--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড লকডাউনৰ সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে এৰি থৈ যোৱা চাইকেলবোৰ ২১ লাখ টকাত নিলাম কৰা হৈছে৷ ২০২০ বৰ্ষৰ আৰম্ভণিতে ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিত দেশজোৰা লকডাউনৰ সময়ত প্ৰায় ২৫,০০০ প্ৰব্ৰজনকাৰী শ্ৰমিক হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত তেওঁলোকৰ কৰ্মস্থানৰ পৰা উত্তৰ প্ৰদেশ আৰু বিহাৰস্থিত তেওঁলোকৰ জন্মস্থানলৈ উভতি যাওঁতে চাইকেলেৰে উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত৷ আৰু সেই চাইকেলবোৰ দুবছৰে একে ঠাইতে থাকিল৷ উভতি নাহিল শ্ৰমিকবোৰ৷ হয়তো কোনোবাই পৃথিৱীৰ পৰাও ল’লে বিদায়! 

আৰু দুবছৰজোৰা অপেক্ষাৰ অন্তত চাহাৰনপুৰ জিলা প্ৰশাসনে  শ্ৰমিকসকলে এৰি থৈ যোৱা ৫,৪০০খন চাইকেল নিলাম কৰিছে৷ শুকুৰবাৰে চাইকেল নিলামৰ জৰিয়তে সংগ্ৰহ কৰা মুঠ ২১ লাখ ২ হাজাৰ টকা ৰাজ্যিক কোষাগাৰত জমা কৰা হৈছে বুলি সদৰৰ উপ-বিভাগীয় দণ্ডাধীশ (এছডিএম) কিঞ্চুক শ্ৰীবাস্তৱে সদৰী কৰে৷ শ্ৰীবাস্তৱে লগতে কয়, এই ধন কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া এতিয়া ৰাজ্য চৰকাৰৰ বিবেচনাধীন বিষয়৷

চাহাৰনপুৰ জিলা হৈছে হাৰিয়ানা, পঞ্জাব, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ প্ৰৱেশদ্বাৰ। চাহাৰনপুৰত উপস্থিত হোৱাৰ পাছত তেওঁলোকক ৰাধাস্বামী সৎচাং বেষ্টনীত ৰখা হৈছিল। তাৰ পাছত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক বাছত তেওঁলোকৰ জন্মস্থানলৈ প্ৰেৰণ কৰা হৈছিল আৰু প্ৰশাসনে তেওঁলোকক পিছত তেওঁলোকৰ চাইকেল সংগ্ৰহ কৰিবলৈ টোকেন প্ৰদান কৰিছিল৷

খোলা ৰখাই থোৱা চাইকেলবোৰ যোৱা দুবছৰত মামৰে ধৰিছে৷  যদিও ১৪,৬০০ শ্ৰমিকে পাছত চাহাৰনপুৰলৈ উভতি আহি তেওঁলোকৰ চাইকেল সংগ্ৰহ কৰিছিল, বাকী ৫,৪০০ খন চাইকেল স্ক্ৰেপলৈ পৰিণত হৈছিল।
আৰু সেয়ে দুবছৰ অপেক্ষা কৰাৰ পাছত প্ৰশাসনে চাইকেলবোৰ নিলাম কৰাৰ সিদ্ধান্ত লৈছিল বুলি  এছডিএমে সদৰী কৰে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ