--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্ববিখ্যাত ‘টাইম’ আলোচনীৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০জন লোকৰ তালিকাৰ কথা কাৰো অবিদিত নহয়। প্ৰতিবছৰে এই তালিকা প্ৰস্তুত কৰি আহিছে আলোচনীখনে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। কিন্তু এইবাৰ এই তালিকাত সন্নিৱিষ্ট হোৱা এটা নামে বিশেষ চৰ্চা লাভ কৰিছে। কিছু পৰিমাণে হ’লেও এই নাম আছিল অবাঞ্চিত বা অপ্ৰত্যাশিত। কিন্তু বিশ্বৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিয়ে এই অবাঞ্চিতকো বাস্তৱ কৰি তুলিছে। ‘টাইম’ আলোচনীয়ে তেওঁকো ২০২১ চনৰ বিশ্বৰ এশগৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছে। তেওঁ হৈছে, আব্দুল ঘানী বৰাদাৰ। তালিবান নেতাজনৰ নতুন পৰিচয় হৈছে আফগানিস্তানৰ উপ-প্ৰধানমন্ত্ৰী। কেৱল এয়াই নহয় তেওঁ আছিল ‘ডোহা চুক্তি’ বা আফগানিস্তানত শান্তি প্ৰতিষ্ঠাৰ বাবে কৰা চুক্তিৰো অন্যতম মূল হোতা।

আফগানিস্তানত যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে ২০২০চনৰ ২৯ ফেব্ৰুৱাৰীত আমেৰিকা আৰু তালিবানৰ মাজত এই চুক্তি স্বাক্ষৰ হৈছিল। ইমান দিনে বৰাদাৰক এগৰাকী নীৰৱ আৰু গোপন নেতা হিচাপেই গণ্য কৰি অহা হৈছিল আৰু ৰাজহুৱা স্থানত তেওঁৰ উপস্থিতিও আছিল অতি নগন্য। তালিবানৰ মাজত তেওঁক এগৰাকী অতি নমনীয় নেতা হিচাপেই গণ্য কৰা হয়। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত আফগানৰ সংঘাত নিৰসনৰ বাবে নিয়োজিত বিশেষ মাৰ্কিন প্ৰতিনিধি জালমায় খলিলিজাদে দোহাত আনুষ্ঠানিকভাৱে এই শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল। এই চুক্তিত তালিবানক মুখ্যতঃ প্ৰতিনিধিত্ব কৰিছিল আব্দুল ঘানী বৰাদাৰে।

শেহতীয়াকৈ আফগানিস্তানত তালিবানৰ উত্থানৰ আঁৰত তেওঁ ভূমিকাৰ কথাও টাইম আলোচনীয়ে উল্লেখ কৰিছে। তেওঁৰ পৰামৰ্শমতেই তালিবান চৰকাৰে প্ৰায়বোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথাও উল্লেখ কৰে আলোচনীখনে। তালিবানৰ সহপ্ৰতিষ্ঠাপক হ’লেও তথা তালিবানৰ এই নতুন অৱতাৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিলেও চৰকাৰত তেওঁক নিম্নস্থান দিয়া বুলিও ধাৰণা কৰা হয়। এনেবোৰ পৰিঘটনাৰ মাজতে তেওঁক টাইমৰ এই এই বিশেষ তালিকালৈ নিৰ্বাচিত কৰাটো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
উল্লেখ্য যে, টাইমৰ এই তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম সন্নিৱিষ্ট কৰা হোৱা নাই। এই তালিকাৰ শীৰ্ষ থকা বিশ্ব নেতাকেইগৰাকী হৈছে, মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং, প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, প্ৰিন্স হেৰী আৰু মেঘান আদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ