--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  বহাগ বিহুৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নির্বাচন। উচ্চ ন্যায়ালয়ৰ বাধা আঁতৰিল যদিও মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব পৰা নাছিল। অহা ২৮/২৯ মাৰ্চৰ ভিতৰত পৰীক্ষাসমূহ শেষ হ'ব। ৰাজ্যিক নির্বাচন আয়োগে পৰীক্ষা শেষ হোৱাৰ লগে লগে নিৰ্বাচনৰ দিন ঘোষণা কৰিলে অহা ৩০ এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। 

উল্লেখযোগ্য যে বিধানসভা, লোকসভাৰ সমষ্টিসমূহ পুনৰ গঠনৰ পাছত পঞ্চায়ত এলেকাসমূহো পুনৰ গঠন কৰা হৈছিল। পুনৰ গঠিত ৩৯৭খন জিলা পৰিষদ, ১৮১ আঞ্চলিক পঞ্চায়ত সদস্যৰ লগতে ২১৯৩খন গাঁও পঞ্চায়তৰ বাবে ২১৯৩০টা ৱাৰ্ড সদস্যৰ বাবে পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ৰঙালী বিহুও চলি থাকিব, পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিও চলি থাকিব। 

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহ পূৰণৰ বাবে আজি ঘোষিত এ ডি আৰ ইত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষা মে'ৰ পৰা জুনলৈ চলিব বুলিও মুখ্যমন্ত্রীয়ে কয়। পঞ্চায়ত নিৰ্বাচনৰ আৰ্হি আচৰণ বিধিৰ বাবে এপ্রিলত মৌখিক সাক্ষাৎকাৰ ল'ব পৰা নাযাব। এটা দিনত এশ-ডেৰশ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ লোৱাহে সম্ভৱ, সেয়েহে সাক্ষাৎকাৰ প্রায় ডেৰমাহমান ধৰি চলিব। শুকুৰবাৰে ঘোষিত এ ডি আৰ ইৰ কাট অফ্ মার্কছ ঊর্ধ্ব হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মেধাৰ ওপৰত কাট অফ্ মার্কছ নিৰ্ধাৰিত হয়। এই মার্কছ কোনেও বৃদ্ধিও কৰিব নোৱাৰে, কমাবও নোৱাৰে। বেছি চোকা ল'ৰা-ছোৱালী যেতিয়া সোমাই যায় তেতিয়াই কাট অফ্ মার্কছ বৃদ্ধি পায়। তেওঁ আৰু কয় যে বিজ্ঞাপনত পদৰ সংখ্যা যিমান দিয়া আছে সিমানসংখ্যক পদতে নিযুক্তি হ'ব। পাছত পদ বঢ়াব নোৱাৰি। এই পদসমূহৰ নিযুক্তি বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালতে সম্পন্ন হ'ব বুলিও মুখ্যমন্ত্রীয়ে কয়। 

এন এইচ এমৰ কৰ্মচাৰীসকলে তিনিদিনীয়া কৰ্মবিৰতি পালন কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে তেওঁলোকক চৰকাৰে প্ৰৱঞ্চনা কৰা নাই। কাৰণ তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবত যি দৰমহা দিয়াৰ কথা কোৱা হৈছিল তাতোকৈ কমকৈ দিয়া নাই। বৰং প্ৰথমতে দিয়া দৰমহা বৃদ্ধিহে হৈছে। সকলোৱে প্ৰতিমাহৰ দৰমহা পাই আছে। গতিকে তেওঁলোকে প্রতিবাদ কৰাৰ কোনো যুক্তিযুক্ততা নাই বুলি মুখ্যমন্ত্রী ড° শর্মাই কয়। উল্লেখযোগ্য যে এন এইচ এমৰ কৰ্মচাৰীসকলে বিভিন্ন দাবীত তিনিদিনীয়া কর্মবিৰতি পালমাখবি প্রতিবাদী ভার্যসূচী গ্রহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ