--°C
Loading...
Listen to Article
2 min read
80%

পুনে : পুনৰ শিহৰণকাৰী ধৰ্ষণকাণ্ড। এগাৰীক ১৩বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰা অভিযোগত গ্ৰেপ্তাৰ হ’ল সাতজনক লোক। মহাৰাষ্ট্ৰৰ পুনেত এই ঘটনা সংঘটিত হৈছে। পুনে আৰক্ষীয়ে সোমবাৰে এই বিষয়ে প্ৰকাশ কৰে। ঘটনাটো ৩১ আগষ্টৰ দিনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকীয়ে নিশাৰ ভাগত পুনে ৰে’ল ষ্টেচনত তেওঁৰ বন্ধুৰ বাবে অপেক্ষা কৰি আছিল। তেনে অৱস্থাতে এজন অটোৰিক্সা চালকে তেওঁক দেখা পায় আৰু তেওঁৰ ওপৰত নজৰ ৰাখে। কিশোৰীগৰাকীৰ বন্ধুজন আহি উপস্থিত নোহোৱাত অটোৰিক্সাৰ চালকজনে তেওঁক ৰিক্সাত উঠাই গন্তব্যস্থানলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে।

কিশোৰীগৰাকীক ঘৰত থোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে লোকজনে তেওঁৰ কেইজনমান বন্ধুক আমন্ত্ৰণ জনায়। নিশা বেছি হোৱাৰ দোহাই দি চালকজনে তেওঁলোকক সংগ দিবলৈ তেওঁৰ বন্ধুকেইজনক আমন্ত্ৰণ জনায়। তাৰ পাছতে কিশোৰীগৰাকীক চহৰখনত ঘূৰাই লৈ ফুৰাই চালকজনে তেওঁৰ বন্ধুকেইজনৰ সহযোগত কিশোৰীগৰাকীৰ একাধিক স্থানত দলবদ্ধ ধৰ্ষণ কৰে। তাৰ পাছত দুষ্কৃতিকাৰীকেইজনে মুম্বাই অভিমুখী এখন বাছত জোৰকৈ তুলি দিয়ে কিশোৰীগৰাকীক। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাক্ৰমৰ বিষয়ে প্ৰকাশ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰে যে, কিশোৰীগৰাকীৰ পিতৃয়ে কিশোৰীগৰাকী সন্ধানহীন হোৱা বুলি ৱানৱাড়ী আৰক্ষী থানাত অভিযোগ দাখিল কৰে। তাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু কিশোৰীগৰাকীক পুনেতে বিচাৰি পায়। কিশোৰীগৰাকী সাক্ষ্য গ্ৰহণ কৰাৰ পাছত আৰক্ষীয়ে সাতজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ভুক্তভোগী কিশোৰীগৰাকীৰ অৱস্থা এতিয়া সুস্থিৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান