--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেল হাজোতত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ পুত্ৰ আৰিয়ান। পুত্ৰৰ জেল গমনৰ পাছতে বাদশ্বাহৰ প্ৰাসাদত ক্ৰমাত্‍ নিসংগতাই বিৰাজ কৰিছে। সকলো আনন্দ একপ্ৰকাৰ মিহলি হৈ গৈছে মাটিৰ সৈতে। শ্বাহৰুখ পত্নী গৌৰী খানৰ ৫১ সংখ্যক জন্মদিনো হতাশাৰ মাজেৰে অতিবাহিত হ’ল। চাৰিখন দেৱালৰ ভিতৰত আৱদ্ধ পুত্ৰই য’ত ৰাজপ্ৰাসাদৰ আহাৰ ত্যাগ কৰিবলগীয়া হৈছে তেনেস্থলত কেক কাটি জন্মদিন উদযাপন কৰাটো কিমান কষ্টকৰ সেয়া গৌৰী খানে জানে,বুজে।

যি কি নহওক, জন্মদিনৰ আগদিনাৰ পৰাই তেওঁলোকৰ পুত্ৰক জামিনত অনাৰ বাবে চেষ্টা কৰিছিল। কিন্তু বলীউড কিংৰ সকলো প্ৰচেষ্টাই একপ্ৰকাৰ ব্যৰ্থ হৈ পৰে। পুত্ৰৰ জামিনৰ বাবে বাদশ্বাহে ব্যয়বহুল অধিবক্তাকো নিযুক্ত কৰিছে। তেওঁৰ নাম সতীশ মানশিন্দে। বিগত কেইবছৰমানৰপৰা তেওঁৱেই বলীউদৰ ত্ৰাণকৰ্তা ৰূপে কাম কৰি আহিছে। শ্বাহৰুখে সেই ভাবিয়ে সতীশক আৰিয়ানৰ ব্যক্তিগত অধিবক্তা হিচাপে নিযুক্ত দিছিল। অৱশ্যে শ্বাহৰুখে ভবা মতে হোৱা নাই কথাবোৰ। আদালতে জামিনত মঞ্জুৰ কৰাটো দূৰৈৰ কথা পনৰ ১৪ দিনৰ ন্যায়িেক জিম্মাত হে প্ৰেৰণ কৰে আৰিয়ানক। ইফালে ছলমান খান, হৃত্বিক ৰোশন, দীপিকা পাডুকন, জনী লিভাৰ আৰু সুজানাৰ দৰে একাংশ চেলিব্ৰিটিয়ে শ্বাহৰুখৰ সৈতে থিয় দিছে।


অলপ পলমকৈ হ’লেও দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা চনু ছুডেও এইবাৰ শ্বাহৰুখৰ শুভাকাংক্ষীৰ তালিকাখনত স্থান লাভ কৰিছে। কিন্তু আদালতৰ জামিন মঞ্জুৰ ক্ষেত্ৰত আদালতৰ নিৰ্দেশক লৈ কোনো নেতিবাচক মন্তব্য দিয়া নাই। এক টুইটযোগে তেওঁ কয়, ‘আদালতে নিজৰ সময় ল'বই। কিন্তু এই কঠিন সময়ছোৱাত মানুহৰ মানসিকতা আৰু মনৰ পৰা যিধৰণে আৱৰণ সলনি হৈছে সেয়া আপোনাৰ চৰিত্ৰৰ প্ৰমাণপত্ৰত ওৰে জীৱনটোৰ বাবে লিপিবদ্ধ হৈ ৰ’ব। কালি আকৌ নতুন প্ৰভাত হ’ব। কিন্তু আপুনি মনৰ সাহস হেৰুৱাই নেপেলাব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ