--°C
Loading...
Listen to Article
2 min read
80%

পালাকাড: বৃহস্পতিবাৰে কেৰালাৰ পালাকাদ জিলাৰ এটা কুকুৰা খাদ্য প্ৰকল্পত তেল নিৰ্গমনৰ ফলত অগ্নিনিৰ্বাপক বাহিনীসহ ২০ জন লোক আহত হয়। সন্ধিয়া প্ৰায় ৫ বজাত থিৰুভিজামকুন্নুৰ পাহাৰৰ টিলাত শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছিল। অগ্নিনিৰ্বাপক বাহিনীৰ এজন কৰ্মীসহ ৩জন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, আহত আটাইকেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

সংবাদ প্ৰতিষ্ঠান পিটিআই-ৰ আগত এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰে যে, ‘এনআৰআই-ৰ মালিকাধীন প্ৰকল্পটোৱে আজি এটা পৰীক্ষণ কাৰ্য চলাইছিল, কিন্তু তেল নিৰ্গমনৰ ফলত প্ৰকল্পটোক জুয়ে বেৰী ধৰে। তেওঁলোকে অগ্নিনিৰ্বাপক বাহিনী বিভাগৰ পৰা সহায় বিচাৰিছিল। অগ্নিনিৰ্বাপক বাহিনীয়েও জুই নিৰ্বাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু তেলভৰ্তি পাত্ৰৰ উত্তাপ মাত্ৰাধিক বৃদ্ধি পোৱাৰ ফলত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়।’ জানিব পৰা মতে, সম্প্ৰতি আহত আটাইকেইজনৰ অৱস্থা সুস্থিৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক