--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি সংৰক্ষণ সংস্কাৰ আন্দোলনত অস্থিৰ হৈ পৰিছে বাংলাদেশ। চাকৰিৰ ক্ষেত্ৰত সকলো ধৰণৰ সংৰক্ষণ বিলুপ্ত কৰাৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে ছাত্ৰ সমাজ। আৰক্ষী আৰু দেশৰ শাসকীয় দল আৱামী লীগৰ কৰ্মী আৰু সমৰ্থকৰ মাজত সংঘৰ্ষত বহু লোকৰ মৃত্যু হয়। আঘাতপ্ৰাপ্তৰ সংখ্যা শ শ। সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯ জন। বাংলাদেশৰ সংবাদ মাধ্যম "প্ৰথম আলো"ৰ বাতৰি অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জন।

পিটিআইৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ জন। পুনৰ সংবাদ সংস্থা এ এফ পিৰ বাতৰি অনুসৰি ৩৯ জন লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত অহা দেওবাৰে বাংলাদেশৰ আদালতে সংৰক্ষণৰ ভিত্তিত গোচৰৰ শুনানি গ্ৰহণ কৰিব।

কিন্তু বাংলাদেশত সংৰক্ষণক লৈ ইমান ক্ষোভ কিয়? চৰকাৰী চাকৰিত কোনে সৰ্বাধিক সুবিধা পায়? সেই ব্যৱস্থাটো সলনি কৰিবলৈ কিয় আন্দোলন চলিছে?

১৯৭২ চনৰ পৰা বাংলাদেশত চাকৰি সংৰক্ষণ ব্যৱস্থা চলি আছে। এই সেৱাত স্বাধীনতা সংগ্ৰামী আৰু তেওঁলোকৰ সন্তানৰ বাবে সুকীয়া আসন সংৰক্ষিত কৰা হৈছে। ইয়াৰ উপৰিও মহিলা, সামাজিকভাৱে পিছপৰা গোট আৰু বিশেষভাৱে সক্ষম লোকসকলে সংৰক্ষণৰ সুবিধা লাভ কৰে। এইদৰে মুঠ ৫৬ শতাংশ আসন সংৰক্ষণ বহীলৈ গৈছে। বাকী ৪৪ শতাংশ আসন সাধাৰণৰ বাবে। য’ত নিযুক্তি মেধাৰ ওপৰত ভিত্তি কৰি কৰা হয়।

১৯৭২ চনত বাংলাদেশত চলি থকা সংৰক্ষণ ব্যৱস্থাত মাত্ৰ ২০ শতাংশ মেৰিট ভিত্তিক নিযুক্তি আছিল। বাকী ৮০ শতাংশ জিলাখনৰ সংৰক্ষিত আসন। তাৰ ভিতৰত ৩০ শতাংশ স্বাধীনতা সংগ্ৰামী আৰু ১০ শতাংশ যুদ্ধ আক্ৰান্ত মহিলাৰ বাবে আবণ্টন দিয়া হৈছিল।

১৯৭৬ চনত প্ৰথমবাৰৰ বাবে সংৰক্ষণ ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰা হয়। মেধাৰ ভিত্তিত নিযুক্তি দিয়া হয়। কোৱা হৈছে যে মুঠ নিযুক্তিৰ ৪০ শতাংশ মেধাৰ ভিত্তিত হ’ব। বাকী ৩০ শতাংশ স্বাধীনতা সংগ্ৰামী, ১০ শতাংশ মহিলা, ১০ শতাংশ যুদ্ধ ক্ষতিগ্ৰস্ত মহিলা আৰু ১০ শতাংশ নিযুক্তি জিলাৰ বাসিন্দাক আবণ্টন দিয়া হৈছে।

১৯৮৫ চনত সংৰক্ষণ ব্যৱস্থাত আন এক পৰিৱৰ্তন ঘটে। পিছপৰা গোট অৰ্থাৎ জনজাতিক সংৰক্ষণৰ অধীনলৈ অনা হয়। সেই সময়ত কোৱা হৈছিল যে ৪৫ শতাংশ চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব। বাকী ৫৫ শতাংশৰ ভিতৰত ৩০ শতাংশ স্বাধীনতা সংগ্ৰামীৰ বাবে, ১০ শতাংশ মহিলা আৰু পাঁচ শতাংশ জনজাতীয় লোকৰ বাবে আবণ্টন দিয়া হয়৷

১৯৯৭ চনত বাংলাদেশৰ সংৰক্ষণ ব্যৱস্থাত স্বাধীনতা সংগ্ৰামী আৰু তেওঁলোকৰ সন্তানক অন্তৰ্ভুক্ত কৰা হৈছিল। ২০০২ চনত কোৱা হৈছিল যে স্বাধীনতা সংগ্ৰামীৰ বাবে আবণ্টিত আসনত যদি উপযুক্ত প্ৰাৰ্থী পোৱা নাযায়, তেন্তে তেওঁলোকক যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব। ২০০৮ চনত আৱামি লীগ ক্ষমতালৈ অহাৰ সময়ত এই নিৰ্দেশনা বাতিল কৰা হৈছিল। লগতে কোৱা হৈছে যে স্বাধীনতা সংগ্ৰামীৰ বাবে আবণ্টিত আসন পূৰণ নহ’লে খালী ৰখা হ’ব। ২০১১ চনত স্বাধীনতা সংগ্ৰামীসকলৰ সন্তানৰ লগতে তেওঁলোকৰ নাতি-নাতিনীকো সংৰক্ষণ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছিল। ২০১২ চনত ইয়াৰ লগত এক শতাংশ প্ৰতিবন্ধী সংৰক্ষণ সংযোজন কৰা হৈছিল।

আৰম্ভণিৰে পৰাই বাংলাদেশৰ জনসাধাৰণৰ মাজত সংৰক্ষণৰ বিৰুদ্ধে এক গোপন ক্ষোভৰ সৃষ্টি হৈছিল। এই আন্দোলনে প্ৰথমে ২০১৮ চনত ডাঙৰ ৰূপ ধাৰণ কৰিছিল। আন্দোলনৰ হেঁচাত পৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সংসদত থিয় দি সকলো ধৰণৰ সংৰক্ষণ বাতিল কৰাৰ কথা ঘোষণা কৰে। জাতিৰ বাবে ৫ শতাংশ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ১ শতাংশ সংৰক্ষণহে ৰখা হৈছে।

কিন্তু সংৰক্ষণ বাতিলৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ২০২১ চনত স্বাধীনতা সংগ্ৰামীৰ সন্তানসকলে উচ্চ ন্যায়ালয়লৈ গৈছিল। আদালতে তেওঁলোকৰ পক্ষত ৰায় দিলে। পুনৰ বাংলাদেশত সংৰক্ষণ ব্যৱস্থা আৰম্ভ হ’ল আগৰ দৰেই। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই হাছিনা চৰকাৰে উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগত আবেদন জনায়। ইয়াৰ মাজতে এই মাহতে সমগ্ৰ দেশতে এক নতুন আন্দোলন আৰম্ভ হয়। যিটো ক্ৰমান্বয়ে বৃদ্ধি পালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক