--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : তলিবানৰাজত ‘নিউ নৰ্মেল’ক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে আফগান জনগণ। সোমবাৰে দেশখনত ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ত আৰম্ভ হয় পাঠদান। কিন্তু তালিবানী নীতি-নিয়ম মানিহে এই পাঠদান সম্ভৱ হৈছে।

তালিবানৰ পুনৰুত্থানৰ পাছতে দেশখনত পূৰ্বৰ তুলনাত অধিক উদাৰ আৰু প্ৰগতিশীল ৰাজত্বৰ প্ৰতিশ্ৰুতি দিছিল যদিও তালিবানী বৰ্বৰতা আৰু ৰক্ষণশীলতাৰ যে বিশেষ পৰিৱৰ্তন হোৱা নাই তাৰ প্ৰমাণ পোৱা গৈছে তালিবানী নীতিৰ শেহতীয়া নিদৰ্শনাত। তালিবানে নিৰ্ধাৰণ কৰি দিছে আফগান মহিলাই পিন্ধিবলগীয়া পোছাক, তেওঁলোকৰ কৰ্মক্ষেত্ৰৰ পৰিসীমা, আনকি তেওঁলোকে শ্ৰেণীকোঠাত কেনেকৈ বহিব তাৰো নিৰ্দেশনা।

আফগানিস্তানৰ ‘আমাজ নিউজ’ এজেন্সিয়ে প্ৰকাশ কৰা ভালেমান আলোকচিত্ৰত দেখা গৈছে যে, কিদৰে তালিবানৰ নিৰ্দেশ মানি আফগান বিশ্ববিদ্যালয়ত মহিলা শিক্ষাৰ্থীৰ বাবে পৰ্দা আঁৰি বিশেষ শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা হৈছে। একেটা শ্ৰেণীকোঠাতে ছাত্ৰৰ পৰা ছাত্ৰীক পৃথক কৰা হৈছে পৰ্দা টানি। আনকি তেওঁলোকক সম্পূৰ্ণ শৰীৰ ঢাকি কাপোৰ পিন্ধিবলৈ বাধ্য কৰোঁৱা হৈছে। কেৱল চকুহাল প্ৰকট হৈ থকা পোছাক পিন্ধিহে শ্ৰেণীকোঠাত উপস্থিত হ’ব পাৰিব আফগান যুৱতী। তালিবানৰ এই ৰক্ষণশীল নীতিয়ে দেশখনৰ নাৰী সমাজৰ ভৱিষ্যতো যে সীমাবদ্ধ কৰি পেলাব সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক