--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিম’গ্লবিন বা তেজৰ অভাৱত যিকোনো বয়সৰ লোক আক্ৰান্ত হ’ব পাৰে। তেজত হিম’গ্লবিনৰ অভাৱ হ’লে ৰক্তহীনতাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত কিছু সাধাৰণ ঘৰুৱা উপায়েৰে ৰক্তহীনতা দূৰ কৰাত সহায়ক হ’ব পাৰে। খাদ্য আৰু জীৱনশৈলী সলনি কৰি কোনো দৰব ব্যৱহাৰ নোহোৱাকৈ শৰীৰত হিম’গ্লবিন বৃদ্ধি কৰিব পাৰি। ৰক্তহীনতা দূৰ কৰাৰ তিনিটা সহজ ঘৰুৱা উপায় জানো আহক।

চজিনাৰ পাতঃ-তেজৰ অভাৱ বা ৰক্তহীনতাত চজিনাৰ পাত অতি উপকাৰী। এই পাতত বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে হিম’গ্লবিন বৃদ্ধি কৰাত সহায় কৰে। নিয়মিতভাৱে চজিনাৰ পাত ৰান্ধি খালে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায় আৰু ৰক্তহীনতা দূৰ হয়।

তিল:-তিলত বহু পৰিমাণৰ আইৰণ আৰু ফাইবাৰ থাকে, যিয়ে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। তিল সেৱনে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। ৰক্তহীনতা বা তেজৰ অভাৱত ভুগি থকা লোকে দৈনিক তিল সেৱন কৰিব পাৰে।এচামুচ তিল নিশাটোৰ বাবে পানীত তিয়াই সেই পানী সেৱন কৰিব পাৰে। ইয়াৰ ফলত তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ উপৰি তিলৰ চাটনি বা লাড়ু বনাই খালেও ৰক্তহীনতাৰ অভাৱ দূৰ হয়।

তামৰ পাত্ৰত পানী খোৱা:-তামৰ পাত্ৰত পানী খালেও ৰক্তহীনতা বা তেজৰ অভাৱত দূৰ হয়। তামৰ পৰা সামান্য পৰিমাণৰ আইৰণ পানীত দ্ৰৱীভূত হৈ হিম’গ্লবিন বৃদ্ধিত সহায় কৰে।প্ৰতিদিনে পুৱা খালী পেটত তামৰ পাত্ৰ বা গিলাচত পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত তেজত আইৰণৰ পৰিমাণ বৃদ্ধি পাব আৰু হিম’গ্লবিনৰ মাত্ৰা স্বাভাৱিক হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ