--°C
Loading...
Listen to Article
2 min read
80%
কুকৰ নহয়, মেকুৰী ও আপোনাৰ জীৱনৰ সংগী হ'ব পাৰে। মেকুৰী আৰু মানুহৰ সম্পৰ্ক খুবেই নিবিড়। নিংসগ মানুহৰ বহুসময়ত মেকুৰী হৈ পৰে একমাত্ৰ সংগী।

মেকুৰী আৰু মানুহৰ সম্পৰ্ক খুবেই নিবিড়। নিংসগ মানুহৰ বহুসময়ত মেকুৰী হৈ পৰে একমাত্ৰ সংগী। বহুসময়ত দেখা যায় যে, মানুহৰ দৰে মেকুৰীয়েই মানুহৰ লগত খং, অভিমান, আহাৰ, টিভি চোৱা আমি দেখি আহিছো। মানুহৰ লগত উঠা-বহা মেকুৰী বহুসময়ত মানুহৰ পৰিয়ালৰ এজন হৈ পৰে মেকুৰী।

মেকুৰী বোৰ পৃথিৱীৰ সকলো মহাদেশত স্থায়ীভাৱে বাস কৰা সাধাৰণ পোহনীয়া জন্তু, আৰু তেওঁলোকৰ বিশ্বব্যাপী জনসংখ্যা 200 নিযুতৰ পৰা 600 নিযুতলৈকে আকলন কৰা হৈছে। ১৯৯৮ চনত ইউৰোপত প্ৰায় ৭৬ নিযুত মেকুৰী, জাপানত ৭ নিযুত আৰু অষ্ট্ৰেলিয়াত ৩ নিযুত মেকুৰী আছিল। ২০০৭ চনৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে প্ৰায় ৩৭ নিযুত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিয়ালত মেকুৰী আছিল, প্ৰতি টো ঘৰত গড়ে ২.২ টা মেকুৰী আছিল যি মুঠ জনসংখ্যা প্ৰায় ৮২ নিযুত আছিল; ইয়াৰ বিপৰীতে, সেই দেশত প্ৰায় ৭২নিযুত পোহনীয়া কুকুৰ আছে। [8] মেকুৰীবোৰে প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত পোহনীয়া জন্তু হিচাপে সংখ্যাত কুকুৰ অতিক্ৰম কৰিছিল, 


উল্লেখ্য যে, প্ৰত্যেক বছৰে ৮ আগষ্টৰ দিনটো সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱস হিচাপে পালন কৰা হয়। ২০০২ চনত বন্যপ্ৰাণী কল্যাণ আন্তঃৰাষ্ট্ৰীয় পুঁজিয়ে ৮ আগষ্টৰ দিনটো মেকুৰী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়।
কিছু কিছু দেশত আৰম্ভণিৰ পৰা আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱসক বিশ্ব মেকুৰী দিৱস হিচাপেও পালন কৰি আহিছে। বৰ্তমান গোটেই বিশ্বতে এই দিৱস উদযাপন কৰা হয়।
উল্লেখ্য যে কেইবাখনো দেশে ৮ আগষ্টৰ দিনটো বেচৰকাৰী বন্ধ হিচাপেও পালন কৰে।
ইফালে আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱসৰ লগতে বহু কেইখন দেশে নিজাববীয়াকৈও এই দিৱস পালন কৰে। ৰাছিয়াই ৰাষ্ট্ৰীয় মেকুৰী দিৱস পালন কৰে ১ মাৰ্চত।
ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱসৰ লগতে বছৰে ২৯ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় মেকুৰী দিৱস হিচাপে পালন কৰে।
আনহাতে জাপানবাসীয়ে ২২ ফেব্ৰুৱাৰিৰ দিনটো পালন কৰে মেকুৰী দিৱস হিচাপে আৰু সেই দিনটো তেওঁলোকৰ বাবে বেচৰকাৰী বন্ধ সদৃশ হৈ পৰে।
এই বিৰল প্ৰজাতিটোক কেনেকৈ সহায় তথা সুৰক্ষা প্ৰদান কৰিব পাৰি সেইবোৰৰ বিষয়ে সজাগ কৰাটোৱেই হ’ল আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱস পালনৰ উদ্দেশ্যে। উল্লেখ্য যে চ’চিয়েল মিডিয়াই আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱসক এতিয়া অন্য এক মাত্ৰা প্ৰদান কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ছ’চিয়েল মিডিয়াত মেকুৰীৰ ফ’টো আৰু ভিডিঅ’ চেয়াৰ কৰি জন্তু বিধৰ প্ৰতি থকা অপাৰ আনুগত্য প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ