--°C
Loading...
Listen to Article
2 min read
80%

জয়পুৰ : হাজাৰ হাজাৰ বছৰ পূৰ্বেই বিলুপ্ত হৈ গৈছে এই অতিকায় প্ৰাণী। এতিয়া কেৱল এই অতিকায় প্ৰাণীক লৈ চলি আছে নানা ৰূপকথা। নানা জল্পনা-কল্পনা। সৃষ্টি হৈছে চলচ্চিত্ৰৰ। কিন্তু কোন কাহানিবাই বিলুপ্ত হৈ যোৱা এই প্ৰাণীৰ উপস্থিতিৰ অৱশিষ্ট স্বাক্ষৰেই এতিয়া সৃষ্টি কৰিছে আতংকৰ। থৰ মৰুভূমিৰ গ্ৰাম্য অঞ্চলৰ উদ্ধাৰ গৈছে ডাইনোছৰৰ পদচিহ্ন। এই তথ্য সদৰি হোৱাৰ পাছতে ৰাজস্থানৰ জয়ছালমেৰ অঞ্চলত সৃষ্টি হয় তুমুল চাঞ্চল্যৰ, সৃষ্টি হয় কৌতূহলৰো। জানিব পৰা মতে, প্ৰাগ ঐতিহাসিক কালত জয়ছালমেৰ জিলাৰ থৰ মৰুভূমি অঞ্চলত অতিকায় ডাইনোছৰৰ উপস্থতিৰ প্ৰমাণ হিচাপে পোৱা হৈছে ইয়াৰ পদচিহ্ন। গৱেষকসকল তেওঁলোকৰ অধ্যয়নৰ তথ্য সদৰি কৰি এই অঞ্চলটো এসময়ত এটা সাগৰীয় উপকূল থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

পাছলৈ, বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত ডাইনোছৰৰ খোজৰ চিহ্নবোৰ কঠিন শিলৰ দৰে হৈ পৰিছিল। পদচিহ্নবোৰত মুঠ তিনি প্ৰকাৰৰ ডাইনোছৰ প্ৰজাতিৰ পদচিহ্ন পোৱা গৈছে অঞ্চলটোত। জানিব পৰা মতে, এই প্ৰজাতিৰ ডাইনোছৰবোৰ ১২ ৰ পৰা ১৫ মিটাৰ দীঘল আৰু ওজন ৫০০ ৰ পৰা ৭০০ কিলোগ্ৰাম। এই তিনিটা প্ৰজাতিৰ ভিতৰত, ডাইনোছৰৰ ইউব্ৰণ্টেছ জাইগেণ্টিয়াছ আৰু ইউব্ৰণ্টেছ গ্লেনৰোজেন প্ৰজাতিৰ ডাইনোছৰবোৰৰ পদচিহ্নৰ আকৃতি ৩৫ ছেমি বুলি জানিব পৰা গৈছে। আনটো প্ৰজাতি হৈছে গ্ৰেলাটৰ। ইয়াৰ পদচিহ্নৰ আকাৰ ৫.৫ ছেঃমিঃ বুলি জানিব পৰা গৈছে।

যোধপুৰৰ জয় নাৰায়ণ ব্যাস বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক বীৰেন্দ্ৰ সিং পৰিহাৰে কয়, 'এই পদচিহ্নবোৰ ২০০ নিযুত বছৰ পুৰণি। জয়ছালমেৰ নামৰ এখন গাঁওৰ ওচৰত এই পদচিহ্নবোৰ পোৱা গৈছে। তিনিখন ভৰিৰ চিহ্নবোৰ জুৰাচিক যুগৰ বুলি তথ্যত প্ৰকাশ পাইছে। ভৰিৰ চাপসমূহ অধ্যয়নৰ পাছত এইবোৰ কোনো বৃহৎ আকাৰৰ মাংসাহাৰী প্ৰাণীৰ বুলি গৱেষকে নিশ্চিত কৰিছে। গৱেষকে লগতে কয় যে, গভীৰ পৰ্যৱেক্ষণৰ পাছত এইকথা বুজিপোৱা সম্ভৱ হৈছে যে, এই প্ৰজাতিৰ ডাইনোছৰৰ দীঘল দাঁত আছিল। নখযুক্ত হাঁতোৰা গধুৰ আছিল। এইটোও অনুমান কৰা হৈছে যে, সেই সময়ত বৰ্তমানৰ আমেৰিকাতো এই প্ৰজাতিৰ ডাইনোছৰবোৰৰ বিচৰণ আছিল। এই সম্পৰ্কে এতিয়াও অধিক পৰ্যৱেক্ষণ আৰু গৱেষণাৰ প্ৰয়োজন আছে বুলি গৱেষকসকলে প্ৰকাশ কৰিছে। কিন্তু তেওঁ কয়, 'এয়া মাত্ৰ আৰম্ভণিহে। আগন্তুক দিনত ৰাজস্থানত এনে ধৰণৰ অধিক প্ৰজাতিৰ পদচিহ্ন বা শৰীৰৰ অংশ পোৱা যাব পাৰে।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক