--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পথ দুৰ্ঘটনাত ক্ৰিকেটাৰ ঋষভ পন্তৰ(Rishabh Pant) জীৱন ৰক্ষা কৰা যুৱকজনে প্ৰেমিকাৰ সৈতে বিষ সেৱন কৰে। ২৫ বছৰীয়া যুৱক ৰজত কুমাৰৰ ২১ বছৰীয়া মন্নু কাশ্যপৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। চিকিৎসাৰ সময়ত প্ৰেয়সী মন্নু কাশ্যপৰ মৃত্যু হোৱাৰ বিপৰীতে ৰজত ৰুৰকিৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ৰজত আৰু মন্নু দুয়োজনেই বিভিন্ন সম্প্ৰদায়ৰ আছিল, যাৰ বাবে তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কত সন্মতি জনোৱা নাছিল। এই কাৰণে ছোৱালীজনীৰ বিয়াখন আন ঠাইত ঠিক কৰি দিলে পৰিয়ালৰ লোকে। সেয়ে এই প্ৰেমিকযুগলে বিষাক্ত পদাৰ্থ সেৱন কৰি নিজৰ জীৱন শেষ কৰিবলৈ চেষ্টা কৰিছিল।

২০২২ চনৰ ডিচেম্বৰ মাহত হৰিদ্বাৰৰ গুৰুকুল নৰছানত পথ দুৰ্ঘটনাত পতিত হোৱা বিখ্যাত ক্ৰিকেটাৰ ঋষভ পন্তৰ জীৱন ৰক্ষা কৰিছিল ৰজত আৰু তেওঁৰ গাঁৱৰ নিশু নামৰ আন এজন যুৱকে। তাৰপাছত কাৰখানাৰ পৰা নিজৰ গাঁৱলৈ উভতি আহোঁতে এই যুৱক দুজনে ঋষভ পন্তক দুৰ্ঘটনাগ্ৰস্ত হৈ জ্বলি থকা গাড়ীখনৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ গৈছিল, যাৰ বাবে ঋষভ পন্তই ৰজত আৰু নিশুক এখনকৈ স্কুটী উপহাৰ হিচাপে দিছিল।

তাৰপিছত পন্তই পিছত ৰজত আৰু নিশুক ধন্যবাদ জনাই এটা পোষ্ট দিছিল। পণ্টে লিখিছিল- মই সকলোকে ব্যক্তিগতভাৱে ধন্যবাদ দিব নোৱাৰিলোঁ, কিন্তু মোৰ দুৰ্ঘটনাৰ সময়ত মোক সহায় কৰা আৰু মই সুৰক্ষিতভাৱে চিকিৎসালয় পোৱাটো নিশ্চিত কৰা এই নায়ক দুজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব। ৰজত কুমাৰ আৰু নিশু কুমাৰ, ধন্যবাদ। মই আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ আৰু ঋণী হৈ থাকিম।

উল্লেখ্য যে ৰজত কুমাৰে প্ৰেমিকাৰ সৈতে বিহপান কৰা বিষয়ত আৰক্ষীয়ে এতিয়াও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ অভিযোগ পোৱা নাই যদিও তথাপিও আৰক্ষীয়ে বিষয়টোৰ প্ৰতিটো দিশৰ পৰা তদন্ত কৰি আছে। আৰক্ষীয়ে কয় সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত চলি আছে, যি প্ৰমাণ পোৱা যায় তাৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষীয়ে সকলো দিশৰ তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ