোলেণ্ড আৰু ছিংগাপুৰে প্ৰতিযোগিতাখন আয়োজনৰ বাবে নিবিদা আগবঢ়াইছিল যদিও অৱশেষত জাপানে এই স্বত্ব লাভ কৰে। বিশ্ব এথলেটিকছ পৰিষদে বৃহস্পতিবাৰে অফিচিয়েল ৰূপত এই ঘোষণা কৰিছে। এইদৰে টকিঅ'ই দ্বিতীয়বাৰৰ বাবে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছে।

উল্লেখ্য যে যোৱা বৰ্ষত টকিঅ’ত অনুষ্ঠিত হৈছিল অলিম্পিক ক্ৰীড়া। কিন্তু ক’ভিডৰ বাবে অলিম্পিকৰ ষ্টেডিয়ামত নাছিল দৰ্শকৰ উপস্থিতি। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ আয়োজনৰ সুযোগ লাভ কৰাৰ লগে লগে গেলাৰী ভৰ্তি দৰ্শকৰ সন্মুখত উপভোগ্য হৈ উঠিব বিশ্বৰ আগশাৰীৰ ক্ৰীড়া প্ৰতিযোগিতাখন।

বিশ্ব এথলেটিকছৰ সভাপতি চেবাষ্টিয়ান কোয়ে এক বিবৃতিত কয়, "বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ আয়োজনৰ বাবে কেইবাখনো দেশৰ প্ৰাৰ্থীত্বৰ এক শক্তিশালী নিবিদাৰ ভিতৰত টকিঅ'ই এক আকৰ্ষণীয় নিবিদা আগবঢ়াইছে।”

“২০২৫ চনত জাপানী এছ'চিয়েচন অৱ এথলেটিকছ ফেডাৰেচন (জেএএএফ)ৰ ১০০ বছৰ উদযাপন কৰিব আৰু এনে সময়তে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপে টকিঅ'ৰ জনসাধাৰণৰ ওচৰলৈ বিশ্বমানৰ এথলেটিকছ ঘূৰাই আনিব। মই আশা কৰোঁ যে এইয়া জাপানৰ বাবে এক উজ্জ্বল পোহৰ হ'ব।"- কোয়ে লগতে কয়। স্মৰ্তব্য যে টকিঅ'ত অন্তিমবাৰৰ বাবে ১৯৯১ চনত বিশ্ব চেম্পিয়নশ্বিপ আয়োজিত হৈছিল।

আয়োজনৰ স্বত্ব লাভ কৰাৰ পিছতে জাপানী এছ'চিয়েচন অৱ এথলেটিকছ ফেডাৰেচনৰ সভাপতি মিৎচুগি ওগাতাই এক বিবৃতিত কয়, "ইতিহাসে দেখুৱাইছে যে বিশ্বৰ শীৰ্ষ খেলুৱৈসকলক আতিথ্য দিয়া আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকসকলক অনুপ্ৰাণিত কৰাৰ ক্ষমতা আৰু শক্তি আমাৰ আছে।"

"আমি প্ৰতিশ্ৰুতি দিছো যে টকিঅ'ৰ অলিম্পিক ষ্টেডিয়ামখন খেলুৱৈ আৰু ক্ৰীড়াৰ সৈতে জড়িত সকলোৰে বাবে এক পাহৰিব নোৱাৰা অভিজ্ঞতা হিচাপে খ্যাতি ৰৈ যোৱাকৈ অনুৰাগীৰে ভৰি থাকিব।"— ওগাতাই লগতে কয়।

আজিৰ পৰা অৰেগনৰ ইউজিনৰ হেৱাৰ্ড ফিল্ডত আৰম্ভ হ'বলগীয়া এই বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰাকমুহূৰ্তত এই সিদ্ধান্ত ঘোষণা কৰা হৈছিল। বিশ্ব এথলেটিকছে লগতে ঘোষণা কৰা অনুসৰি ২০২৩ বৰ্ষৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ বুডাপেষ্টত অনুষ্ঠিত হ’ব। আনহাতে পৰৱৰ্তী দুটা সংস্কৰণ ক্ৰমে ২০২৪ ত মেডুলিন আৰু পুলা, ক্ৰোৱেছিয়া আৰু ২০২৬ত টালাহাচি, ফ্লৰিডাত অনুষ্ঠিত হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ