--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলত এতিয়া যুদ্ধৰ বিভীষিকা। কেতিয়া ক’ত বোমা ফুটে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে। এনে সময়তে যুদ্ধবিধ্বস্ত ইজৰাইলৰ পৰা আন ২৬৮ জন ভাৰতীয় ঘৰলৈ উভতি আহিছে। কেন্দ্ৰই ইজৰাইলত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ অপাৰেচন অজয় আৰম্ভ কৰিছে। 

এই অভিযানৰ অধীনতে  পঞ্চম খন বিমানেৰে বুধবাৰে ২৬৮গৰাকী ভাৰতীয়ই নিজৰ দেশত ভৰি দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এক্স-হেণ্ডেলত এই কথা প্ৰকাশ কৰিছে। ভাৰতীয়সকলৰ উপৰি যাত্ৰীসকলৰ ভিতৰত ১৮গৰাকী  জন নেপালৰ নাগৰিকো আছে।

"১৮গৰাকী  নেপালৰ নাগৰিকসহ ২৮৬ জন যাত্ৰী পঞ্চমখন  বিমানেৰে নতুন দিল্লীত উপস্থিত হৈছে। তেওঁলোকক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উষ্ম আদৰণি জনায়।

ইজৰাইলত ১৮,০০০ ভাৰতীয়ই বাস কৰে আৰু তাত কাম কৰে। তেওঁলোকৰ বহুতেই শিক্ষাৰ্থী। বহুতে আইটি কৰ্মী। সাম্প্ৰতিক পৰিস্থিতিত, তেওঁলোক বিপদত পৰিছে। কেইদিনমান আগতে হামাছে  গাজা অঞ্চলৰ পৰা ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিছিল। একে সময়তে, বহু সন্ত্ৰাসবাদীয়ে ইজৰাইলত  প্ৰৱেশ কৰিছিল। 

এতিয়াও সাধাৰণ নাগৰিকৰ ওপৰত হামাছৰ অত্যাচাৰ অব্যাহত আছে। হামাছ-ইজৰাইল সংঘৰ্ষত এতিয়ালৈকে ৪,০০০ ৰৰো অধিক লোক নিহত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন বৰ্তমান তেল আভিভত আছে। মাৰ্কিন  ৰাষ্ট্ৰপতি জো বিডেনেও বুধবাৰে যুদ্ধবিধ্বস্ত ইজৰাইল ভ্ৰমণ কৰাৰ কথা। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু