--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত আলোচ্য হৈ পৰিছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰসংগ৷সোমবাৰে ৯টা সাংবাদিক সংগঠনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সংবাদ মাধ্যমৰ কৰ্মীৰ বিৰুদ্ধে “কঠোৰ আইন” ব্যৱহাৰ কৰাৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়।

প্ৰেছ ক্লাব অৱ ইণ্ডিয়া, ইণ্ডিয়ান উইমেন প্ৰেছ কৰ্প, প্ৰেছ এছ’চিয়েশ্যন, দিল্লী ইউনিয়ন অৱ জাৰ্নেলিষ্ট, ডিজিপাব, ফৰেইন কৰ্পৰেণ্ডেণ্টছ ক্লাব, কেৰেলা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, ভেটেৰাণ জাৰ্নেলিষ্ট গ্ৰুপ আৰু অল ইণ্ডিয়া ল’য়াৰ্ছ ইউনিয়নে “ভাৰতত স্বতন্ত্ৰ সংবাদ মাধ্যমৰ অৱস্থা”ৰ বাবে সৃষ্টি হোৱা পৰিবেশক গৰিহণা দিয়ে। লগতে সন্দৰ্ভত এক বিক্ষোভ অনুষ্ঠিত কৰে।

তেওঁলোকে কয় যে, ''আজি সংবাদ মাধ্যমে অধিক প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰৰ সন্মুখীন হৈছে।আমাৰ পেছাৰ বেছিভাগ মানুহেই বিপদজনক কৰ্ম পৰিস্থিতিৰ সন্মুখীন হয় যদিও সাংবাদিকৰ বিৰুদ্ধে কঠোৰ আইনৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে।”সাংবাদিকসকলৰ সংগঠনসমূহে কয় যে আমি সৰ্বোচ্চ সাংবিধানিক কৰ্তৃপক্ষ হিচাপে আপোনাক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো যাতে আমাৰ সংবিধানে সুৰক্ষিত স্বাধীনতাসমূহৰ ভিতৰত মত প্ৰকাশৰ স্বাধীনতা, জীৱিকাৰ স্বাধীনতা অন্তৰ্ভুক্ত হয়।


উল্লেখ্য যে কিছুদিন পূৰ্বে চীন সমৰ্থক অপপ্ৰচাৰৰ বাবে ধন লাভ কৰাৰ অভিযোগত অনলাইন নিউজ পৰ্টেল ‘নিউজক্লিক’ৰ সৈতে জড়িত কেইবাজনো সাংবাদিকৰ চৌহদত অভিযান চলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ