--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰা এতিয়া সমগ্ৰ দেশবাসীৰেই নয়নৰ মণি। বিভিন্ন সংবাদ প্ৰতিষ্ঠানে তেওঁৰ সাক্ষাৎকাৰৰ অনুষ্ঠান পৰিৱেশন কৰিছে। নীৰজ চোপ্ৰাইও যথাসম্ভৱ সাক্ষাৎকাৰৰ অনুষ্ঠানসমূহত ভাগ লৈছে, বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে। কিন্তু শেহতীয়াকৈ এক সাক্ষাৎকাৰ অনুষ্ঠানৰ এটি প্ৰশ্নৰ উত্তৰ দিবলৈ অমান্তি হ’ল নীৰজ। তাৰো কাৰণ আছে।


দৰাচলতে প্ৰশ্নটোৱেই আছিল আপত্তিজনক আৰু অস্বস্তিকৰ। ইতিহাসবিদ ৰাজীৱ শেঠীয়ে সাক্ষাৎকাৰ অনুষ্ঠানৰ মাজতে সুধিলে সেই অবাঞ্চিত প্ৰশ্ন।
প্ৰশ্নটো আছিল, “ক্ৰীড়াৰ অনুশীলনৰ ব্যস্ততাৰ মাজত আপুনি আপোনাৰ যৌন জীৱনৰ ভাৰসাম্যতা কিদৰে বজাই ৰাখিছিল”? অৱশ্যেই প্ৰথমবাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ অমান্তি হয় নীৰজ। তেওঁৰ মুখমণ্ডলত প্ৰকট হৈ পৰে অস্বস্তিৰ ভাৱ। কিন্তু শেঠীও হাৰ মনা ভকত নহয়। তেওঁ পুনৰাই কৰে একেই প্ৰশ্ন। এইবাৰ নীৰজৰ উত্তৰ- - “ছ’ৰি ছাৰ, আই হেভ চেইড ছ’ৰি!”


যি নহওঁক, এইবাৰহে যেন সম্বিৎ ঘুৰি আহিল সাক্ষাৎ গ্ৰহণকাৰী ৰাজীৱ শেঠীৰ। নিজৰ প্ৰশ্নটোৰ বাবে ক্ষমা বিচাৰিলে তেওঁ।কিন্তু ইতিমধ্যেই নীৰজ চোপ্ৰাই অনলাইন ইণ্টাৰভিউটোৰ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। স্ংযোগ বিচ্ছিন্ন কৰাৰ আগেয়ে তেওঁ কয়, “আপোনাৰ প্ৰশ্নৰে মোৰ মন ভৰি গ’ল” (আপকে কুৱেশ্যন সে মন ভৰ গেয়া মেৰা)।
যি নহওঁক, ইতিমধ্যেই এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আৰু প্ৰত্যেকেই দিছে প্ৰশ্নকৰ্তা শেঠীক ধিক্কাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য