--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : মধ্যপ্ৰাচ্যত বিপদৰ আদি-অন্ত নাই। এইবাৰ নতুন বিপদৰ আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। এইবাৰ মধ্যপ্ৰাচ্যৰ দেশবোৰত ক’ভিডৰ ডেল্টা প্ৰকাৰে চতুৰ্থ লহৰ সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰা হৈছে। মধ্যপ্ৰাচ্যৰ দেশবোৰত ভাৰতত প্ৰথমে চিহ্নিত হোৱা কোভিডৰ ডেল্টা সংস্কৰণে অধিক সংক্ৰামক ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

অতি সংক্ৰামক হিচাপে পৰিচিত ক’ভিডৰ এই ডেল্টা প্ৰকাৰৰ প্ৰভাৱত মধ্যপ্ৰাচ্যৰ অতি কম পৰিমাণে টিকাকৰণ হোৱা দেশবোৰত নতুন বিপদ কঢ়িয়াই অনাৰ আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। মৰক্কোৰ পৰা পাকিস্তানলৈকে বিস্তৃত মধ্যপ্ৰাচ্যৰ ২২খন দেশৰ ভিততৰ ১৫খনতে এই প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ তীব্ৰ হৈ উঠাৰ আশংকা কৰিছে সংস্থাই। ‘হুৰ তালিকাত থকা মধ্য প্ৰাচ্যৰ দেশবোৰত ডেল্টা সংস্কৰণৰ সংক্ৰমণ আৰু ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে।

সৰহসংখ্যক নতুনকৈ সংক্ৰমিত আৰু চিকিৎসাধীন লোকেই হৈছে প্ৰতিষেধক গ্ৰহণ নকৰা লোক। এই অঞ্চলত এতিয়া আমি ক’ভিডৰ চতুৰ্থ ঢৌৰ দিশে অগ্ৰসৰ হৈছোঁ।’ ‘হু’ৰ মধ্যপ্ৰাচ্য অঞ্চলৰ সঞ্চালক আহমেদ আল মানধাৰীয়ে এইকথা প্ৰকাশ কৰিছে। উল্লেখ্য যে, এই অঞ্চলত শেহতীয়াকৈ সংক্ৰমণ ৫৫শতাংশ আৰু মৃত্যু ১৫শতাংশ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement