--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছদিনীয়া বিদেশ ভ্ৰমণেৰে তিনিখন দেশৰ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৬ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ প্ৰধানমন্ত্ৰীয়ে তিনিখন নাইজেৰিয়া, ব্ৰাজিল আৰু গায়ানাৰ দেশৰ ভ্ৰমণ কালত বিভিন্ন শীৰ্ষস্থানীয় নেতাৰ সৈতে ৩১ খন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

নাইজেৰিয়াত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰা পাছতে তেওঁ ব্ৰাজিলত অনুষ্ঠিত ১৯ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণৰ পাছতে ১০খনকৈ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰ পিছতে তেওঁ গিয়ানা ভ্ৰমণৰ সময়ত ৯খন দ্বিপাক্ষিক বৈঠকতো মিলিত হয়।

ইয়াৰ পাছত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী। ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়া, পৰ্তুগাল, ইটালী, নৰৱে, ফ্ৰান্স, যুক্তৰাজ্য, চিলি, আৰ্জেণ্টিনা আৰু অষ্ট্ৰেলিয়াৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।বৈঠকত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবো ছুবিয়ানটো, পৰ্তুগীজৰ প্ৰধানমন্ত্ৰী লুইছ মণ্টেনেগ্ৰো, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, চিলিৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিক আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই উপস্থিত আছিল।

ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰ, দক্ষিণ কোৰিয়া, ইজিপ্ত, আমেৰিকা আৰু স্পেইনৰ নেতাকলকো সাক্ষাৎ কৰে ইয়াৰোপৰি ইউৰোপীয় সংঘৰ উৰ্চুলা ভন ডেৰ লেয়েনকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীৰ সৈতে সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে এণ্টনিঅ’ গুটেৰেছ- ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা- টেড্ৰ’ছ আধানম গেব্ৰেইছাছ, বিশ্ব স্বাস্থ্য সংস্থা-ক্ৰীষ্টালিনা জৰ্জিভা আদি কেইবাটাও সংগঠনৰ মুৰব্বীৰ সৈতেও কৌশলগত আলোচনাত মিলিত হয়।

গায়ানাত প্ৰধানমন্ত্ৰী মোদীয়ে গায়ানা, ডমিনিকা, বাহামাছ, ট্ৰিনিদাদ এণ্ড ট’বাগো, চুৰিনাম, বাৰ্বাডোছ, এন্টিগুয়া আৰু বাৰ্বুডা, গ্ৰেনাডা আৰু চেণ্ট লুচিয়াৰ নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

উল্লেখযোগ্য যে ৫৬ বছৰৰ পাছত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে গায়ানা ভ্ৰমণ কৰিছিল। ইয়াতেই প্ৰধানমন্ত্ৰী মোদীক গায়ানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ এক্সেলেন্সেৰে’ সন্মানিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ