--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশব্যাপী কৃষি আইনবিৰোধী কৃষক বিদ্ৰোহ অব্যাহত থকাৰ সময়তে এইবাৰ ইয়াক কেন্দ্ৰ কৰি ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছে হাৰিয়ানাত। হাৰিয়ানাৰ বিজেপি নেতৃত্বৰ চৰকাৰ এইবাৰ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে। বিৰোধী দল কংগ্ৰেছে দাবী কৰিছে যে, দুজন নিৰ্দলীয় বিধায়কে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে। কৃষক বিদ্ৰোহৰ মাজতে বিৰোধীৰ এই পদক্ষেপ মনোহৰ লাল খট্টৰ চৰকাৰক বিব্ৰত কৰাৰ বাবে বুলি ধাৰণা কৰা হৈছে যদিও চৰকাৰৰ ভিতৰ চ’ৰাত অনুভূত হোৱা কঁপনিক উলাই কৰিব নোৱাৰি।

আৰু পঢ়িব পাৰিব : দেশৰ বয়োজ্যেষ্ঠতম : ১০৩বছৰীয়াই গ্ৰহণ কৰিলে ক’ভিড ভেকচিন

বিজেপিৰ সহযোগী দল দুষ্যন্ত চৌতালা নেতৃত্বৰ জেজেপিয়ে কৃষি আইনৰ বিৰুদ্ধাচৰণ কৰাৰ পাছত দল দুটাৰ মাজত দূৰত্ব স্পষ্ট হৈ পৰিছে। বিজেপিয়ে অৱশ্যে চৰকাৰলৈ কোনো ভাবুকি অহা নাই বুলি দাবী কৰিছে। তথাপি বিৰোধী দল কংগ্ৰেছৰ এই পদক্ষেপে বিজেপিৰ সহযোগী দল জেজেপিৰ ওপৰত চাপ বৃদ্ধিৰ সম্ভাৱনা আছে। কিয়নো দলটোৱে কৃষি আইনৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি আহিছে আৰু কৃষকৰ কাষত থিয় দিয়াৰ কথা প্ৰকাশ কৰি আহিছে। একাংশ জেজেপি বিধায়কে আশংকা প্ৰকাশ কৰিছে যে, তেওঁলোকক নিজৰ নিজৰ সমষ্টিত ৰাইজে প্ৰত্যাখ্যান কৰাৰ উপক্ৰম হৈছে। জেজেপিৰ এই দোধোৰ-মোধোৰ অৱস্থাৰ সুযোগ বিৰোধী কংগ্ৰেছে গ্ৰহণ কৰা চেষ্টা কৰিছে।

আৰু পঢ়িব পাৰিব : ‘অজাপ’ৰ পৰা কেন্দ্ৰীয় সম্পাদকসহ ১৭ জনৰ পদত্যাগ

উল্লেখ্য যে, ৯০খন আসনৰ হাৰিয়ানা বিধানসভাৰ ৪০খন আসন আছে বিজেপিৰ দখলত। ১০খন আসন জেজেপিয়ে দখল কৰি আছে। আন পাঁচজন নিৰ্দলীয় বিধায়কৰ সমৰ্থনো আছে চৰকাৰৰ সৈতে। কংগ্ৰেছৰ আসনৰ সংখ্যা ৩১খন। দুখন আসন খালী থকাৰ পৰিপ্ৰেক্ষিতত সংখ্যাগৰিষ্ঠতাৰ সীমা হৈছে ৪৫।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ