--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰা এতিয়া সমগ্ৰ দেশবাসীৰেই নয়নৰ মণি। বিভিন্ন সংবাদ প্ৰতিষ্ঠানে তেওঁৰ সাক্ষাৎকাৰৰ অনুষ্ঠান পৰিৱেশন কৰিছে। নীৰজ চোপ্ৰাইও যথাসম্ভৱ সাক্ষাৎকাৰৰ অনুষ্ঠানসমূহত ভাগ লৈছে, বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে। কিন্তু শেহতীয়াকৈ এক সাক্ষাৎকাৰ অনুষ্ঠানৰ এটি প্ৰশ্নৰ উত্তৰ দিবলৈ অমান্তি হ’ল নীৰজ। তাৰো কাৰণ আছে।


দৰাচলতে প্ৰশ্নটোৱেই আছিল আপত্তিজনক আৰু অস্বস্তিকৰ। ইতিহাসবিদ ৰাজীৱ শেঠীয়ে সাক্ষাৎকাৰ অনুষ্ঠানৰ মাজতে সুধিলে সেই অবাঞ্চিত প্ৰশ্ন।
প্ৰশ্নটো আছিল, “ক্ৰীড়াৰ অনুশীলনৰ ব্যস্ততাৰ মাজত আপুনি আপোনাৰ যৌন জীৱনৰ ভাৰসাম্যতা কিদৰে বজাই ৰাখিছিল”? অৱশ্যেই প্ৰথমবাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ অমান্তি হয় নীৰজ। তেওঁৰ মুখমণ্ডলত প্ৰকট হৈ পৰে অস্বস্তিৰ ভাৱ। কিন্তু শেঠীও হাৰ মনা ভকত নহয়। তেওঁ পুনৰাই কৰে একেই প্ৰশ্ন। এইবাৰ নীৰজৰ উত্তৰ- - “ছ’ৰি ছাৰ, আই হেভ চেইড ছ’ৰি!”


যি নহওঁক, এইবাৰহে যেন সম্বিৎ ঘুৰি আহিল সাক্ষাৎ গ্ৰহণকাৰী ৰাজীৱ শেঠীৰ। নিজৰ প্ৰশ্নটোৰ বাবে ক্ষমা বিচাৰিলে তেওঁ।কিন্তু ইতিমধ্যেই নীৰজ চোপ্ৰাই অনলাইন ইণ্টাৰভিউটোৰ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। স্ংযোগ বিচ্ছিন্ন কৰাৰ আগেয়ে তেওঁ কয়, “আপোনাৰ প্ৰশ্নৰে মোৰ মন ভৰি গ’ল” (আপকে কুৱেশ্যন সে মন ভৰ গেয়া মেৰা)।
যি নহওঁক, ইতিমধ্যেই এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আৰু প্ৰত্যেকেই দিছে প্ৰশ্নকৰ্তা শেঠীক ধিক্কাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক