--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীক দোষাৰোপ কৰি এগৰাকী স্বামীৰ আত্মহত্যা। মুম্বাইৰ ভিলে পাৰ্লে অঞ্চলৰ এখন ফাইভ ষ্টাৰ হোটেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে নিশান্ত ত্ৰিপাঠী নামৰ ৪১ বছৰীয়া এনিমেটৰ এগৰাকীয়ে। এই পদক্ষেপ লোৱাৰ পূৰ্বে নিশান্তই নিজৰ কোম্পানীৰ ৱেবছাইটত এখন ছুইচাইড নোট পোষ্ট কৰিছিল, য’ত তেওঁ পত্নী অপূৰ্বা পাৰিক আৰু তেওঁৰ পেহীয়েকক আত্মহত্যাৰ বাবে জগৰীয়া কৰি গৈছে।

মুম্বাইৰ পালঘৰৰ বাসিন্দা নিশান্তই আত্মহত্যাৰ তিনিদিন পূৰ্বে ভিলে পাৰ্লেৰ এখন হোটেলত বাহৰ পাতিছিল। ছুইচাইড নোটত নিশান্তই পত্নীক উদ্দেশ্যি কৰি লিখিছিল - ''হাই বেবী, তুমি এইখিনি কথা পঢ়াৰ সময়লৈকে মই নোহোৱা হৈ যাম।' শেষ মুহূৰ্তত তোমাক ঘৃণা কৰিব পাৰিলোহেঁতেন, কিন্তু মই তেনেকুৱা কৰা নাই। এই মুহূৰ্তৰ বাবে মই কেৱল প্ৰেম বাছি লৈছোঁ। মই আগতে তোমাক ভাল পাইছিলোঁ, এতিয়াও তোমাক ভাল পাওঁ আৰু প্ৰতিশ্ৰুতি দিয়াৰ দৰে মোৰ প্ৰেম কেতিয়াও কমি নাযায়।''

মোৰ মায়ে জানে যে মোৰ আন সমস্যাবোৰৰ বাহিৰেও মোৰ মৃত্যুৰ বাবে তুমি (অপুৰ্বা) আৰু তোমাৰ পেহী প্ৰাৰ্থনাও দায়ী। সেয়ে এতিয়া মাৰ ওচৰলৈ নাযাবলৈ হাত যোৰ কৰি অনুৰোধ জনাইছোঁ। ইতিমধ্যেই মোৰ মাৰ সম্পূৰ্ণ হৃদয় ভাঙি গৈছে, তেওঁক এতিয়া শান্তিত শোক প্ৰকাশ কৰিবলৈ দিবা।

ছুইচাইড নোটৰ শেষত নিশান্তই পত্নীৰ বাবে এটা কবিতাও লিখিছিল, য’ত তেওঁ নিজৰ প্ৰেম প্ৰকাশ কৰিছিল।

উল্লেখ্য যে আত্মহত্যা কৰাৰ পূৰ্বে নিশান্তই কোঠাটোৰ দুৱাৰত ‘Do Not Disturb’ বুলি এখন ফলক লগাই দিছিল। কেইবা ঘণ্টা ধৰি দুৱাৰখন নোখোলা বাবে হোটেলৰ কৰ্মচাৰীয়ে মাষ্টাৰ চাবিৰে দুৱাৰখন খুলিলে আৰু ভিতৰত তেওঁৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছত আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষীৰ তদন্তৰ সময়ত নিশান্তৰ চুইচাইড নোট তেওঁৰ কোম্পানীৰ ৱেবছাইটত উদ্ধাৰ হয়। কানপুৰত বাস কৰা নিশান্তৰ মাতৃয়ে বোৱাৰী অপূৰ্বা আৰু পেহীয়েক প্ৰাৰ্থনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অপূৰ্বাৰ বিৰুদ্ধে বিএনএছ ধাৰা ১০৮ (আত্মহত্যাৰ সহায়)ৰ অধীনত গোচৰ ৰুজু কৰিছে।

মৃত নিশান্তৰ মাতৃ নীলম ত্ৰিপাঠী কানপুৰৰ বাসিন্দা। তেওঁ আৰক্ষীক জনায় যে নিশান্তৰ পত্নীৰ পূৰ্বেও এবাৰ বিয়া হৈছিল আৰু বিবাহ বিচ্ছেদ হৈছিল। ইয়াৰ পিছত অপূৰ্বাই নিশান্তক এটা পাৰ্টিত লগ পাইছিল য'ত তেওঁলোকৰ চিনাকি হৈছিল। ইয়াৰ পাছত দুয়ো দুয়োৰে প্ৰেমত পৰে আৰু বিবাহপাশত আৱদ্ধ হয় কিন্তু দুয়োৰে মাজত সম্পৰ্ক ভাল নহ’ল আৰু দুয়োৰে বিবাহ বিচ্ছেদ হ’বলৈ ওলাইছিল। অৱশেষত পত্নীৰ দ্বাৰা অতীষ্ঠ হৈ আত্মহত্যাৰ পথ বাচি লয় নিশান্ত ত্ৰিপাঠীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ