--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিম’গ্লবিন বা তেজৰ অভাৱত যিকোনো বয়সৰ লোক আক্ৰান্ত হ’ব পাৰে। তেজত হিম’গ্লবিনৰ অভাৱ হ’লে ৰক্তহীনতাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত কিছু সাধাৰণ ঘৰুৱা উপায়েৰে ৰক্তহীনতা দূৰ কৰাত সহায়ক হ’ব পাৰে। খাদ্য আৰু জীৱনশৈলী সলনি কৰি কোনো দৰব ব্যৱহাৰ নোহোৱাকৈ শৰীৰত হিম’গ্লবিন বৃদ্ধি কৰিব পাৰি। ৰক্তহীনতা দূৰ কৰাৰ তিনিটা সহজ ঘৰুৱা উপায় জানো আহক।

চজিনাৰ পাতঃ-তেজৰ অভাৱ বা ৰক্তহীনতাত চজিনাৰ পাত অতি উপকাৰী। এই পাতত বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে হিম’গ্লবিন বৃদ্ধি কৰাত সহায় কৰে। নিয়মিতভাৱে চজিনাৰ পাত ৰান্ধি খালে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায় আৰু ৰক্তহীনতা দূৰ হয়।

তিল:-তিলত বহু পৰিমাণৰ আইৰণ আৰু ফাইবাৰ থাকে, যিয়ে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। তিল সেৱনে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। ৰক্তহীনতা বা তেজৰ অভাৱত ভুগি থকা লোকে দৈনিক তিল সেৱন কৰিব পাৰে।এচামুচ তিল নিশাটোৰ বাবে পানীত তিয়াই সেই পানী সেৱন কৰিব পাৰে। ইয়াৰ ফলত তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ উপৰি তিলৰ চাটনি বা লাড়ু বনাই খালেও ৰক্তহীনতাৰ অভাৱ দূৰ হয়।

তামৰ পাত্ৰত পানী খোৱা:-তামৰ পাত্ৰত পানী খালেও ৰক্তহীনতা বা তেজৰ অভাৱত দূৰ হয়। তামৰ পৰা সামান্য পৰিমাণৰ আইৰণ পানীত দ্ৰৱীভূত হৈ হিম’গ্লবিন বৃদ্ধিত সহায় কৰে।প্ৰতিদিনে পুৱা খালী পেটত তামৰ পাত্ৰ বা গিলাচত পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত তেজত আইৰণৰ পৰিমাণ বৃদ্ধি পাব আৰু হিম’গ্লবিনৰ মাত্ৰা স্বাভাৱিক হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু