--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতীয় নৌসেনাত এক নতুন সংযোজন। কৃত্ৰিম উপগ্ৰহ, পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰীক্ষণৰ উপৰিও শত্ৰুৰ চাবমেৰিন চিনাক্ত কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে এখন অত্যাধুনিক জাহাজ। জাহাজখন প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ' আৰু ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থা অৰ্থাত্‍ এনটিঅ'ৰ সহায়ত হিন্দুস্তান শ্বিপইয়ৰ্ডে নিৰ্মাণ কৰিছে। অতি শীঘ্ৰেই বিশাখাপত্তনমৰ পৰা ভাৰতীয় নৌবাহিনীত আনুষ্ঠানিকভাৱে জাহাজখন অন্তৰ্ভুক্ত কৰা হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই সদৰী কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ১০ ছেপ্টেম্বৰত অত্যাধুনিক জাহাজখন আনুষ্ঠানিকভাৱে নৌ সেনাত অন্তৰ্ভুক্ত কৰিব বুলি জানিবলৈ দিছে।


উল্লেখ্য যে, এনে অত্যাধুনিক জাহাজ বৰ্তমান ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ৰাছিয়া আৰু চীনতহে আছে। প্ৰতিবেদন অনুসৰি, ১০,০০০ টন ওজনৰ অত্যাধুনিক জাহাজখনে ভৱিষ্যতে ভাৰতৰ অন্যতম বৃহৎ ক্ষেপণাস্ত্ৰ বিৰোধী বাহিনী হ'বলৈ সাজু হৈছে। ভাৰতৰ বিভিন্ন চহৰ আৰু সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা মিছাইলৰ বিষয়ে আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰো সুবিধা আছে জাহাজখনত। জাহাজখনত এটা সক্ৰিয় স্কেন এৰে ৰাডাৰো সংযুক্ত কৰা হৈছে, যিয়ে ভাৰতক নিৰীক্ষণ কৰা উপগ্ৰহসমূহ চিনাক্ত কৰিব। সমগ্ৰ অঞ্চলটোত মিছাইল পৰীক্ষাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে জাহাজখনে ভাৰতীয় অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰিব বুলিও প্ৰকাশ পাইছে। সংশ্লিষ্ট কোৱাৰ্টাৰসমূহৰ প্ৰতিবেদন অনুসৰি, ইণ্ডো-পেচিফিক অঞ্চলসমূহৰ নিৰীক্ষণৰ ক্ষেত্ৰত জাহাজখনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব। চীনে সাগৰকেন্দ্ৰীক সামৰিক ক্ষমতা বৃদ্ধি কৰিবলৈ আগবাঢ়ি যোৱাৰ লগে লগে, ই দ্ৰুততাৰে চোৰাংচোৱা তথ্য সংগ্ৰহ কৰিবলৈ আৰু প্ৰকৃত সময়ত সতৰ্ক কৰিবলৈ সক্ষম হ'ব বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক