--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত আমেৰিকান প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি সাংসদ কংগনা ৰানাৱটে। মাণ্ডীৰ সাংসদগৰাকীয়ে দাবী কৰে যে গুজৰাটেই হওক বা আন যিকোনো ৰাজ্যই হওক বিগত দশকত কোনো ধৰণৰ বিবাদ সংঘটিত হোৱা নাই।আগতে আমি প্ৰতিদিনে শুনিছিলোঁ যে বোমা বিস্ফোৰণ ঘটিছে, বিমান হাইজেক হৈছে, হোটেলত আক্ৰমণ হৈছে, কিন্তু বৰ্তমান এনেকুৱা একো দেখা পোৱা নাই ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত বিজেপি সাংসদগৰাকীয়ে কয়, "এনেদৰে আমি স্বাধীনতাৰ উশাহ লৈ আছো। প্ৰশাসন, চৰকাৰ, গৃহ মন্ত্ৰণালয় আৰু প্ৰধানমন্ত্ৰীৰ বাবে এইটো সহজ কাম নহয়। আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। দেশৰ নিৰাপত্তা বাহিনীক লৈ আমি কৃতজ্ঞ হোৱা উচিত।"

গুজৰাট বিবাদৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিলে লেক্স ফ্ৰিডমেনে। লেক্স ফ্ৰিডমেনে সুধিলে যে সেই কাণ্ডৰ পৰা আপুনি কি শিকিলে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গুজৰাট বিবাদৰ আগৰ আঠ-দহ মাহত বিশ্ব পৰ্যায়ত সন্ত্ৰাসবাদ, ৰক্তপাত আৰু নিৰীহ লোকৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছিল, এইদৰে অশান্তিৰ সৃষ্টি কৰিবলৈ এটা ফিৰিঙতিয়েই যথেষ্ট। কিন্তু এতিয়া ইয়াত শান্তিপূৰ্ণ পৰিৱেশ ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘২০০১ চনৰ ৭ অক্টোবৰত মুখ্যমন্ত্ৰী হৈছিলো। তেতিয়া মোৰ আটাইতকৈ ডাঙৰ দায়িত্ব আছিল গুজৰাটৰ ভূমিকম্পৰ পিছত পুনৰ্বাসনৰ কাম কৰা। শপত লোৱাৰ পিছত প্ৰথম দিনাৰ পৰাই এই কামত জড়িত হৈ পৰিলোঁ।’ তেওঁ লগতে কয় যে যদি আমি ২০০২ চনৰ আগৰ তথ্য চাওঁ তেন্তে গুজৰাটত ২৫০ টাতকৈও অধিক বৃহৎ বিবাদ সংঘটিত হৈছিল। ১৯৬৯ চনত সংঘটিত হোৱা এই বিবাদ ছমাহ ধৰি চলিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আদালতে ইয়াক (গুজৰাট দাঙ্গা) দুবাৰ বিশ্লেষণ কৰিছিল। অপৰাধ সংঘটিত কৰাসকলৰ বাবে আদালতে নিজৰ কাৰ্য কৰিলে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল ২০০২ চনৰ পাছত কোনো বৃহৎ বিবাদ সংঘটিত হোৱা নাই ৷ বৰ্তমান গুজৰাটত সম্পূৰ্ণ শান্তি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ