--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলত এতিয়া যুদ্ধৰ বিভীষিকা। কেতিয়া ক’ত বোমা ফুটে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে। এনে সময়তে যুদ্ধবিধ্বস্ত ইজৰাইলৰ পৰা আন ২৬৮ জন ভাৰতীয় ঘৰলৈ উভতি আহিছে। কেন্দ্ৰই ইজৰাইলত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ অপাৰেচন অজয় আৰম্ভ কৰিছে। 

এই অভিযানৰ অধীনতে  পঞ্চম খন বিমানেৰে বুধবাৰে ২৬৮গৰাকী ভাৰতীয়ই নিজৰ দেশত ভৰি দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এক্স-হেণ্ডেলত এই কথা প্ৰকাশ কৰিছে। ভাৰতীয়সকলৰ উপৰি যাত্ৰীসকলৰ ভিতৰত ১৮গৰাকী  জন নেপালৰ নাগৰিকো আছে।

"১৮গৰাকী  নেপালৰ নাগৰিকসহ ২৮৬ জন যাত্ৰী পঞ্চমখন  বিমানেৰে নতুন দিল্লীত উপস্থিত হৈছে। তেওঁলোকক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উষ্ম আদৰণি জনায়।

ইজৰাইলত ১৮,০০০ ভাৰতীয়ই বাস কৰে আৰু তাত কাম কৰে। তেওঁলোকৰ বহুতেই শিক্ষাৰ্থী। বহুতে আইটি কৰ্মী। সাম্প্ৰতিক পৰিস্থিতিত, তেওঁলোক বিপদত পৰিছে। কেইদিনমান আগতে হামাছে  গাজা অঞ্চলৰ পৰা ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিছিল। একে সময়তে, বহু সন্ত্ৰাসবাদীয়ে ইজৰাইলত  প্ৰৱেশ কৰিছিল। 

এতিয়াও সাধাৰণ নাগৰিকৰ ওপৰত হামাছৰ অত্যাচাৰ অব্যাহত আছে। হামাছ-ইজৰাইল সংঘৰ্ষত এতিয়ালৈকে ৪,০০০ ৰৰো অধিক লোক নিহত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন বৰ্তমান তেল আভিভত আছে। মাৰ্কিন  ৰাষ্ট্ৰপতি জো বিডেনেও বুধবাৰে যুদ্ধবিধ্বস্ত ইজৰাইল ভ্ৰমণ কৰাৰ কথা। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ