--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেল হাজোতত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ পুত্ৰ আৰিয়ান। পুত্ৰৰ জেল গমনৰ পাছতে বাদশ্বাহৰ প্ৰাসাদত ক্ৰমাত্‍ নিসংগতাই বিৰাজ কৰিছে। সকলো আনন্দ একপ্ৰকাৰ মিহলি হৈ গৈছে মাটিৰ সৈতে। শ্বাহৰুখ পত্নী গৌৰী খানৰ ৫১ সংখ্যক জন্মদিনো হতাশাৰ মাজেৰে অতিবাহিত হ’ল। চাৰিখন দেৱালৰ ভিতৰত আৱদ্ধ পুত্ৰই য’ত ৰাজপ্ৰাসাদৰ আহাৰ ত্যাগ কৰিবলগীয়া হৈছে তেনেস্থলত কেক কাটি জন্মদিন উদযাপন কৰাটো কিমান কষ্টকৰ সেয়া গৌৰী খানে জানে,বুজে।

যি কি নহওক, জন্মদিনৰ আগদিনাৰ পৰাই তেওঁলোকৰ পুত্ৰক জামিনত অনাৰ বাবে চেষ্টা কৰিছিল। কিন্তু বলীউড কিংৰ সকলো প্ৰচেষ্টাই একপ্ৰকাৰ ব্যৰ্থ হৈ পৰে। পুত্ৰৰ জামিনৰ বাবে বাদশ্বাহে ব্যয়বহুল অধিবক্তাকো নিযুক্ত কৰিছে। তেওঁৰ নাম সতীশ মানশিন্দে। বিগত কেইবছৰমানৰপৰা তেওঁৱেই বলীউদৰ ত্ৰাণকৰ্তা ৰূপে কাম কৰি আহিছে। শ্বাহৰুখে সেই ভাবিয়ে সতীশক আৰিয়ানৰ ব্যক্তিগত অধিবক্তা হিচাপে নিযুক্ত দিছিল। অৱশ্যে শ্বাহৰুখে ভবা মতে হোৱা নাই কথাবোৰ। আদালতে জামিনত মঞ্জুৰ কৰাটো দূৰৈৰ কথা পনৰ ১৪ দিনৰ ন্যায়িেক জিম্মাত হে প্ৰেৰণ কৰে আৰিয়ানক। ইফালে ছলমান খান, হৃত্বিক ৰোশন, দীপিকা পাডুকন, জনী লিভাৰ আৰু সুজানাৰ দৰে একাংশ চেলিব্ৰিটিয়ে শ্বাহৰুখৰ সৈতে থিয় দিছে।


অলপ পলমকৈ হ’লেও দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা চনু ছুডেও এইবাৰ শ্বাহৰুখৰ শুভাকাংক্ষীৰ তালিকাখনত স্থান লাভ কৰিছে। কিন্তু আদালতৰ জামিন মঞ্জুৰ ক্ষেত্ৰত আদালতৰ নিৰ্দেশক লৈ কোনো নেতিবাচক মন্তব্য দিয়া নাই। এক টুইটযোগে তেওঁ কয়, ‘আদালতে নিজৰ সময় ল'বই। কিন্তু এই কঠিন সময়ছোৱাত মানুহৰ মানসিকতা আৰু মনৰ পৰা যিধৰণে আৱৰণ সলনি হৈছে সেয়া আপোনাৰ চৰিত্ৰৰ প্ৰমাণপত্ৰত ওৰে জীৱনটোৰ বাবে লিপিবদ্ধ হৈ ৰ’ব। কালি আকৌ নতুন প্ৰভাত হ’ব। কিন্তু আপুনি মনৰ সাহস হেৰুৱাই নেপেলাব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?