--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়নৰ বিৰুদ্ধে দাখিল কৰা আবেদনক লৈ প্ৰশ্ন উত্থাপন উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ। আদালতে প্ৰশ্ন কৰে, যদি অবিবাহিত দম্পতীয়ে নিৰ্লজ্জভাৱে জীৱন কটাব পাৰে, তেন্তে পঞ্জীয়ন কেনেকৈ গোপনীয়তা উলংঘা হ'ল? আবেদনকাৰীসকলে লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন তেওঁলোকৰ গোপনীয়তাৰ উলংঘন বুলি কৈছিল। ১ এপ্ৰিলত এই গোচৰৰ শুনানি গ্ৰহণ কৰিব আদালতে।

ৰাজ্যখনৰ ইউনিফৰ্ম চিভিল কোডৰ অধীনত লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰে যে যেতিয়া প্ৰেমিক-প্ৰেমিকাই বিবাহ অবিহনে নিৰ্লজ্জভাৱে একেলগে বাস কৰি আছে, তেনেহ'লে পঞ্জীয়নে তেওঁলোকৰ গোপনীয়তা কেনেকৈ উলংঘা কৰিছে?

আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি নৰেন্দ্ৰ আৰু ন্যায়াধীশ আলোক মেহৰাৰ বিচাৰপীঠে কয়, "আপুনি সমাজত বাস কৰি আছে, হাবিৰ কোনো দুৰ্গম গুহাত বাস কৰি থকা নাই। ওচৰ-চুবুৰীয়াৰ পৰা সমাজলৈকে, লগতে আপোনাৰ আপোন মানুহ, বন্ধু-বান্ধৱ সকলোৱে দেখি আছে যে আপুনি বিবাহ নকৰোৱাকৈয়ে একেলগে বাস কৰি আছে তেন্তে লিভ-ইন ৰিলেচনৰ পঞ্জীয়নে আপোনাৰ গোপনীয়তাক কেনেকৈ খৰ্ব কৰিব পাৰে?"

আবেদনকাৰীসকলে আদালতত যুক্তি দিছিল যে বাধ্যতামূলক পঞ্জীয়নৰ ব্যৱস্থাটোৱে তেওঁলোকৰ গোপনীয়তাক উলংঘন কৰিব আৰু যদি তেওঁলোকে পঞ্জীয়ন নকৰে তেন্তে তেওঁলোকে জে’ল বা জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। তেওঁলোকে কয় যে আমাৰ মাজত বহুতো আন্তঃধৰ্মীয় অবিবাহিত দম্পতীও আছে, যাৰবাবে তেওঁলোকে সমাজত জীয়াই থকা আৰু সম্পৰ্ক পঞ্জীয়ন কৰাটো কঠিন হৈ পৰে।

উল্লেখ্য যে পিআইএল আৰু অন্যান্য আবেদন সন্দৰ্ভত আদালতে নিৰ্দেশ দিছিল যে ইউচিচিত অসন্তুষ্ট লোকসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে।

আবেদনকাৰীৰ অধিবক্তা অভিজয় নেগীয়ে কয় যে আমি ভাৰতত দেখিছো যে কিছুমান আন্তঃধৰ্মীয় দম্পতীৰ কি অৱস্থা হৈছে। আলমোৰা জিলাত জগদীশ নামৰ এজন যুৱকক কেৱল আন্তঃধৰ্মীয় দম্পতী হোৱাৰ বাবেই হত্যা কৰা হৈছিল।

এতিয়া আদালতে ১ এপ্ৰিলত আন অনুৰূপ আবেদনৰ লগতে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব। আদালতৰ এই পদক্ষেপে ৰাজ্যখনৰ বিতৰ্কিত ইউচিচিক কেন্দ্ৰ কৰি চলি থকা ৰাজহুৱা আলোচনাক আৰু অধিক উত্তপ্ত কৰি তুলিছে। আগন্তুক শুনানিত কি কি নতুন যুক্তি আগবঢ়াব আৰু ইয়াৰ ফলাফল কি হ’ব সেয়া হ’ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ