--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেনিংটন অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে উজলিল যশপ্ৰীত বুমৰাহ। এদিনীয়া কেৰিয়াৰৰ সবাটোকৈ উত্‍কৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে বুমৰাহে। ৭.২ অ’ভাৰত মাত্ৰ ১৯ ৰান ব্যয়েৰে ৬টা উইকেট দখল কৰে বুমৰাহে। ইংলেণ্ডৰ ভূমিত ভাৰতীয় দ্ৰুত বলাৰ হিচাপে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বলিং ফিগাৰৰ নজিৰ তুলি ধৰিবলৈ সক্ষম হৈছে বুমৰাহে। বুমৰাহৰ বলিং বিক্ৰমৰ সুবাদতে ইংলেণ্ডে  মাত্ৰ ১১০ ৰানতে ইনিংছ সামৰিবলগীয়া হৈছিল।

শেহতীয়াকৈ, বুমৰাহে আন এক কৃতিত্বৰ অধিকাৰী হৈ পৰিছে। আইচিচি ৰেংকিঙত বিশ্বৰ এক নম্বৰ বলাৰ হিচাপে যোগ্যতা অৰ্জন বুমৰাহৰ। বুধবাৰে এই কথা প্ৰকাশ কৰিছে আইচিচিয়ে। নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্টৰ ঠাইত ক্ৰিকেটৰ তিনিটা ফৰ্মেটতে ভাৰতৰ একমাত্ৰ পেচাৰৰ স্থান দখল কৰিছে বুমৰাহে। পাকিস্তানৰ শ্বাহীন আফ্ৰিদী তৃতীয় আৰু অষ্ট্ৰেলিয়ান পেচাৰ জোছ হেজেলউড চতুৰ্থ স্থানত আছে। আফগানিস্তানৰ মজিবুৰ ৰহমান আছে তালিকাৰ পঞ্চম স্থানত। 

দলীয় ৰেংকিঙতো আগবাঢ়িছে ভাৰত। ইংলেণ্ডৰ বিৰুদ্ধে খেলৰ পূৰ্বে ভাৰতে ১০৫ ৰেটিং পইণ্টেৰে আইচিচিৰ ৰেংকিঙৰ চতুৰ্থ স্থানত আছিল ভাৰত। ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত ৰেটিং হয়গৈ ১০৬। আৰু ইয়াৰ লগে লগে ভাৰতে পাকিস্তানক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ভাৰত এতিয়া বিশ্বৰ তিনি নম্বৰ স্থানত থকা এদিনীয়া দল।

আনহাতে, সূৰ্যকুমাৰ যাদৱ এতিয়া বিশ্বৰ ৫ম গৰাকী লেখত ল’বলগীয়া টি-২০ বেটছমেন। দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ তৃতীয় আৰু অন্তিমখন টি-২০ মেচত সূৰ্যকুমাৰৰ বেটৰ পৰা আহিছিল ১১৭ ৰানৰ উজ্জ্বল ইনিংছ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?