--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিডবিৰোধী যুঁজত আন এক মাত্ৰ দিয়াৰ দিশে অগ্ৰসৰ হৈছে ভাৰত। এইবাৰ কিশোৰ-কিশোৰীৰ বাবেও সাজু কৰা হৈছে ক’ভিড প্ৰতিষেধক। তৃতীয় লহৰ অহাৰ আশংকা আৰু এই লহৰে শিশু-কিশোৰক অধিক আক্ৰান্তৰ কৰিব বুলি সতৰ্কবাণী প্ৰকাশ পাই থকাৰ সময়তে ১২ৰ পৰা ১৮বছৰৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবেও সাজু কৰা হৈছে ক’ভিড প্ৰতিষেধক।

এতিয়া ১৮ৰ ঊৰ্ধ্বৰ লোকসকলকহে টিকাকৰণৰ আওঁতালৈ অনা হৈছে যদিও দেশে ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে সাজু হৈছে। অহা ছেপ্টেম্বৰ মাহৰ পৰা ১২ৰ পৰা ১৮ বছৰৰ কিশোৰসকলক প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰিছে প্ৰতিষেধক প্ৰদানৰ বাবে গঠিন ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ মুৰব্বী এন কে অৰোৰাই। জাইডাছ প্ৰতিষেধকেৰে এই বয়সৰ কিশোৰ-কিশোৰীৰ টিকাকৰণ কৰা হ’ব বুলি অৰোৰাই প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, এসপ্তাহৰ ভিতৰতে জাইডাছ প্ৰতিষেধৰ জৰুৰী ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰা হ’ব।

ইফালে, দেশত আজিলৈকে মুঠ ৩৬.৮৯ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। আনহাতে, বিগত ২৪ঘণ্টাত দেশত ৪৩,৩৯৩জন নতুন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৯১১জন আক্ৰান্তৰ। সংক্ৰমণৰ হাৰ হৈছে ২,৪২ শতাংশ। আৰোগ্যৰ হাৰ ৯৭.১৯শতাংশলৈ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ