--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। শ্বহীদ হ’ল পাঁচজনকৈ সৈনিক। এগৰাকী সেনা বিষয়া তথা আন চাৰিজন জোৱান নিহত হৈছে এই আক্ৰমণত। জম্মু-কাশ্মীৰ পুচ্চ জিলাত আজি এই ঘটনা সংঘটিত হয়। সুৰানকোটৰ ডেৰা কী গলি নামৰ অঞ্চলটোত আজি পুৱাই সন্ত্ৰাসবাদবিৰোধী অভিযান চলাইছিল নিৰাপত্তাবাহিনীয়ে।

ব্যাপক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লৈ তাত সন্ত্ৰাসবাদীৰ দলে বাহৰ পাতি থকাৰ খবৰ লাভ কৰাৰ পাছতে চলোৱা হৈছিল অভিযান। কিন্তু অভিযানকাৰী দললৈ অতৰ্কিতে ধাৰাসাৰে গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। ফলত পাঁচজনলৈ সেনা জোৱান শ্বহীদ হয়। এতিয়াও তাত গুলীয়াগুলী অব্যাহত আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।


উল্লেখ্য যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ পুনৰ বৃদ্ধি পাইছে। পাকিস্তান সমৰ্থিত আৰু লস্কৰ ঈ তৈবাৰ দৰে সন্ত্ৰাসবাদীৰ সহযোগ লাভ কৰা সন্ত্ৰাসবাদীৰ দলে সাধাৰণ নাগৰিককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু কেইবাজনৰো প্ৰাণহানি ঘটাইছে। শেহতীয়াকৈ কেন্দ্ৰৰ বিশেষবাহিনী তাত সন্ত্ৰাসবাদ দমনত নিয়োজিত হৈছে যদিও সন্ত্ৰাসবাদীৰ এনে ভয়ংকৰ উত্থান উদ্বেগৰ কাৰণ হৈ পৰিছে। এই ঘটনাৰ পাছতে সেনাৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীলৈ ৰাওনা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য