--°C
Loading...
Listen to Article
2 min read
80%

গাজিয়াবাদ : কোভিড সংক্ৰমণে দেশত দ্ৰুততৰ ৰূপ ধাৰণ কৰাৰ সময়তে এতিয়া নাটনি হৈছে প্ৰতিষেধকৰো। মহাৰাষ্ট্ৰৰ মুম্বা্ইত ২৬টা টিকাকৰণ কেন্দ্ৰ বন্ধ কৰি দিবলগীয়া হৈছে প্ৰতিষেধকৰ নাটনিৰ বাবে। মহাৰাষ্ট্ৰ চৰকাৰে প্ৰকাশ কৰে যে, তেওঁলোকে কেন্দ্ৰ পৰা অধিক পৰিমাণৰ প্ৰতিষেধক অহাৰ বাবে অপেক্ষা কৰি আছে। প্ৰতিষেধকৰ অভাৱৰ বাবে ইয়াৰে নৱী মুম্বাইত থকা ২৩টা টিকাকৰণ কেন্দ্ৰ বন্ধ কৰি দিবলগীয়া হৈছে। কেন্দ্ৰই দেশৰ ভিতৰতে আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্যখনক এইদিশত বঞ্চিত কৰাৰো অভিযোগ উঠিছে।

আৰু পঢ়িব পাৰিব :লালকিল্লাৰ হিংসাত জড়িত নাছিল দীপ সিদ্ধু!

মহাৰাষ্ট্ৰ চৰকাৰৰ সহযোগী দল এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে এই বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰে কথা পাতিছে। ইফালে, দিল্লীৰ সমীপৰ গাজিয়াবাদৰ একাধিক হাস্পতালত প্ৰতিষেধকৰ নাটনি হোৱা বুলি প্ৰকাশ কৰিছে। যোৱা সোমবাৰৰ পৰাই ভালেমান ব্যক্তিগত হাস্পতালত প্ৰতিষেধক নাইকিয়া হোৱা বুলি জানিব পৰা গৈছে। গাজিয়াবাদৰ ভালেমান চিকিৎসালয়ে জাননীযোগে প্ৰকাশ কৰিছে যে, তেওঁলোকৰ ওচৰত প্ৰতিষেধক মজুত নাই আৰু প্ৰতিষেধকৰ পৰৱৰ্তী ষ্টক কেতিয়া আহিব সেই লৈ তেওঁলোক নিশ্চিত নহয়।

আৰু পঢ়িব পাৰিব :সকলো ৰে’ল যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ নিয়ম উলংঘা কৰিলে বিহা হ’ব জৰিমনা

হাস্পতালৰ প্ৰৱেশ পথতে ফলক লগাই হাস্পতাল কৰ্তৃপক্ষই প্ৰতিষেধক মজুত নথকা কথা প্ৰকাশ কৰিছে আৰু প্ৰতিষেধক ল’ব বিচৰা লোকক ফোনযোগে যোগাযোগ কৰিহে আহিবলৈ আহ্বান জনাইছে। কেৱল গাজিয়াবাদতে নহয় ৰাজ্যখনৰ আন বিভিন্ন প্ৰান্তত প্ৰতিষেধকৰ নাটনি হোৱাৰ খবৰ প্ৰকাশ পাইছে আৰু বহু ঠাইত টিকাকৰণ স্থগিত ৰাখিবলগীয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ