--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্ববিখ্যাত ‘টাইম’ আলোচনীৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০জন লোকৰ তালিকাৰ কথা কাৰো অবিদিত নহয়। প্ৰতিবছৰে এই তালিকা প্ৰস্তুত কৰি আহিছে আলোচনীখনে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। কিন্তু এইবাৰ এই তালিকাত সন্নিৱিষ্ট হোৱা এটা নামে বিশেষ চৰ্চা লাভ কৰিছে। কিছু পৰিমাণে হ’লেও এই নাম আছিল অবাঞ্চিত বা অপ্ৰত্যাশিত। কিন্তু বিশ্বৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিয়ে এই অবাঞ্চিতকো বাস্তৱ কৰি তুলিছে। ‘টাইম’ আলোচনীয়ে তেওঁকো ২০২১ চনৰ বিশ্বৰ এশগৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছে। তেওঁ হৈছে, আব্দুল ঘানী বৰাদাৰ। তালিবান নেতাজনৰ নতুন পৰিচয় হৈছে আফগানিস্তানৰ উপ-প্ৰধানমন্ত্ৰী। কেৱল এয়াই নহয় তেওঁ আছিল ‘ডোহা চুক্তি’ বা আফগানিস্তানত শান্তি প্ৰতিষ্ঠাৰ বাবে কৰা চুক্তিৰো অন্যতম মূল হোতা।

আফগানিস্তানত যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে ২০২০চনৰ ২৯ ফেব্ৰুৱাৰীত আমেৰিকা আৰু তালিবানৰ মাজত এই চুক্তি স্বাক্ষৰ হৈছিল। ইমান দিনে বৰাদাৰক এগৰাকী নীৰৱ আৰু গোপন নেতা হিচাপেই গণ্য কৰি অহা হৈছিল আৰু ৰাজহুৱা স্থানত তেওঁৰ উপস্থিতিও আছিল অতি নগন্য। তালিবানৰ মাজত তেওঁক এগৰাকী অতি নমনীয় নেতা হিচাপেই গণ্য কৰা হয়। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত আফগানৰ সংঘাত নিৰসনৰ বাবে নিয়োজিত বিশেষ মাৰ্কিন প্ৰতিনিধি জালমায় খলিলিজাদে দোহাত আনুষ্ঠানিকভাৱে এই শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল। এই চুক্তিত তালিবানক মুখ্যতঃ প্ৰতিনিধিত্ব কৰিছিল আব্দুল ঘানী বৰাদাৰে।

শেহতীয়াকৈ আফগানিস্তানত তালিবানৰ উত্থানৰ আঁৰত তেওঁ ভূমিকাৰ কথাও টাইম আলোচনীয়ে উল্লেখ কৰিছে। তেওঁৰ পৰামৰ্শমতেই তালিবান চৰকাৰে প্ৰায়বোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথাও উল্লেখ কৰে আলোচনীখনে। তালিবানৰ সহপ্ৰতিষ্ঠাপক হ’লেও তথা তালিবানৰ এই নতুন অৱতাৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিলেও চৰকাৰত তেওঁক নিম্নস্থান দিয়া বুলিও ধাৰণা কৰা হয়। এনেবোৰ পৰিঘটনাৰ মাজতে তেওঁক টাইমৰ এই এই বিশেষ তালিকালৈ নিৰ্বাচিত কৰাটো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
উল্লেখ্য যে, টাইমৰ এই তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম সন্নিৱিষ্ট কৰা হোৱা নাই। এই তালিকাৰ শীৰ্ষ থকা বিশ্ব নেতাকেইগৰাকী হৈছে, মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং, প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, প্ৰিন্স হেৰী আৰু মেঘান আদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ