--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড লকডাউনৰ সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে এৰি থৈ যোৱা চাইকেলবোৰ ২১ লাখ টকাত নিলাম কৰা হৈছে৷ ২০২০ বৰ্ষৰ আৰম্ভণিতে ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিত দেশজোৰা লকডাউনৰ সময়ত প্ৰায় ২৫,০০০ প্ৰব্ৰজনকাৰী শ্ৰমিক হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত তেওঁলোকৰ কৰ্মস্থানৰ পৰা উত্তৰ প্ৰদেশ আৰু বিহাৰস্থিত তেওঁলোকৰ জন্মস্থানলৈ উভতি যাওঁতে চাইকেলেৰে উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত৷ আৰু সেই চাইকেলবোৰ দুবছৰে একে ঠাইতে থাকিল৷ উভতি নাহিল শ্ৰমিকবোৰ৷ হয়তো কোনোবাই পৃথিৱীৰ পৰাও ল’লে বিদায়! 

আৰু দুবছৰজোৰা অপেক্ষাৰ অন্তত চাহাৰনপুৰ জিলা প্ৰশাসনে  শ্ৰমিকসকলে এৰি থৈ যোৱা ৫,৪০০খন চাইকেল নিলাম কৰিছে৷ শুকুৰবাৰে চাইকেল নিলামৰ জৰিয়তে সংগ্ৰহ কৰা মুঠ ২১ লাখ ২ হাজাৰ টকা ৰাজ্যিক কোষাগাৰত জমা কৰা হৈছে বুলি সদৰৰ উপ-বিভাগীয় দণ্ডাধীশ (এছডিএম) কিঞ্চুক শ্ৰীবাস্তৱে সদৰী কৰে৷ শ্ৰীবাস্তৱে লগতে কয়, এই ধন কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া এতিয়া ৰাজ্য চৰকাৰৰ বিবেচনাধীন বিষয়৷

চাহাৰনপুৰ জিলা হৈছে হাৰিয়ানা, পঞ্জাব, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ প্ৰৱেশদ্বাৰ। চাহাৰনপুৰত উপস্থিত হোৱাৰ পাছত তেওঁলোকক ৰাধাস্বামী সৎচাং বেষ্টনীত ৰখা হৈছিল। তাৰ পাছত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক বাছত তেওঁলোকৰ জন্মস্থানলৈ প্ৰেৰণ কৰা হৈছিল আৰু প্ৰশাসনে তেওঁলোকক পিছত তেওঁলোকৰ চাইকেল সংগ্ৰহ কৰিবলৈ টোকেন প্ৰদান কৰিছিল৷

খোলা ৰখাই থোৱা চাইকেলবোৰ যোৱা দুবছৰত মামৰে ধৰিছে৷  যদিও ১৪,৬০০ শ্ৰমিকে পাছত চাহাৰনপুৰলৈ উভতি আহি তেওঁলোকৰ চাইকেল সংগ্ৰহ কৰিছিল, বাকী ৫,৪০০ খন চাইকেল স্ক্ৰেপলৈ পৰিণত হৈছিল।
আৰু সেয়ে দুবছৰ অপেক্ষা কৰাৰ পাছত প্ৰশাসনে চাইকেলবোৰ নিলাম কৰাৰ সিদ্ধান্ত লৈছিল বুলি  এছডিএমে সদৰী কৰে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু