--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখ-সমৃদ্ধি বৃদ্ধিৰ বাবে ফেংছুইৰ কেইটামান বিধি এনেধৰণৰ-বহুতে ফ্লেটত থকাৰ বাবে বাগিচা নিৰ্মাণ কৰি ল'ব নোৱাৰে। বাগিচা নিৰ্মাণৰ বাবে ঠাই থকাসকলে ফেংছুইৰ নিয়ম অনুসৰি বাগিচা নিৰ্মাণ কৰাটো উচিত। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ সন্মুখত সজোৱা বাগিচাত একোটা সৰু পুখুৰী অথবা কৃত্রিম পুখুৰী থাকিব লাগে। 


এনে পুখুৰীয়ে চ্চি শক্তিৰ সঞ্চাৰ ঘটোৱাত সহায় কৰে। এনে পুখুৰীৰ পানী সদায় পৰিষ্কাৰ হ'ব লাগে। বাগিচাত থকা পানী ফেংছুইৰ মতে দুই ধৰণৰ হ'ব পাৰে। এক ধৰণৰ পানী হৈছে গতিশীল পানী অর্থাৎ য়াং পানী আৰু আন ধৰণৰ পানী হৈছে স্থিৰ পানী অর্থাৎ য়িন পানী। প্রথমবিধ পানী বিভিন্ন ফোৱাৰা আদিৰ জৰিয়তে কৰিব পাৰি। দ্বিতীয়বিধ পানী পুখুৰীত সৃষ্টি কৰিব পাৰি। স্থিৰ পানীত পদুমফুল জাতীয় জলজ ফুল ফুলাই বাগিচাত চ্চি শক্তিৰ সঞ্চাৰ ঘটাব পাৰি। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ চৌদিশে পাতবাহাৰ জাতীয় গছ ৰোপণ কৰিলে চ্চি শক্তি যথেষ্ট বৃদ্ধি পায়। 

 ড্ৰেগনে কৰ্ম শক্তি বৃদ্ধি কৰাৰ লগতে নতুন কাম কৰিবলৈ মানুহৰ মনত উদ্দীপনাৰ সৃষ্টি কৰে। তদুপৰি ড্ৰেগন হৈছে প্রাণশক্তি তথা উৎসাহৰ প্ৰতীক। সেইবাবে ড্ৰেগনৰ মূৰ্তি যদি ঘৰৰ পূব দিশত ৰাখিব পাৰি তেন্তে সৌভাগ্য আৰু কৰ্মৰ প্ৰতি উৎসাহ বৃদ্ধি পায়। দৰাচলতে কৰ্মইহে মানুহক সৌভাগ্যৰ বাট মোকলাই দিয়ে। সেয়ে কর্ম শক্তি লাভ কৰিবলৈ মানুহে ড্ৰেগনৰ মূৰ্ত্তি ঘৰৰ পূব দিশত স্থাপন কৰিব লাগে। ড্ৰেগনৰ মূৰ্তি কাঠৰ উপৰি ছেৰামিক ক্ৰিষ্টেল আদিৰ দ্বাৰাও প্ৰস্তুত কৰা হয়। এনেধৰণৰ মূৰ্তিও ঘৰৰ পূব দিশত স্থাপন কৰিব পাৰি ।





 কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল ড্ৰেগনৰ মূৰ্তি কেতিয়াও লোৰে তৈয়াৰ কৰা হ'ব নালাগে। কাৰণ পূব দিশৰ উপাদান হৈছে কাঠ। ধাতুরে কাঠ কাটে। সেইবাবে ধাতুৰ সৈতে কাঠৰ সম্পৰ্ক সদায় বিপৰীতমুখী হয়। পূব দিশত ধাতুৰে নিৰ্মাণ কৰা ড্ৰেগনৰ মূৰ্তি ৰাখিলে হিতে বিপৰীতহে হ'ব পাৰে। ড্রোনৰ মূর্তি তেনে স্থানত ৰাখিব লাগে যি স্থানত অধিক হাৰত মানুহৰ সমাগম হয়।
 ফেংছুইৰ মতে শুভ প্রভাৱসমূহ আয়নাত প্ৰতিফলিত হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সলনি ঘৰৰ বাহিৰলৈ ওলাই যায়। সেইবাবে ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত কেতিয়াও আয়না ওলোমাই ৰাখিব নালাগে।ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি দেৱাল আদি থাকে তেন্তে সেই দেৱাল উকা কৰি ৰখাৰ সলনি তাত সুন্দৰ ৰং, ছবি আদি আঁকি বা আঁৰি  থ’লে গৃহস্থৰ মন প্ৰসন্ন হৈ পৰিব। 

তেনে দেৱালত বিভিন্ন প্রাকৃতিক দৃশ্য আদিৰ ছবি আঁকি বা আঁৰি  থ'ব পাৰি । তেনে প্রাকৃতিক দৃশ্যই গৃহস্থই ঘৰৰ মুখ্য দুৱাৰেৰে বাহিৰলৈ ওলোৱাৰ সময়ত গৃহস্থৰ মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ ঘটাব আৰু গৃহস্থৰ মন প্রফুল্ল হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ