--°C
Loading...
Listen to Article
2 min read
80%

জয়পুৰ : হাজাৰ হাজাৰ বছৰ পূৰ্বেই বিলুপ্ত হৈ গৈছে এই অতিকায় প্ৰাণী। এতিয়া কেৱল এই অতিকায় প্ৰাণীক লৈ চলি আছে নানা ৰূপকথা। নানা জল্পনা-কল্পনা। সৃষ্টি হৈছে চলচ্চিত্ৰৰ। কিন্তু কোন কাহানিবাই বিলুপ্ত হৈ যোৱা এই প্ৰাণীৰ উপস্থিতিৰ অৱশিষ্ট স্বাক্ষৰেই এতিয়া সৃষ্টি কৰিছে আতংকৰ। থৰ মৰুভূমিৰ গ্ৰাম্য অঞ্চলৰ উদ্ধাৰ গৈছে ডাইনোছৰৰ পদচিহ্ন। এই তথ্য সদৰি হোৱাৰ পাছতে ৰাজস্থানৰ জয়ছালমেৰ অঞ্চলত সৃষ্টি হয় তুমুল চাঞ্চল্যৰ, সৃষ্টি হয় কৌতূহলৰো। জানিব পৰা মতে, প্ৰাগ ঐতিহাসিক কালত জয়ছালমেৰ জিলাৰ থৰ মৰুভূমি অঞ্চলত অতিকায় ডাইনোছৰৰ উপস্থতিৰ প্ৰমাণ হিচাপে পোৱা হৈছে ইয়াৰ পদচিহ্ন। গৱেষকসকল তেওঁলোকৰ অধ্যয়নৰ তথ্য সদৰি কৰি এই অঞ্চলটো এসময়ত এটা সাগৰীয় উপকূল থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

পাছলৈ, বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত ডাইনোছৰৰ খোজৰ চিহ্নবোৰ কঠিন শিলৰ দৰে হৈ পৰিছিল। পদচিহ্নবোৰত মুঠ তিনি প্ৰকাৰৰ ডাইনোছৰ প্ৰজাতিৰ পদচিহ্ন পোৱা গৈছে অঞ্চলটোত। জানিব পৰা মতে, এই প্ৰজাতিৰ ডাইনোছৰবোৰ ১২ ৰ পৰা ১৫ মিটাৰ দীঘল আৰু ওজন ৫০০ ৰ পৰা ৭০০ কিলোগ্ৰাম। এই তিনিটা প্ৰজাতিৰ ভিতৰত, ডাইনোছৰৰ ইউব্ৰণ্টেছ জাইগেণ্টিয়াছ আৰু ইউব্ৰণ্টেছ গ্লেনৰোজেন প্ৰজাতিৰ ডাইনোছৰবোৰৰ পদচিহ্নৰ আকৃতি ৩৫ ছেমি বুলি জানিব পৰা গৈছে। আনটো প্ৰজাতি হৈছে গ্ৰেলাটৰ। ইয়াৰ পদচিহ্নৰ আকাৰ ৫.৫ ছেঃমিঃ বুলি জানিব পৰা গৈছে।

যোধপুৰৰ জয় নাৰায়ণ ব্যাস বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক বীৰেন্দ্ৰ সিং পৰিহাৰে কয়, 'এই পদচিহ্নবোৰ ২০০ নিযুত বছৰ পুৰণি। জয়ছালমেৰ নামৰ এখন গাঁওৰ ওচৰত এই পদচিহ্নবোৰ পোৱা গৈছে। তিনিখন ভৰিৰ চিহ্নবোৰ জুৰাচিক যুগৰ বুলি তথ্যত প্ৰকাশ পাইছে। ভৰিৰ চাপসমূহ অধ্যয়নৰ পাছত এইবোৰ কোনো বৃহৎ আকাৰৰ মাংসাহাৰী প্ৰাণীৰ বুলি গৱেষকে নিশ্চিত কৰিছে। গৱেষকে লগতে কয় যে, গভীৰ পৰ্যৱেক্ষণৰ পাছত এইকথা বুজিপোৱা সম্ভৱ হৈছে যে, এই প্ৰজাতিৰ ডাইনোছৰৰ দীঘল দাঁত আছিল। নখযুক্ত হাঁতোৰা গধুৰ আছিল। এইটোও অনুমান কৰা হৈছে যে, সেই সময়ত বৰ্তমানৰ আমেৰিকাতো এই প্ৰজাতিৰ ডাইনোছৰবোৰৰ বিচৰণ আছিল। এই সম্পৰ্কে এতিয়াও অধিক পৰ্যৱেক্ষণ আৰু গৱেষণাৰ প্ৰয়োজন আছে বুলি গৱেষকসকলে প্ৰকাশ কৰিছে। কিন্তু তেওঁ কয়, 'এয়া মাত্ৰ আৰম্ভণিহে। আগন্তুক দিনত ৰাজস্থানত এনে ধৰণৰ অধিক প্ৰজাতিৰ পদচিহ্ন বা শৰীৰৰ অংশ পোৱা যাব পাৰে।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান