--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এটা নিশাৰ ভিতৰতে সলনি হ’ল আৰিয়ানৰ ভাগ্যদশা। আৰিয়ানক আটক কৰি শিৰোনাম দখল কৰিছিল সমীৰ ৱানখেডে। ২ অক্টোবৰত প্ৰমোদতৰীৰ ড্ৰাগছ পাৰ্টীৰ পৰা আৰিয়ানক আটক কৰা মূল নায়কজনেই আছিল সমীৰ ৱানখেডে। নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰ’ৰ বিষয়া সমীৰ ৱানখেডে। সমীৰে মায়ানগৰীত ছদ্মবেশ ধৰিয়েই হাতেলোতে ধৰা পেলাইছিল বাদশ্বাহ পুত্ৰক। পৰৱৰ্তী সময়ৰ ঘটনাবোৰ এতিয়া সকলোৰে জ্ঞাত। কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে এক গোপন সত্য।

কেবল আৰিয়ানেই নহয়,এটা দশক পূৰ্বে সমীৰৰ বাবে বিপদত পৰিছিল বলীউড কিং শ্বাহৰুখ খান। উল্লেখ্য যে, এটা দশক পূৰ্বে পৰিয়ালৰ সৈতে বিদেশৰ পৰা উভতিছিল শ্বাহৰুখ। কিন্তু বিমানবন্দৰত ভৰি থোৱাৰ লগে লগে আলৈ-আথানি হয় অভিনেতাজনৰ। বলীউডৰ ‘কিং’ক আটক কৰে আয়কৰ বিভাগে। সমীৰ তেতিয়া আয়কৰ বিভাগৰ ডেপুটী কালেক্টৰ আছিল। বিমানবন্দৰত শ্বাহৰুখক কেইবাঘণ্টা ধৰি সোধাপোছা কৰা হৈছিল। জানিবলৈ পোৱা মতে, শ্বাহৰুখ আৰু তেওঁৰ পৰিয়ালে হ'লেণ্ড আৰু লণ্ডনৰ পৰা অতিৰিক্ত সামগ্ৰী ক্ৰয় কৰিছিল। তেওঁলোকে ২০ টা মোনা ভৰ্তি সামগ্ৰী লৈ আহিছিল বিদেশৰ পৰা। নিয়ম ভংগ কৰি পৰিত্ৰাণ পোৱা নাছিল শ্বাহৰুখে।

এটা ভুলৰ বাবে ১.৫ লাখ টকাৰ জৰিমনা ভৰিবলগা হৈছিল শ্বাহৰুখে। স্মৰ্তব্য যে, এতিয়ালৈকে আৰিয়ানৰ বাবে কোনো বিশেষ ব্যৱস্থা কৰা হোৱা নাই। আন অভিযুক্তৰ দৰে নীৰৱে নিতালে কাৰাগাৰতে দিন অতিবাহিত কৰিছে বাদশ্বাহ পুত্ৰই। এক দশক পূৰ্বৰ সমীৰ আৰু এতিয়াৰ সমীৰৰ মাজত কোনো পাৰ্থক্য দেখিবলৈ পোৱা নাই। সলনি হৈছে মাথো স্থান আৰু কাল। যি সমীৰৰ হাতৰ পৰা খুদ শ্বাহৰুখ খানে সাৰি যোৱা নাছিল তেনেক্ষেত্ৰত আৰিয়ান কাণ্ডত নমনীয় স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰায় ক্ষীণ হৈ পৰিছে! শেহতীয়া তদণ্ডবোৰেই ইয়াৰ প্ৰমাণ…।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?