--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতত ক’ভিড পৰিস্থিতিয়ে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। টিকাকৰণকে একমাত্ৰ ভৰসা কৰি দেশ আগবাঢ়িছে যদিও প্ৰতিষেধকৰ নাটনিও এই যুঁজত এক বাধা হিচাপে ঠিক দিছে। কিন্তু বাধা আঁতৰোৱাৰ দিশত ভাৰতৰ আন এখন বন্ধু ৰাষ্ট্ৰই যোগাইছে যোগ্য সহযোগিতা। দেশত তৃতীয় পৰ্যায়ৰ টিকাকৰণ চলি থকাৰ সময়তে ভাৰতলৈ আহিছে ৰাছিয়াত নিৰ্মিত কোভিড প্ৰতিষেধক ‘স্পুটনিক-ভি’।

আৰু পঢ়িব পাৰিব : অজয়-টাবুৰ দৃশ্যম-২ক লৈ অনিশ্চয়তা, কিন্তু কিয়?

১ মেত ইয়াৰ প্ৰথমটো ভাণ্ডাৰ দেশলৈ আহিছিল আৰু এতিয়া অহা দুদিনৰ ভিতৰত ভাৰতৰ সহযোগী ৰাষ্ট্ৰখনে ডেৰ লাখ পালি প্ৰতিষেধক ভাৰতলৈ প্ৰেৰণ কৰিব। আনহাতে আন তিনি নিযুত পালি প্ৰতিষেধক ‘স্পুটনিক-ভি’ৰ ভাৰতীয় সহযোগী হায়দৰাবাদত থকা ডাঃ ৰেড্ডিজ লেবৰেটৰীলৈ পঠিয়াবলৈ সাজু কৰা হৈছে। এই প্ৰতিষেধকখিনি এই মাহৰ শেষভাগত ভাৰত পাবহি।

আৰু পঢ়িব পাৰিব : সুখবৰ : ৭ মে’ৰপৰা সকলোৰে বাবে সুলভ হ’ব প্ৰতিষেধক

ৰাছিয়ান প্ৰতিষেধক নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘স্পুটনিক-ভি’এ অহা মাহত পাঁচ নিযুতলৈ প্ৰতিষেধকৰ উৎপাদন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে জুলাই মাহলৈ ইয়াৰ উৎপাদন বৃদ্ধি হ’ব ১০ নিযুতলৈ। নতুন দিল্লী আৰু মস্কোৰ ৰাষ্ট্ৰদূতে প্ৰকাশ কৰা মতে, ৰাছিয়াই ভাৰতলৈ কমেও চাৰিখন মজলীয়া আকাৰৰ অক্সিজেন প্ৰস্তুতকাৰী ট্ৰাক প্ৰেৰণ কৰিব যাৰ জৰিয়তে এখন ২০০বিছনাযু্ক্ত হাস্পতালৰ প্ৰোজন পূৰণ কৰিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ