--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতীয় নৌসেনাত এক নতুন সংযোজন। কৃত্ৰিম উপগ্ৰহ, পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰীক্ষণৰ উপৰিও শত্ৰুৰ চাবমেৰিন চিনাক্ত কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে এখন অত্যাধুনিক জাহাজ। জাহাজখন প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ' আৰু ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থা অৰ্থাত্‍ এনটিঅ'ৰ সহায়ত হিন্দুস্তান শ্বিপইয়ৰ্ডে নিৰ্মাণ কৰিছে। অতি শীঘ্ৰেই বিশাখাপত্তনমৰ পৰা ভাৰতীয় নৌবাহিনীত আনুষ্ঠানিকভাৱে জাহাজখন অন্তৰ্ভুক্ত কৰা হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই সদৰী কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ১০ ছেপ্টেম্বৰত অত্যাধুনিক জাহাজখন আনুষ্ঠানিকভাৱে নৌ সেনাত অন্তৰ্ভুক্ত কৰিব বুলি জানিবলৈ দিছে।


উল্লেখ্য যে, এনে অত্যাধুনিক জাহাজ বৰ্তমান ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ৰাছিয়া আৰু চীনতহে আছে। প্ৰতিবেদন অনুসৰি, ১০,০০০ টন ওজনৰ অত্যাধুনিক জাহাজখনে ভৱিষ্যতে ভাৰতৰ অন্যতম বৃহৎ ক্ষেপণাস্ত্ৰ বিৰোধী বাহিনী হ'বলৈ সাজু হৈছে। ভাৰতৰ বিভিন্ন চহৰ আৰু সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা মিছাইলৰ বিষয়ে আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰো সুবিধা আছে জাহাজখনত। জাহাজখনত এটা সক্ৰিয় স্কেন এৰে ৰাডাৰো সংযুক্ত কৰা হৈছে, যিয়ে ভাৰতক নিৰীক্ষণ কৰা উপগ্ৰহসমূহ চিনাক্ত কৰিব। সমগ্ৰ অঞ্চলটোত মিছাইল পৰীক্ষাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে জাহাজখনে ভাৰতীয় অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰিব বুলিও প্ৰকাশ পাইছে। সংশ্লিষ্ট কোৱাৰ্টাৰসমূহৰ প্ৰতিবেদন অনুসৰি, ইণ্ডো-পেচিফিক অঞ্চলসমূহৰ নিৰীক্ষণৰ ক্ষেত্ৰত জাহাজখনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব। চীনে সাগৰকেন্দ্ৰীক সামৰিক ক্ষমতা বৃদ্ধি কৰিবলৈ আগবাঢ়ি যোৱাৰ লগে লগে, ই দ্ৰুততাৰে চোৰাংচোৱা তথ্য সংগ্ৰহ কৰিবলৈ আৰু প্ৰকৃত সময়ত সতৰ্ক কৰিবলৈ সক্ষম হ'ব বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?