--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এটা নিশাৰ ভিতৰতে সলনি হ’ল আৰিয়ানৰ ভাগ্যদশা। আৰিয়ানক আটক কৰি শিৰোনাম দখল কৰিছিল সমীৰ ৱানখেডে। ২ অক্টোবৰত প্ৰমোদতৰীৰ ড্ৰাগছ পাৰ্টীৰ পৰা আৰিয়ানক আটক কৰা মূল নায়কজনেই আছিল সমীৰ ৱানখেডে। নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰ’ৰ বিষয়া সমীৰ ৱানখেডে। সমীৰে মায়ানগৰীত ছদ্মবেশ ধৰিয়েই হাতেলোতে ধৰা পেলাইছিল বাদশ্বাহ পুত্ৰক। পৰৱৰ্তী সময়ৰ ঘটনাবোৰ এতিয়া সকলোৰে জ্ঞাত। কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে এক গোপন সত্য।

কেবল আৰিয়ানেই নহয়,এটা দশক পূৰ্বে সমীৰৰ বাবে বিপদত পৰিছিল বলীউড কিং শ্বাহৰুখ খান। উল্লেখ্য যে, এটা দশক পূৰ্বে পৰিয়ালৰ সৈতে বিদেশৰ পৰা উভতিছিল শ্বাহৰুখ। কিন্তু বিমানবন্দৰত ভৰি থোৱাৰ লগে লগে আলৈ-আথানি হয় অভিনেতাজনৰ। বলীউডৰ ‘কিং’ক আটক কৰে আয়কৰ বিভাগে। সমীৰ তেতিয়া আয়কৰ বিভাগৰ ডেপুটী কালেক্টৰ আছিল। বিমানবন্দৰত শ্বাহৰুখক কেইবাঘণ্টা ধৰি সোধাপোছা কৰা হৈছিল। জানিবলৈ পোৱা মতে, শ্বাহৰুখ আৰু তেওঁৰ পৰিয়ালে হ'লেণ্ড আৰু লণ্ডনৰ পৰা অতিৰিক্ত সামগ্ৰী ক্ৰয় কৰিছিল। তেওঁলোকে ২০ টা মোনা ভৰ্তি সামগ্ৰী লৈ আহিছিল বিদেশৰ পৰা। নিয়ম ভংগ কৰি পৰিত্ৰাণ পোৱা নাছিল শ্বাহৰুখে।

এটা ভুলৰ বাবে ১.৫ লাখ টকাৰ জৰিমনা ভৰিবলগা হৈছিল শ্বাহৰুখে। স্মৰ্তব্য যে, এতিয়ালৈকে আৰিয়ানৰ বাবে কোনো বিশেষ ব্যৱস্থা কৰা হোৱা নাই। আন অভিযুক্তৰ দৰে নীৰৱে নিতালে কাৰাগাৰতে দিন অতিবাহিত কৰিছে বাদশ্বাহ পুত্ৰই। এক দশক পূৰ্বৰ সমীৰ আৰু এতিয়াৰ সমীৰৰ মাজত কোনো পাৰ্থক্য দেখিবলৈ পোৱা নাই। সলনি হৈছে মাথো স্থান আৰু কাল। যি সমীৰৰ হাতৰ পৰা খুদ শ্বাহৰুখ খানে সাৰি যোৱা নাছিল তেনেক্ষেত্ৰত আৰিয়ান কাণ্ডত নমনীয় স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰায় ক্ষীণ হৈ পৰিছে! শেহতীয়া তদণ্ডবোৰেই ইয়াৰ প্ৰমাণ…।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী