--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যুদ্ধই অন্তহীন কাৰুণ্য আৰু নিষ্ঠুৰতাৰ বাহিৰে আৰুনো কি দিব পাৰে? বাৰম্বাৰ এই সত্যই মানুহক পীড়া দি আহিছে যদিও যুদ্ধৰ অৱসান হোৱা নাই। শেহতীয়াকৈ ভাৰতৰ চুবুৰীয়া আফগানিস্তানত চলিছে অস্থিৰতা। মাৰ্কিন বাহিনীৰ আকস্মিক পশ্চাৎগমনৰ পাছতে দেশখনত উত্থান ঘটিল তালিবানৰ। তালিবানে শাসনৰ গাদী দখলৰ পাছত তাত আইএছৰ দৰে বিশ্বত্ৰাস সন্ত্ৰাসবাদীয়েও সক্ৰিয়তা দেখুৱাবলৈ আৰম্ভ কৰিলে। কাবুল বিমানবন্দৰত আইএছৰ আক্ৰমণত নিহত হ’ল শতাধিক লোক। য’ত আছিল ১৩জন মাৰ্কিন সৈন্যও। এই আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ আমেৰিকাই চলালে প্ৰত্যাক্ৰমণ। প্ৰথমে দাবী কৰা হ’ল যে, আই এছৰ ঘাটীত মাৰ্কিন ড্ৰোন আক্ৰমণে প্ৰাণ কাঢ়িলে এই আক্ৰমণৰে জড়িত সন্ত্ৰাসবাদীক। কিন্তু শেহতীয়াকৈ ইয়াৰ আঁৰৰ সত্য পোহৰলৈ আহিছে। আমেৰিকাৰ ‘কৰুণ ভুলে’ কাবুলত ১০জন অসামৰিক লোকৰহে প্ৰাণ কাঢ়ি নিছিল বুলি শেহতীয়াকৈ দেশখনে স্বীকাৰ কৰিছে।

আইএছৰ ঘাটীক লক্ষ্য হিচাপে লৈ এই ড্ৰোন আক্ৰমণ চলোৱা বুলি দাবী কৰা হৈছিল যদিও এই আক্ৰমণত শিশু আৰু মহিলাসহ ১০জনকৈ নিৰীহ আফগান লোকৰ প্ৰাণ কাঢ়ি নিয়া বুলি সদৰি কৰিছে আমেৰিকাৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ জেনেৰেলে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ কমাণ্ডাৰ জেনেৰেল কেনেথ মেককেনজিয়ে সংবাদ মাধ্যমৰ আগত এই ভুলৰ কথা স্বীকাৰ কৰি কয়, ‘এই আক্ৰমণ আছিল এক কৰুণ ভুল।’ আনহাতে মাৰ্কিন প্ৰতিৰক্ষা সচিব লয়ড আষ্টিনে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি ক্ষমা প্ৰাৰ্থনাও কৰিছে। তেওঁ কয়, ‘মই এই আক্ৰমণত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালৰ লোকসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি ক্ষমা বিচাৰিছোঁ আৰু এই ভয়ংকৰ ভুলৰ পৰা শিক্ষা ল’বলৈ আমি চেষ্টা কৰিম।’ মাৰ্কিন চৰকাৰে ক্ষতিগ্ৰস্তৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বিষয়েও চিন্তা-চৰ্চা কৰি থকা বুলিও তেওঁ প্ৰকাশ কৰে।


মন কৰিবলগীয়া কথাটো হৈছে যে, কুৰি বছৰীয়া যুদ্ধৰ সময়ছোৱাত এনে নিদাৰুণ ভ্ৰান্তি আমেৰিকাই কিমানবাৰ কৰিছিল তাৰ সীমা-সংখ্যা নাই। তালিবানবিৰোধী যুঁজৰ নামত আফগানিস্তানক ধ্বংসস্তুপত পৰিণত কৰি অৱশেষত তালিবানৰ হাততে দেশখন এৰি গৈছিল আমেৰিকাই। আফগান ভূমি এৰাৰ প্ৰাকমুহূৰ্তত মাৰ্কিন সেনাৰ এই ‘ভুল’-এ তেওঁলোকৰ যুদ্ধোন্মাদ, ৰক্তলোলুপ আৰু অবিবেচক ৰূপটোকে যেন পুনৰ তুলি ধৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক