--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাস্ত্ৰত লিখা আছে জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া ক'ত হ'ব কোনেও নাজানে। জন্ম, মৃত্যু আৰু বিবাহত মানুহৰ কোনো হাত নাথাকে। এয়া সম্পূৰ্ণ ঈশ্বৰৰ ইচ্ছাত সম্পন্ন হয়। কোৱা হয় যে কোন আপোনাৰ জীৱনসংগী হ'ব সেয়া আগতেই ওপৰৱালাই লিখি ৰাখে, তেওঁ নিবিচাৰিলে হোমৰ গুৰিতো বিয়া ভাঙে। 

শেহতীয়াকৈ ঘটা এক ঘটনাই এই কথা সত্য প্ৰমাণিত কৰিলে। ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাত। এখন বিয়াত দৰা-কইনাই বৰমালা পিন্ধোৱাৰ লগতে সাত ফেৰেও ল'লে, সকলো ৰীতি-নীতি মতে সুন্দৰকৈ সম্পন্ন হোৱাৰ পাছতো কেৱলমাত্ৰ কইনাক বিদায় দিয়াৰ ক্ষণ আহোতেই বিয়াখন ভাগি থাকিল।  

বিদায়ৰ ঠিক আগতে দৰা-কইনাৰ পক্ষৰ মাজত কূল দেৱতাক লৈ বিবাদ আৰম্ভ হৈছিল। শেষত পৰিস্থিতি এনেকুৱা হ’ল যে কইনাক বিদায় দিবলৈ ৰাজী নহ'ল কইনাঘৰীয়া। ফলত খালী হাতে ঘৰলৈ উভতিল দৰা। 

ঘটনা অনুসৰি গংগাৰাম ৰাৱটৰ পুত্ৰ আশীষ কুমাৰৰ সৈতে গিৰিধাৰীৰ কন্যা ৰঞ্জনাৰ বিয়া ঠিক হৈছিল। কইনাক নিবলৈ উলহ-মালহেৰে বৰযাত্ৰীসহ কইনাৰঘৰত উপস্থিত হৈছিল দৰা আশীষ কুমাৰ। কইনা ঘৰৰ মানুহেও অতি উষ্ম আদৰণি জনাইছিল বৰযাত্ৰীসকলক। বৰযাত্ৰীসকলক সুস্বাদু ব্যঞ্জনেৰে আপ্যায়িতও কৰিলে কইনাৰ পৰিয়ালে। 

সকলো সুন্দৰকৈ হৈ যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া কইনাৰ বিদায়ৰ সময় হ’ল, তেতিয়াই এক বিবাদৰ আৰম্ভণি হয়। বিদায়ৰ ঠিক আগে আগে কোনোবাই আঙুলিয়াই দিলে যে দুয়োটা পৰিয়ালৰ কূল দেৱতা বেলেগ বেলেগ। এই কথা শুনি কইনাৰ ফালৰ মানুহবোৰৰ খং উঠিল।

কইনাৰ মোমায়েক ৰামনেৱাজে কয় যে দৰাৰ পক্ষই এই তথ্য লুকুৱাই ৰাখি আমাক প্ৰতাৰণা কৰিলে। তেওঁ বিবাহ ভংগ কৰাৰ কথা ঘোষণা কৰি খৰচৰ ক্ষতিপূৰণৰ দাবী জনায়। বিষয়টো তীব্ৰতৰ হোৱা দেখি দুয়োপক্ষই থানা পালেহি।

দৰা পক্ষই অভিযোগ উত্থাপন কৰিছে যে কইনাৰ পক্ষই গহনাবোৰ হস্তগত কৰাৰ লগতে এতিয়া বিয়াৰ খৰচৰ ক্ষতিপূৰণৰো দাবী কৰিছে। থানাতে বিবাদ চলি থাকিল। অৱশেষত দৰা-কইনা দুয়োজনে সন্মতি দি বিবাহ বাতিল কৰে।

এই বিষয়ত এছ এইচ অ’ সুধীৰ কুমাৰ সিঙে কয় যে দুয়োপক্ষই পাৰস্পৰিক সন্মতিৰে বিবাহ নকৰাৰ সিদ্ধান্ত লৈছে। এই ঘটনাক লৈ অঞ্চলটোত ব্যাপক চৰ্চা হৈছে। হোমৰ জুইক সাক্ষী কৰি সাত ফেৰে লোৱাৰ পাছতো কেৱল দুয়ো পৰিয়ালৰ কূল দেৱতা বেলেগ হোৱাৰ বাবেই এখন বিয়া ৰভাতলীতে ভাগি থাকিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু