--°C
Loading...
Listen to Article
2 min read
80%

পুনে : পুনৰ শিহৰণকাৰী ধৰ্ষণকাণ্ড। এগাৰীক ১৩বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰা অভিযোগত গ্ৰেপ্তাৰ হ’ল সাতজনক লোক। মহাৰাষ্ট্ৰৰ পুনেত এই ঘটনা সংঘটিত হৈছে। পুনে আৰক্ষীয়ে সোমবাৰে এই বিষয়ে প্ৰকাশ কৰে। ঘটনাটো ৩১ আগষ্টৰ দিনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকীয়ে নিশাৰ ভাগত পুনে ৰে’ল ষ্টেচনত তেওঁৰ বন্ধুৰ বাবে অপেক্ষা কৰি আছিল। তেনে অৱস্থাতে এজন অটোৰিক্সা চালকে তেওঁক দেখা পায় আৰু তেওঁৰ ওপৰত নজৰ ৰাখে। কিশোৰীগৰাকীৰ বন্ধুজন আহি উপস্থিত নোহোৱাত অটোৰিক্সাৰ চালকজনে তেওঁক ৰিক্সাত উঠাই গন্তব্যস্থানলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে।

কিশোৰীগৰাকীক ঘৰত থোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে লোকজনে তেওঁৰ কেইজনমান বন্ধুক আমন্ত্ৰণ জনায়। নিশা বেছি হোৱাৰ দোহাই দি চালকজনে তেওঁলোকক সংগ দিবলৈ তেওঁৰ বন্ধুকেইজনক আমন্ত্ৰণ জনায়। তাৰ পাছতে কিশোৰীগৰাকীক চহৰখনত ঘূৰাই লৈ ফুৰাই চালকজনে তেওঁৰ বন্ধুকেইজনৰ সহযোগত কিশোৰীগৰাকীৰ একাধিক স্থানত দলবদ্ধ ধৰ্ষণ কৰে। তাৰ পাছত দুষ্কৃতিকাৰীকেইজনে মুম্বাই অভিমুখী এখন বাছত জোৰকৈ তুলি দিয়ে কিশোৰীগৰাকীক। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাক্ৰমৰ বিষয়ে প্ৰকাশ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰে যে, কিশোৰীগৰাকীৰ পিতৃয়ে কিশোৰীগৰাকী সন্ধানহীন হোৱা বুলি ৱানৱাড়ী আৰক্ষী থানাত অভিযোগ দাখিল কৰে। তাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু কিশোৰীগৰাকীক পুনেতে বিচাৰি পায়। কিশোৰীগৰাকী সাক্ষ্য গ্ৰহণ কৰাৰ পাছত আৰক্ষীয়ে সাতজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ভুক্তভোগী কিশোৰীগৰাকীৰ অৱস্থা এতিয়া সুস্থিৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক