--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছদিনীয়া বিদেশ ভ্ৰমণেৰে তিনিখন দেশৰ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৬ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ প্ৰধানমন্ত্ৰীয়ে তিনিখন নাইজেৰিয়া, ব্ৰাজিল আৰু গায়ানাৰ দেশৰ ভ্ৰমণ কালত বিভিন্ন শীৰ্ষস্থানীয় নেতাৰ সৈতে ৩১ খন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

নাইজেৰিয়াত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰা পাছতে তেওঁ ব্ৰাজিলত অনুষ্ঠিত ১৯ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণৰ পাছতে ১০খনকৈ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰ পিছতে তেওঁ গিয়ানা ভ্ৰমণৰ সময়ত ৯খন দ্বিপাক্ষিক বৈঠকতো মিলিত হয়।

ইয়াৰ পাছত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী। ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়া, পৰ্তুগাল, ইটালী, নৰৱে, ফ্ৰান্স, যুক্তৰাজ্য, চিলি, আৰ্জেণ্টিনা আৰু অষ্ট্ৰেলিয়াৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।বৈঠকত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবো ছুবিয়ানটো, পৰ্তুগীজৰ প্ৰধানমন্ত্ৰী লুইছ মণ্টেনেগ্ৰো, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, চিলিৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিক আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই উপস্থিত আছিল।

ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰ, দক্ষিণ কোৰিয়া, ইজিপ্ত, আমেৰিকা আৰু স্পেইনৰ নেতাকলকো সাক্ষাৎ কৰে ইয়াৰোপৰি ইউৰোপীয় সংঘৰ উৰ্চুলা ভন ডেৰ লেয়েনকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীৰ সৈতে সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে এণ্টনিঅ’ গুটেৰেছ- ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা- টেড্ৰ’ছ আধানম গেব্ৰেইছাছ, বিশ্ব স্বাস্থ্য সংস্থা-ক্ৰীষ্টালিনা জৰ্জিভা আদি কেইবাটাও সংগঠনৰ মুৰব্বীৰ সৈতেও কৌশলগত আলোচনাত মিলিত হয়।

গায়ানাত প্ৰধানমন্ত্ৰী মোদীয়ে গায়ানা, ডমিনিকা, বাহামাছ, ট্ৰিনিদাদ এণ্ড ট’বাগো, চুৰিনাম, বাৰ্বাডোছ, এন্টিগুয়া আৰু বাৰ্বুডা, গ্ৰেনাডা আৰু চেণ্ট লুচিয়াৰ নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

উল্লেখযোগ্য যে ৫৬ বছৰৰ পাছত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে গায়ানা ভ্ৰমণ কৰিছিল। ইয়াতেই প্ৰধানমন্ত্ৰী মোদীক গায়ানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ এক্সেলেন্সেৰে’ সন্মানিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ