--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাস্ত্ৰত লিখা আছে জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া ক'ত হ'ব কোনেও নাজানে। জন্ম, মৃত্যু আৰু বিবাহত মানুহৰ কোনো হাত নাথাকে। এয়া সম্পূৰ্ণ ঈশ্বৰৰ ইচ্ছাত সম্পন্ন হয়। কোৱা হয় যে কোন আপোনাৰ জীৱনসংগী হ'ব সেয়া আগতেই ওপৰৱালাই লিখি ৰাখে, তেওঁ নিবিচাৰিলে হোমৰ গুৰিতো বিয়া ভাঙে। 

শেহতীয়াকৈ ঘটা এক ঘটনাই এই কথা সত্য প্ৰমাণিত কৰিলে। ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাত। এখন বিয়াত দৰা-কইনাই বৰমালা পিন্ধোৱাৰ লগতে সাত ফেৰেও ল'লে, সকলো ৰীতি-নীতি মতে সুন্দৰকৈ সম্পন্ন হোৱাৰ পাছতো কেৱলমাত্ৰ কইনাক বিদায় দিয়াৰ ক্ষণ আহোতেই বিয়াখন ভাগি থাকিল।  

বিদায়ৰ ঠিক আগতে দৰা-কইনাৰ পক্ষৰ মাজত কূল দেৱতাক লৈ বিবাদ আৰম্ভ হৈছিল। শেষত পৰিস্থিতি এনেকুৱা হ’ল যে কইনাক বিদায় দিবলৈ ৰাজী নহ'ল কইনাঘৰীয়া। ফলত খালী হাতে ঘৰলৈ উভতিল দৰা। 

ঘটনা অনুসৰি গংগাৰাম ৰাৱটৰ পুত্ৰ আশীষ কুমাৰৰ সৈতে গিৰিধাৰীৰ কন্যা ৰঞ্জনাৰ বিয়া ঠিক হৈছিল। কইনাক নিবলৈ উলহ-মালহেৰে বৰযাত্ৰীসহ কইনাৰঘৰত উপস্থিত হৈছিল দৰা আশীষ কুমাৰ। কইনা ঘৰৰ মানুহেও অতি উষ্ম আদৰণি জনাইছিল বৰযাত্ৰীসকলক। বৰযাত্ৰীসকলক সুস্বাদু ব্যঞ্জনেৰে আপ্যায়িতও কৰিলে কইনাৰ পৰিয়ালে। 

সকলো সুন্দৰকৈ হৈ যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া কইনাৰ বিদায়ৰ সময় হ’ল, তেতিয়াই এক বিবাদৰ আৰম্ভণি হয়। বিদায়ৰ ঠিক আগে আগে কোনোবাই আঙুলিয়াই দিলে যে দুয়োটা পৰিয়ালৰ কূল দেৱতা বেলেগ বেলেগ। এই কথা শুনি কইনাৰ ফালৰ মানুহবোৰৰ খং উঠিল।

কইনাৰ মোমায়েক ৰামনেৱাজে কয় যে দৰাৰ পক্ষই এই তথ্য লুকুৱাই ৰাখি আমাক প্ৰতাৰণা কৰিলে। তেওঁ বিবাহ ভংগ কৰাৰ কথা ঘোষণা কৰি খৰচৰ ক্ষতিপূৰণৰ দাবী জনায়। বিষয়টো তীব্ৰতৰ হোৱা দেখি দুয়োপক্ষই থানা পালেহি।

দৰা পক্ষই অভিযোগ উত্থাপন কৰিছে যে কইনাৰ পক্ষই গহনাবোৰ হস্তগত কৰাৰ লগতে এতিয়া বিয়াৰ খৰচৰ ক্ষতিপূৰণৰো দাবী কৰিছে। থানাতে বিবাদ চলি থাকিল। অৱশেষত দৰা-কইনা দুয়োজনে সন্মতি দি বিবাহ বাতিল কৰে।

এই বিষয়ত এছ এইচ অ’ সুধীৰ কুমাৰ সিঙে কয় যে দুয়োপক্ষই পাৰস্পৰিক সন্মতিৰে বিবাহ নকৰাৰ সিদ্ধান্ত লৈছে। এই ঘটনাক লৈ অঞ্চলটোত ব্যাপক চৰ্চা হৈছে। হোমৰ জুইক সাক্ষী কৰি সাত ফেৰে লোৱাৰ পাছতো কেৱল দুয়ো পৰিয়ালৰ কূল দেৱতা বেলেগ হোৱাৰ বাবেই এখন বিয়া ৰভাতলীতে ভাগি থাকিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ