--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সময়ে সময়ে সস্তীয়া আৰু কাণ্ডজ্ঞানহীন মন্তব্যৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।  বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীৰ গুণগৰিমা বখানিবলৈ গৈ প্ৰায়েই হাঁহিয়াতৰ পাত্ৰ হৈছে পাত্ৰ। এই সম্বিত পাত্ৰই শেহতীয়াকৈ পুনৰ এবাৰ নিজৰ স্বভাৱসিদ্ধ তৰল যুক্তিৰে বাতৰিৰ শিৰোনামালৈ আহিছে। এইবাৰ সম্বিত পাত্ৰই উদ্ভাৱন কৰিছে দেশত ধৰ্ষণ হ্ৰাসৰ নতুন কাৰণ। মোদী চৰকাৰে বিপুল হাৰত নিৰ্মাণ কৰা শৌচালয়ৰ বাবে দেশত ধৰ্ষণ হ্ৰাস পাইছে বুলি অদ্ভুত যুক্তি দিছে সম্বিত পাত্ৰই।

দেওবাৰে দিল্লী বিজেপিৰ কাৰ্যালয়ত এক অনুষ্ঠানত ভাষণ দি পাত্ৰই কেন্দ্ৰত বিজেপি চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালৰ সাফল্যৰ ওপৰত আলোকপাত কৰে।এই অনুষ্ঠানতে সম্বিত পাত্ৰই উদ্ভট যুক্তিৰে কয় যে মোডী চৰকাৰে গাওঁসমূহত শৌচালয় নিৰ্মাণৰ ওপৰত জোৰ দিয়াৰ পিছত বহুতো ৰাজ্যত ধৰ্ষণৰ হাৰ হ্ৰাস পাইছে। 

পাত্ৰই কয় যে দেশত বেছিভাগ ধৰ্ষণৰ ঘটনা মহিলাসকলে অন্ধকাৰত শৌচ কৰিবলৈ বাহিৰলৈ যোৱাৰ সময়ত সংঘটিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ পৰিয়ালসমূহত এই ইজ্জতঘৰ স্বৰূপ শৌচালয় প্ৰদান কৰাৰ বাবে এতিয়া ধৰ্ষণৰ ঘটনা হ্ৰাস পাইছে। পাত্ৰই কয় যে এটা শৌচালয় মৰ্যাদা আৰু স্বাস্থ্যকে ধৰি বহুতো দিশৰ সৈতে সম্পৰ্কিত। 

পাত্ৰৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিদ্যালয়সমূহ ভ্ৰমণ কৰোঁতে কন্যা আৰু মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে। এই সময়ত তেওঁ উপলব্ধি কৰে যে ল'ৰাতকৈ ছোৱালীৰ বিদ্যালয় এৰাৰ হাৰ অধিক।বিদ্যালয়সমূহত শৌচালয় নথকাৰ বাবে এনে হৈছিল বুলি গৱেষণাই প্ৰমাণ কৰিছে বুলিও পাত্ৰই উল্লেখ কৰে।

"লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰাৰ সময়ত এজন প্ৰধানমন্ত্ৰীয়ে শৌচাগাৰৰ বিষয়ে কথা পাতিব পাৰিব বুলি কোনেও কেতিয়াও ভবা নাছিল, কিন্তু মোদীয়ে এইয়া কৰি দেখুৱাইছিল। মোদী হৈছে বিশ্বৰ প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে শৌচালয়ৰ কথা কৈছিল। বৰ্তমান, দেশৰ ছয় লাখতকৈও অধিক গাওঁ মুকলিত শৌচ মুক্ত হৈ পৰিছে।”- পাত্ৰই কয়।

পিছে পাত্ৰই কোৱাৰ দৰে প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ বা ধৰ্ষণৰ ঘটনা হ্ৰাস পাইছে নে? নেচ’নেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে ২০১৯ চনত প্ৰকাশ কৰা তথ্যমতে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ ১৬ শতাংশ বৃদ্ধি পাইছে।

কেৱল ২০১৮ চনৰ পৰা ২০১৯ চনলৈ এটা বৰ্ষতে দেশত এনে অপৰাধৰ ঘটনা ৭.৩ শতাংশ বৃদ্ধি পাইছে। ২০১৯ চনত দেশত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ৪,০৫,৮৬১ টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰে ২৫.৮ শতাংশ ধৰ্ষণৰ গোচৰ। আনহাতে ২০২০ বৰ্ষত দেশত ২৮,০০০ তকৈ অধিক ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। 

সম্প্ৰতি দেশত এনে ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে। ধৰ্ষণকে ধৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাক অন্যতম নিৰ্বাচনী ইছ্যু হিচাপে প্ৰক্ষেপ কৰি ২০১৪ চনত দেশৰ শাসনৰ গাদীত বহা মোদীৰ বিজেপি চৰকাৰৰ কাৰ্যকালত মহিলাৰ সকল সুৰক্ষিত নহয় বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰিছে। ইয়াৰ পিছতো সম্বিত পাত্ৰই একমাত্ৰ মোদী তথা বিজেপি চৰকাৰৰ গুণ গাবলৈ গৈ এইদৰে তৰল যুক্তিৰে মোদীৰ শাসনকালত ধৰ্ষণৰ ঘটনা হ্ৰাস পাইছে বুলি প্ৰকাশ কৰাটো আশ্চৰ্যজনক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ