--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতত ক’ভিড পৰিস্থিতিয়ে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। টিকাকৰণকে একমাত্ৰ ভৰসা কৰি দেশ আগবাঢ়িছে যদিও প্ৰতিষেধকৰ নাটনিও এই যুঁজত এক বাধা হিচাপে ঠিক দিছে। কিন্তু বাধা আঁতৰোৱাৰ দিশত ভাৰতৰ আন এখন বন্ধু ৰাষ্ট্ৰই যোগাইছে যোগ্য সহযোগিতা। দেশত তৃতীয় পৰ্যায়ৰ টিকাকৰণ চলি থকাৰ সময়তে ভাৰতলৈ আহিছে ৰাছিয়াত নিৰ্মিত কোভিড প্ৰতিষেধক ‘স্পুটনিক-ভি’।

আৰু পঢ়িব পাৰিব : অজয়-টাবুৰ দৃশ্যম-২ক লৈ অনিশ্চয়তা, কিন্তু কিয়?

১ মেত ইয়াৰ প্ৰথমটো ভাণ্ডাৰ দেশলৈ আহিছিল আৰু এতিয়া অহা দুদিনৰ ভিতৰত ভাৰতৰ সহযোগী ৰাষ্ট্ৰখনে ডেৰ লাখ পালি প্ৰতিষেধক ভাৰতলৈ প্ৰেৰণ কৰিব। আনহাতে আন তিনি নিযুত পালি প্ৰতিষেধক ‘স্পুটনিক-ভি’ৰ ভাৰতীয় সহযোগী হায়দৰাবাদত থকা ডাঃ ৰেড্ডিজ লেবৰেটৰীলৈ পঠিয়াবলৈ সাজু কৰা হৈছে। এই প্ৰতিষেধকখিনি এই মাহৰ শেষভাগত ভাৰত পাবহি।

আৰু পঢ়িব পাৰিব : সুখবৰ : ৭ মে’ৰপৰা সকলোৰে বাবে সুলভ হ’ব প্ৰতিষেধক

ৰাছিয়ান প্ৰতিষেধক নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘স্পুটনিক-ভি’এ অহা মাহত পাঁচ নিযুতলৈ প্ৰতিষেধকৰ উৎপাদন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে জুলাই মাহলৈ ইয়াৰ উৎপাদন বৃদ্ধি হ’ব ১০ নিযুতলৈ। নতুন দিল্লী আৰু মস্কোৰ ৰাষ্ট্ৰদূতে প্ৰকাশ কৰা মতে, ৰাছিয়াই ভাৰতলৈ কমেও চাৰিখন মজলীয়া আকাৰৰ অক্সিজেন প্ৰস্তুতকাৰী ট্ৰাক প্ৰেৰণ কৰিব যাৰ জৰিয়তে এখন ২০০বিছনাযু্ক্ত হাস্পতালৰ প্ৰোজন পূৰণ কৰিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু