--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। শ্বহীদ হ’ল পাঁচজনকৈ সৈনিক। এগৰাকী সেনা বিষয়া তথা আন চাৰিজন জোৱান নিহত হৈছে এই আক্ৰমণত। জম্মু-কাশ্মীৰ পুচ্চ জিলাত আজি এই ঘটনা সংঘটিত হয়। সুৰানকোটৰ ডেৰা কী গলি নামৰ অঞ্চলটোত আজি পুৱাই সন্ত্ৰাসবাদবিৰোধী অভিযান চলাইছিল নিৰাপত্তাবাহিনীয়ে।

ব্যাপক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লৈ তাত সন্ত্ৰাসবাদীৰ দলে বাহৰ পাতি থকাৰ খবৰ লাভ কৰাৰ পাছতে চলোৱা হৈছিল অভিযান। কিন্তু অভিযানকাৰী দললৈ অতৰ্কিতে ধাৰাসাৰে গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। ফলত পাঁচজনলৈ সেনা জোৱান শ্বহীদ হয়। এতিয়াও তাত গুলীয়াগুলী অব্যাহত আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।


উল্লেখ্য যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ পুনৰ বৃদ্ধি পাইছে। পাকিস্তান সমৰ্থিত আৰু লস্কৰ ঈ তৈবাৰ দৰে সন্ত্ৰাসবাদীৰ সহযোগ লাভ কৰা সন্ত্ৰাসবাদীৰ দলে সাধাৰণ নাগৰিককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু কেইবাজনৰো প্ৰাণহানি ঘটাইছে। শেহতীয়াকৈ কেন্দ্ৰৰ বিশেষবাহিনী তাত সন্ত্ৰাসবাদ দমনত নিয়োজিত হৈছে যদিও সন্ত্ৰাসবাদীৰ এনে ভয়ংকৰ উত্থান উদ্বেগৰ কাৰণ হৈ পৰিছে। এই ঘটনাৰ পাছতে সেনাৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীলৈ ৰাওনা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?