--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুঠী টাউনশ্বিপৰ সমীপত অৱস্থিত কাশ্মীৰী পণ্ডিত প্ৰব্ৰজনকাৰীৰ ১২খন অস্থায়ী দোকান ভাঙিলে জম্মু উন্নয়ন কৰ্তৃপক্ষই। এই কাৰ্যই কাশ্মীৰী পণ্ডিত সমাজত গভীৰ ক্ষোভ আৰু হতাশাৰ সৃষ্টি কৰিছে। দোকানীসকলে কয় যে এই ভাঙি পেলোৱা কাৰ্য্যৰ পূৰ্বে তেওঁলোকক কোনো জাননী দিয়া হোৱা নাছিল, যাৰ বাবে তেওঁলোকে জীৱিকাক লৈ চিন্তিত হৈ পৰিছে। ঘটনাৰ পিছতে বিৰোধীয়ে জম্মু-কাশ্মীৰ চৰকাৰকো লক্ষ্য কৰি লৈছে।

পিডিপিৰ মুৰব্বী মেহবুবা মুফতিয়ে টুইটাৰত ক্ষতিগ্ৰস্ত দোকানীসকলৰ এটা ক্লিপ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক বিবেচনা কৰিবলৈ কয়। তেওঁ কয় যে ভাঙি যোৱা দোকানৰ ধ্বংসাৱশেষৰ কাষত অসহায় হৈ থিয় দি কাশ্মীৰী পণ্ডিত দোকানীসকলে এক হৃদয় বিদাৰক দৃশ্যৰ সন্মুখীন হৈছে। অভিযোগ অনুসৰি জে ডি এয়ে কোনো পূৰ্ব জাননী নিদিয়াকৈ সেইবোৰ ভাঙি পেলায়। এই কাৰ্য্যই তেওঁলোকৰ বিচ্ছিন্নতা আৰু হেৰুৱাৰ ভাৱক গভীৰ কৰি তুলিছে।

বিজেপিৰ মুখপাত্ৰ জিএল ৰাইনাই সেই স্থান পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নেতৃত্বত এন চি-কংগ্ৰেছ চৰকাৰ ঘূৰি অহাৰ অতি সোনকালে এইটো প্ৰতিশোধৰ কাম যেন লাগে বুলিও তেওঁ কয়। তেওঁ কয় যে এই পৰিয়ালসমূহক জেডিএয়ে বিকল্প প্ৰদান কৰিব লাগিছিল। চৰকাৰে এই অসহায় জনগোষ্ঠীটোক লক্ষ্য কৰি লোৱা বন্ধ কৰক।’

Bulldozer Action On Kashmiri Pandit Shops,कश्मीरी पंडितों की दुकानों पर  बुलडोजर एक्शन, जम्मू में बिना नोटिस दिए ढहाई गई 10 दुकानें - bulldozer  action on shops of kashmiri pandits in ...

আচলতে নব্বৈৰ দশকত সন্ত্ৰাসবাদৰ বাবে কাশ্মীৰৰ পৰা স্থানচ্যুত হোৱা কাশ্মীৰী পণ্ডিতসকলে এই অস্থায়ী দোকানসমূহৰ জৰিয়তে জীৱিকা নিৰ্বাস কৰি আহিছে। ক্ষতিগ্ৰস্ত দোকানীসকলে কয় যে এইটোৱেই আছিল তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ উপায়। ১৯৯১ চনত আৰম্ভ হোৱা এই দোকানসমূহৰ ওপৰত চলি থকা বুলডজাৰৰ বাবে এতিয়া তেওঁলোক অৰ্থনৈতিক অৱস্থা আৰু অস্তিত্বৰ প্ৰতি ভাবুকিৰ সন্মুখীন হৈছে। স্থানীয় দোকানীসকলে অভিযোগ কৰে যে জেডিয়ে কোনো পূৰ্ব জাননী নিদিয়াকৈ দোকানসমূহ ভাঙি পেলায়। ক্ষতিগ্ৰস্ত দোকানীসকলে কয়, "কিয় বুলি সুধিলে কোনো উত্তৰ নাপাওঁ। আমাৰ জীৱিকা কাঢ়ি লোৱা হ'ল। আমি ইয়াত ৩০ বছৰ ধৰি বসবাস কৰি আহিছো, কিন্তু এতিয়া পুনৰ সংগ্ৰাম কৰিব লাগিব।"

জেডিএৰ বিষয়াসকলে জনোৱা মতে, এই দোকানসমূহ জেডিএৰ মাটিত অবৈধভাৱে নিৰ্মাণ কৰা হৈছে। সাহায্য আৰু পুনৰ্বাসন বিভাগৰ আয়ুক্ত অৰবিন্দ কাৰৱানীয়ে সেই স্থান পৰিদৰ্শন কৰি দোকানীসকলক আশ্বাস দিয়ে যে মুঠি টাউনশ্বিপৰ দ্বিতীয় পৰ্যায়ত এটা শ্বপিং কমপ্লেক্স নিৰ্মাণ কৰা হ’ব আৰু ক্ষতিগ্ৰস্ত দোকানীসকলক নতুনকৈ দোকান আবণ্টন দিয়া হ’ব।

এই ঘটনাই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। পিডিপিৰ মুৰব্বী মেহবুবা মুফতিয়ে ক্ষতিগ্ৰস্ত দোকানীৰ ভিডিঅ’ শ্বেয়াৰ কৰি জেডিএৰ এই কাৰ্যক গৰিহণা দিয়ে। তেওঁ কয় যে ‘জাননী অবিহনে এই কার্যই কাশ্মীৰী পণ্ডিতসকলৰ অশান্তি অধিক বৃদ্ধি কৰিছে৷ আন আন ৰাজনৈতিক দলসমূহেও এই বিষয়ত প্ৰশাসনক সমালোচনা কৰি প্ৰব্ৰজনকাৰীসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।’

কাশ্মীৰী পণ্ডিত প্ৰব্ৰজনকাৰী সমাজে লেফটেনেণ্ট গৱৰ্ণৰ আৰু চৰকাৰক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে কয় যে পুনৰ্বাসন আৰু আৰ্থিক সাহায্য অবিহনে তেওঁলোকৰ জীৱিকাৰ সংকট সমাধান কৰিব নোৱাৰি। এই ঘটনাই আজিও নিজৰ অস্তিত্ব আৰু মৰ্যাদাৰ বাবে সংগ্ৰাম কৰি থকা কাশ্মীৰী পণ্ডিতসকলৰ দশক দশক পুৰণি দুৰ্দশাক উজ্জ্বল কৰি তুলিছে।

এই ঘটনাই আকৌ এবাৰ উদঙাই দিছে কাশ্মীৰী পণ্ডিতসকলৰ সংগ্ৰাম। তিনি দশকৰো অধিক সময়ৰ পাছতো তেওঁলোক জন্মস্থানৰ পৰা স্থানচ্যুত হয়। মুঠী টাউনশ্বিপৰ এই দোকানবোৰ তেওঁলোকৰ অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰতীক হোৱাই নহয়, তেওঁলোকৰ অস্থিৰ জীৱনত স্বাভাৱিক জীৱন যাপনৰ আভাসো দিছিল।

ক্ষতিগ্ৰস্ত জনগোষ্ঠীয়ে প্ৰশাসনক তেওঁলোকৰ দোকানসমূহ পুনৰ নিৰ্মাণ কৰি উপযুক্ত পুনৰ্বাসনৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে। জি মিডিয়াই এই সন্দৰ্ভত সাহায্য আৰু পুনৰ্বাসন বিভাগৰ আয়ুক্ত অৰবিন্দ কাৰৱানীক প্ৰশ্ন কৰে। তেওঁ কয় যে আমি তেওঁলোকক নিশ্চয় সহায় কৰিম।’ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement